শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ইথিওপিয়াৰ আগ্নেয়গিৰি বিস্ফোৰণ! বিষাক্ত ডাৱৰে ছানি ধৰিছিল ভাৰতৰ আকাশ

ইথিওপিয়াৰ আগ্নেয়গিৰি বিস্ফোৰণ! বিষাক্ত ডাৱৰে ছানি ধৰিছিল ভাৰতৰ আকাশ

manas-borah
Manas Borah | Published: 26 Nov 2025 23:16 PM

দেওবাৰে হঠাতে হোৱা এই বিস্ফোৰণৰ ফলত বহু বিমানে দিশ সলনি কৰিবলগীয়া হয়। আনকি, প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ দূৰত্বত থকা এই আগ্নেয়গিৰি বিস্ফোৰণৰ প্ৰভাৱ ভাৰতৰ আকাশত দেখা গৈছিল।

১০ হাজাৰ বছৰৰ মূৰত বিস্ফোৰণ ঘটে ইথিওপিয়াৰ হাইলি গুব্বি আগ্নেয়গিৰি। দেওবাৰে হঠাতে হোৱা এই বিস্ফোৰণৰ ফলত বহু বিমানে দিশ সলনি কৰিবলগীয়া হয়। আনকি, প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ দূৰত্বত থকা এই আগ্নেয়গিৰি বিস্ফোৰণৰ প্ৰভাৱ ভাৰতৰ আকাশত দেখা গৈছিল। কেৰালাৰ কান্নুৰৰ পৰা ছৌদি আৰৱৰ আবুধাবিলৈ যোৱা এখন বিমানে দিশ সলনি কৰি আহমেদাবাদলৈ উভতি আহিবলগীয়া হয়। কেৱল সেয়াই নহয়, দিল্লীতো সলনি হয় বতাহ। ছাই আৰু চালফাৰ ডাই অক্সাইডৰ দৰে ‘বিষাক্ত ডাৱৰ’ ১৩০ কিলোমিটাৰ বেগত ভাৰতৰ উত্তৰ-পশ্চিম দিশ অৰ্থাৎ দিল্লী আৰু হাৰিয়ানাৰ দিশে বলিবলৈ ধৰে।

সৰ্বভাৰতীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, এই ‘বিষাক্ত বতাহ’ৰ এটা অংশ ইতিমধ্যে ৰাজস্থানত প্ৰৱেশ কৰে। ১২০ৰ পৰা ১৩০ কিলোমিটাৰ বেগত বলিছিল এই বতাহ। যিয়ে ক্ষন্তেকতে দিল্লীৰ কাষৰ বাকী অঞ্চলসমূহ সামৰি ল’ব পাৰে বুলি আশংকা কৰা হৈছিল। কিন্তু একাংশ বতৰ বিজ্ঞানীয়ে অনুমান কৰে যে, যিহেতু এই ‘বিষাক্ত ডাৱৰ’ মাটিৰ পৰা ৪৫,০০০ ফুট উচ্চতাত থাকিব, গতিকে প্ৰত্যক্ষ ক্ষতি বা প্ৰভাৱ পৰাৰ কোনো সম্ভাৱনা নাথাকে।