শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Vande Bharat: সফল ট্ৰাইল ৰাণত ঘণ্টাত ১৬০ কিলোমিটাৰ গতিবেগ লাভ কৰিলে বন্দে ভাৰত এক্সপ্ৰেছে

বন্দে ভাৰত এক্সপ্ৰেছে (KAVACH ব্যৱস্থাৰে সজ্জিত) ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত সফলতাৰে পৰীক্ষামূলক চলাচল সম্পন্ন কৰে। এই পৰীক্ষাৰ ফলত বুজা গৈছে যে, ইষ্ট চেণ্ট্ৰেল ৰে'লৱেৰ উন্নয়নৰ গতি যথেষ্ট ত্বৰান্বিত হৈছে।

Vande Bharat: সফল ট্ৰাইল ৰাণত ঘণ্টাত ১৬০ কিলোমিটাৰ গতিবেগ লাভ কৰিলে বন্দে ভাৰত এক্সপ্ৰেছে
বন্দে ভাৰত
manas-borah
Manas Borah | Published: 15 Oct 2025 13:40 PM

প্ৰযুক্তি আৰু সুৰক্ষাৰ নতুন যুগত প্ৰৱেশ কৰিছে ভাৰতীয় ৰে’লৱে। বন্দে ভাৰত এক্সপ্ৰেছ (KAVACH ব্যৱস্থাৰে সজ্জিত) গয়া আৰু সৰমাতান্দ ষ্টেচনৰ মাজত ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত সফলতাৰে পৰীক্ষামূলক চলাচল সম্পন্ন হয়। এই পৰীক্ষাৰ ফলত বুজা গৈছে যে, ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ উন্নয়নৰ গতি যথেষ্ট ত্বৰান্বিত হৈছে। ৰাজধানী, দুৰন্ত আৰু অন্যান্য দ্ৰুতবেগী ৰে’লৰ পৰিচালনাৰ বাবেও নতুন সম্ভাৱনা পথ মুকলি কৰিছে।

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ জেনেৰেল মেনেজাৰ, হাজীপুৰৰ প্ৰিঞ্চিপাল চিফ্‌ চিগনেল আৰু টেলিকমিউনিকেচন ইঞ্জিনিয়াৰ, ডিডিইউ-ধনবাদ সংমণ্ডলৰ সহযোগত প্ৰায় ৮৮ কিলোমিটাৰ ট্ৰেকত এই পৰীক্ষামূলক চলাচল সম্পন্ন কৰা হয়। বৰ্তমান দিল্লী-হাওৰা পথত ৰে’লৰ সৰ্বোচ্চ গতি ঘণ্টাত ১৩০ কিলোমিটাৰ। অৱশ্যে এই গতিবেগ ঘণ্টাত ১৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ কাম চলি আছে। গয়া জংচনৰ পৰা প্ৰধানখণ্টালৈ ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত ৰে’ল চলাবলৈও প্ৰস্তুতি চলি আছে।

এই পৰীক্ষাত ইটালীৰ এটা দলেও অংশগ্ৰহণ কৰিছে। প্ৰথম অৱস্থাত এটা ইঞ্জিনেৰে দুদিনীয়া ট্ৰায়েল কৰা হৈছিল। তাৰ পিছত ১০ টা এইচ এল বি ডবাৰ ৰেক চলোৱা হয়। আৰু শেষত বন্দে ভাৰত এক্সপ্ৰেছৰ দ্বাৰা স্পীড ট্ৰায়েল কৰা হয়। এই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰে’ল মন্ত্ৰীয়ে বিষয়া নিযুক্তি দিয়ে।

এই পৰীক্ষাৰ সফলতাত ধনবাদ সংমণ্ডলৰ জ্যেষ্ঠ ডি অ’ এম অঞ্জয় তিৱাৰী, ডি ডি ইউ সংমণ্ডলৰ জ্যেষ্ঠ ডি অ’ এম কেশৱ আনন্দ আৰু দনাপুৰ সংমণ্ডলৰ সুধাংশু ৰঞ্জনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰে’লৱেৰ বিষয়াসকলে আশা কৰিছে যে, ৰে’ল যাত্ৰীসকলে অতি সোনকালে দ্ৰুত, নিৰাপদ আৰু অত্যাধুনিক যাত্ৰাৰ অভিজ্ঞতা লাভ কৰিব। ঘণ্টাত ১৬০ কিলোমিটাৰ গতিবেগ সঁচাকৈয়ে ৰে’লৱেৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন।

ভৱিষ্যতে এই গতিবেগ ঘণ্টাত ২০০ কিলোমিটাৰ হ’ব পাৰে। ইফালে ৰে’লৱেৰ সূত্ৰ অনুসৰি, ৰে’লৱেই ঘণ্টাত ১৮০ কিলোমিটাৰ বেগত পৰীক্ষামূলক ৰে’ল চলাবলৈও প্ৰস্তুতি আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে, দিল্লী আৰু হাওৰা-কোদৰমাৰ মাজত ১৬০ কিলোমিটাৰ বেগত ৰে’ল চলাবলৈ সাজু হৈছে ৰে’লৱে। ইয়াৰ বাবে হাওৰাৰ পৰা দিল্লীলৈ ধনবাদ-কোদৰমা-ডিডিইউ পথৰ দুয়োকাষে ৰে’লৱেও দেৱাল নিৰ্মাণ কৰিছে। কাৰণ ৰে’ল চলি থকাৰ সময়ত গৰু-ম’হ বা মানুহে যাতে ৰে’লপথ পাৰ হ’ব নোৱাৰে।