নিজ ভতিজাৰ প্ৰেমত পৰিল ৭ সন্তানৰ মাতৃ, স্বামীৰ পৰা ৩ লাখ টকা লৈ…
কিমান গভীৰ হ'ব পাৰে এই প্ৰেম? য'ত প্ৰেমৰ বাবে সাতটা সন্তানৰ এগৰাকী মাতৃয়ে নিজৰ ২২ বছৰীয়া ভতিজাক লৈ পলাই যায়। তাৰ পিছতে ভুক্তভোগী স্বামীয়ে শিশুকেইটাৰ সৈতে থানাত উপস্থিত হৈ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

প্ৰেমে নামানে জাতি-ধৰ্ম, নামানে বয়সৰ সীমা…! এই কথা আমি সকলোৱে জানো। প্ৰেমৰ বাবে মানুহে কি কি কৰিব পাৰে সেয়াও আমি দেখি থাকো। কিন্তু কিমান গভীৰ হ’ব পাৰে এই প্ৰেম। য’ত প্ৰেমৰ বাবে সাতটা সন্তানৰ এগৰাকী মাতৃয়ে নিজৰ ২২ বছৰীয়া ভতিজাক লৈ পলাই যায়। তাৰ পিছতে ভুক্তভোগী স্বামীয়ে শিশুকেইটাৰ সৈতে থানাত উপস্থিত হৈ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। উত্তৰ প্ৰদেশৰ ৰায়েবাৰেলীৰ মহাৰাজগঞ্জ কোতৱালি অঞ্চলৰ পিউৰে আচলি গাঁৱৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা।
আৰক্ষীয়ে জনোৱা মতে, পূৰ আচলি গাঁৱৰ বাসিন্দা ৰাজকুমাৰ পাছিয়ে বৰ্তমান দিল্লীৰ এটা ফাৰ্ম হাউচত মালিৰ কাম কৰে। ৰাজকুমাৰে ২ আগষ্টত পত্নী লালতীক গাঁৱলৈ পঠিয়াইছিল। তেওঁ নগদ ৩ লাখ টকাও দিছিল। গাঁৱত নির্মাণ হৈ থকা ঘৰটোৰ চালখন দিব বাবে লালতীক স্বামীয়ে দি পঠিয়াইছিল সেই ধন ৷ এসপ্তাহৰ পাছত ৰাজকুমাৰে গাঁৱত থকা ভাতৃৰ লগত যোগাযোগ কৰি নিৰ্মাণৰ সন্দৰ্ভত সোধা-পোছা কৰিলে, তেতিয়া তেওঁ গম পাই হতভম্ব হৈ পৰে যে তেওঁৰ পত্নীয়েও গাঁওলৈ যোৱাই নাছিল আৰু ঘৰ নিৰ্মাণৰ বাবে কোনো সামগ্ৰীও ক্ৰয় কৰা হোৱা নাছিল।
যেতিয়া ৰাজকুমাৰে আত্মীয়ৰ সৈতে যোগাযোগ কৰে তেতিয়া তেওঁ গম পালে যে তেওঁৰ পত্নী লালতী হাইদৰগড় থানা এলেকাৰ দেৱৈচা (মাজৰা লাহি) গাঁৱত আছে। লালতী দেৱী সেই ঘৰত ২২ বছৰীয়া ভতিজা উদয়ৰাজৰ লগত থাকে। তাৰ পিছত আত্মীয়ৰ সৈতে স্বামীয়ে যেতিয়া দেৱৈচা গাঁৱত উপস্থিত হয় তেতিয়া পত্নীয়ে স্পষ্টকৈ ক’লে যে উদয়ৰাজৰ সৈতে তেওঁ ক’ৰ্ট মেৰেজ হৈছে আৰু এতিয়া তেওঁৰ লগত থাকিব বিচাৰিছে। যেতিয়া স্বামীয়ে ল’ৰা-ছোৱালী কেইটাৰ বাবে বাবে কাতৰ অনুৰোধ কৰিছিল, তেতিয়া পত্নীয়ে তেওঁক স্তম্ভিত কৰি কৈছিল যে “এতিয়া তেওঁৰ ল’ৰা-ছোৱালীৰ লগত কোনো সম্পৰ্ক নাই।”
তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
নিৰাশ হৈ প্ৰাপ্ত ৰাজকুমাৰে অৱশেষত নিজৰ ৭ টা সন্তানৰ সৈতে কোতৱলী মহাৰাজগঞ্জত উপস্থিত হয় আৰু লিখিত অভিযোগ দি ন্যায়ৰ বাবে আবেদন জনায়। এই সন্দৰ্ভত কোতোৱাল জগদীশ যাদৱে কয় যে অভিযোগ লাভ কৰা হৈছে আৰু বিষয়টো তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এই ঘটনা কেৱল পাৰিবাৰিক বিবাদ নহয়, সামাজিক মূল্যবোধ, পাৰিবাৰিক দায়িত্ব আৰু শিশুৰ ভৱিষ্যতৰ সৈতে জড়িত এক গুৰুতৰ বিষয়। এনে ঘটনাক কেৱল ‘প্ৰেম’ বুলি উলাই কৰাৰ পৰিৱৰ্তে গুৰুতৰ সামাজিক আৰু আইনী দৃষ্টিকোণৰ পৰা চোৱাৰ প্ৰয়োজন আছে।
লগতে পঢ়ক: এবছৰত ১০ বাৰকৈ প্ৰেমিকৰ সৈতে পলায়ন বিবাহিত মহিলাৰ, ক’লে দুয়োৰে লগত….