শান্তিৰ নোবেল জয়ী মাচাদোৰ সৈতে মিল, ৰাহুল গান্ধীয়েও পাব নোবেল! কোনে কৰিলে তুলনা?
ৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চে শান্তি নোবেল বঁটা ঘোষণা কৰাৰ পাছতে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে সামাজিক মাধ্যম একাউণ্টত এক বিশেষ পোষ্ট কৰে। এফালে মাৰিয়া ক’ৰিনা মাচাদো আৰু আনফালে পাঁচবাৰৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ ছবি পোষ্ট কৰি তেওঁ তুলনাত্মক লেখা দিছে।

শুকুৰবাৰে ঘোষণা কৰা হয় ২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা। ৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চে এইবাৰ ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাদোক শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰিছে। দেশখনত গণতন্ত্ৰ প্ৰতিষ্ঠা আৰু দেশৰ জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে কৰা যুঁজৰ স্বীকৃতি স্বৰূপে মাচাদোলৈ এই বঁটা আগবঢ়োৱা বুলি উল্লেখ কৰা হৈছে। শান্তিৰ নোবেল বিজয়ীৰ নাম ঘোষণাৰ পিছতে কংগ্ৰেছৰ মুখপাত্ৰ সুৰেন্দ্ৰ ৰাজপুতে দলৰ নেতা তথা বিৰোধী নেতা ৰাহুল গান্ধীক নোবেলজয়ী মাচাদোৰ সৈতে তুলনা কৰে।
ৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চে শান্তি নোবেল বঁটা ঘোষণা কৰাৰ পাছতে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে সামাজিক মাধ্যম একাউণ্টত এক বিশেষ পোষ্ট কৰে। এফালে মাৰিয়া ক’ৰিনা মাচাদো আৰু আনফালে পাঁচবাৰৰ লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ ছবি পোষ্ট কৰি তেওঁ তুলনাত্মক লেখা দিছে।
তেওঁ লিখিছে, “এইবাৰ সংবিধান ৰক্ষা কৰাৰ বাবে ভেনিজুৱেলাৰ বিৰোধী নেতাগৰাকীক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। ভাৰতৰ বিৰোধী নেতা ৰাহুল গান্ধীয়েও দেশৰ সংবিধান ৰক্ষাৰ যুঁজত নেতৃত্ব দিছে।” যদিও তেওঁ পোনপটীয়াকৈ ৰাহুল গান্ধীৰ নাম শান্তিৰ নোবেলৰ দাবীদাৰ হিচাপে উল্লেখ কৰা নাছিল, তথাপি তেওঁৰ পোষ্টটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে।
इस बार का नोबल शांति पुरस्कार वेनेजुएला की विपक्ष की नेता को मिला है संविधान की रक्षा करने के लिये।
हिंदुस्तान 🇮🇳 के विपक्ष के नेता श्री राहुल गांधी देश के संविधान को बचाने की लड़ाई लड रहे है । pic.twitter.com/xcgfkJixlZ— Surendra Rajput (@ssrajputINC) October 10, 2025
বিগত সময়ছোৱাত কংগ্ৰেছে দলৰ নেতা ৰাহুল গান্ধীয়ে এন ডি এ চৰকাৰৰ একনায়কত্ববাদৰ বিৰুদ্ধে নিৰন্তৰ যুঁজিছে বুলি বাৰে বাৰে দাবী কৰি আহিছে। ভোট চুৰিৰ অভিযোগ তুলিও শেহতীয়াকৈ তেওঁ যথেষ্ট সৰৱ হৈ পৰিছে। গতিকে কংগ্ৰেছে এতিয়া ৰাহুল গান্ধীৰ বাবে শান্তিৰ নোবেল বঁটাৰ দাবী কৰিব নেকি বুলিও একাংশই সৰস চৰ্চা কৰিছে।