শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰেনে? এইসমূহ খাদ্য খাবলৈ আৰম্ভ কৰক !

শৰীৰ চৰ্চাৰ সমান্তৰালভাৱে সঠিক খাদ্যই আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব। গতিকে আপুনি ওজন হ্ৰাস কৰিবলৈ তালিকাত এইসমূহ খাদ্য ৰাখক।

ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰেনে? এইসমূহ খাদ্য খাবলৈ আৰম্ভ কৰক !
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 26 Aug 2025 17:52 PM

সুস্থ জীৱন-যাপন কৰিবলৈ ওজন নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। বিভিন্ন ৰোগৰ মূল কাৰণ হৈছে মেদবহুলতা। আপোনাৰ যদি ওজন বৃদ্ধি পাইছে বা আপুনি যদি ওজন হ্ৰাস কৰাৰ কথা ভাবিছে তেন্তে প্ৰথমে খাদ্যৰ পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজন। শৰীৰ চৰ্চাৰ সমান্তৰালভাৱে সঠিক খাদ্যই আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব। গতিকে আপুনি ওজন হ্ৰাস কৰিবলৈ তালিকাত এইসমূহ খাদ্য ৰাখক।

তালিকাত এইসমূহ খাদ্য ৰাখক

শাক-পাচলি

শাক-পাচলিত ভিটামিন কে আৰু কেলচিয়াম, আইৰণ, মেগনেছিয়াম আদি প্ৰয়োজনীয় খনিজ পদাৰ্থ থাকে। যিবোৰ পেশী আৰু হাড়ৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। এই খাদ্যই আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

কণী আৰু মাছ

পুষ্টিবিদসকলে ওজন কমাব পৰা খাদ্যত কাৰ্বহাইড্ৰেটৰ পৰিমাণ হ্ৰাস কৰি প্ৰটিনৰ মাত্ৰা অধিক ৰাখিবলৈ পৰামৰ্শ দিয়ে। কণী আৰু মাছত প্ৰটিনৰ পৰিমাণ অতি বেছি। গতিকে ওজন হ্ৰাস কৰাত মাছ আৰু কণী উপকাৰী বুলি কোৱা হয়।

গুটি-শস্য

গুটি শস্যই দীৰ্ঘ সময় ধৰি পেট ভৰাই ৰাখে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰক সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান, যেনে- আইৰণ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফাইবাৰ আদি যোগান ধৰে।

দৈ

দৈত প্ৰটিন, কেলচিয়াম, ভিটামিন বি আৰু প্ৰ’বায়’টিক থাকে। প্ৰটিনে শৰীৰক অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে। ভিটামিন বিয়ে চুলি আৰু ছাল সুস্থ কৰি ৰাখি প্ৰাকৃতিক গ্লো বজাই ৰাখে। প্ৰ’বায়’টিকে পাচনতন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখে, গতিকে বিপাকীয় হাৰ বৃদ্ধি কৰে, যিটোৱে ওজন কমাবলৈ সহায় কৰে। ইয়াৰ কেলচিয়ামে হাড় আৰু পেশীৰ সুস্থ স্বাস্থ্য বজাই ৰখাতো সহায় কৰে।

ফলমূল

ভিটামিন চি আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থকা ফলবোৰ নিয়মিতভাৱে খাব লাগে। ওজন কমাবলৈ এই ফলবোৰ অতি উপকাৰী। একেদৰে যিহেতু ফলত আঁহ আৰু ভিটামিন থাকে, যাৰ বাবে শৰীৰ সুস্থ থাকে আৰু কেলৰি গ্ৰহণ নিয়ন্ত্ৰণ কৰিব পাৰি। আমলখি, কল, পকা অমিতা,আপেল – এই সকলোবোৰ সহজে উপলব্ধ। এই ফলবোৰে ওজন হ্ৰাস কৰাত সহায় কৰে।

চিকিৎসকৰ পৰামৰ্শ

যদি আপুনি ওজন কমাওঁতে কোনো অসুবিধাৰ সম্মুখীন হয়, তেন্তে এজন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।