ৰাজপথত দাউদাউকৈ জ্বলিল যাত্ৰীবাহী বাছ, নিমিষতে প্ৰাণ হেৰুৱালে কমেও ২০ জনে
চকুৰ পলকতে ভয়ংকৰ দুৰ্ঘটনা। হঠাৎ দাউ দাউকৈ জ্বলি উঠে এখন বাছ। এই দুৰ্ঘটনাত নিমিষতে প্ৰাণ হেৰুৱালে কমেও ২০ জন লোকে। কত সংঘটিত হৈছে দুৰ্ঘটনাটো সবিশেষ জানো আহক...

মঙলবাৰে ৰাজস্থানৰ জয়ছালমেৰ জিলাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। জয়ছলমেৰৰ পৰা যোধপুৰলৈ যোৱা এখন ব্যক্তিগত বাছত ৱাৰ মিউজিয়ামৰ সমীপত হয় অগ্নিদগ্ধ। বাছখন ৰাজপথত জ্বলি যোৱাৰ ফলত ভিতৰৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ৫৭ জন যাত্ৰী কঢ়িয়াই আনিছিল বাছখনত। এই দুৰ্ঘটনাত প্ৰায় ১২ জন যাত্ৰীৰ মৃত্যু হয়। আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। ইতিমধ্যে আহতসকলক জৱাহৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই আহতসকলৰ উপযুক্ত চিকিৎসাৰ নিৰ্দেশ দিয়ে।
বাছখনত ৫৭ জন যাত্ৰী আছিল
খবৰ অনুসৰি বাছখন জয়ছলমেৰৰ পৰা যোধপুৰলৈ গৈ আছিল। ৱাৰ মিউজিয়ামত উপস্থিত হোৱাৰ লগে লগে বাছখনৰ পৰা হঠাতে ধোঁৱা ওলাবলৈ ধৰিলে আৰু কেইছেকেণ্ডমানৰ ভিতৰতে অগ্নিদগ্ধ হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত আছিল ৫৭ জন যাত্ৰী। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে একাংশ যাত্ৰী খিৰিকী-দুৱাৰৰ মাজেৰে পলায়ন কৰে যদিও আন কিছুমান আবদ্ধ হৈ অগ্নিদগ্ধ হয়। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে অহৰহ জুই নুমাবলৈ চেষ্টা কৰে।