শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজনীতি কষ্টকৰ আৰু আটাইতকৈ কম দৰমহা পোৱা চাকৰি: কংগনা ৰাণাৱট

পোনপটীয়াকৈ ৰাজনীতিত অহা কংগনাই অভিলেখ সংখ্যক ভোট লাভ কৰি হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিত জয়লাভ কৰে। তেওঁ বিজেপিৰ এগৰাকী তাৰকা সাংসদ। সকলো ঠিকেই চলি আছিল। কিন্তু হঠাৎ ৰাজনীতিক লৈ সুৰ সলনি হৈছে কংগনা ৰাণাৱতৰ।

ৰাজনীতি কষ্টকৰ আৰু আটাইতকৈ কম দৰমহা পোৱা চাকৰি: কংগনা ৰাণাৱট
কংগনা ৰাণাৱট
trishna-kalita
Trishna Kalita | Updated On: 15 Oct 2025 17:43 PM

ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে কংগনা ৰাণাৱতে নিজৰ ছ’চিয়েল মিডিয়া পোষ্টযোগে বুজাই দিছিল যে দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি তেওঁ কিমান ভালদৰে সচেতন। পোনপটীয়াকৈ ৰাজনীতিত অহা কংগনাই অভিলেখ সংখ্যক ভোট লাভ কৰি হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিত জয়লাভ কৰে। তেওঁ বিজেপিৰ এগৰাকী তাৰকা সাংসদ।

সকলো ঠিকেই চলি আছিল। কিন্তু হঠাৎ ৰাজনীতিক লৈ সুৰ সলনি হৈছে কংগনা ৰাণাৱটৰ । সংসদ সদস্য হোৱাৰ বাবে বৰবেছি সুখী নহয় কংগনা। তেওঁৰ ইংগিতে  স্পষ্ট কৰি দিছে সকলো। আৰু সেই ইংগিত পুনৰ পোৱা গ’ল কংগনাৰ নতুন ইনষ্টাগ্ৰাম ষ্ট’ৰীত।

শেহতীয়াকৈ কংগনাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপীৰ এক সাক্ষাৎকাৰ শ্বেয়াৰ কৰিছিল। য’ত সুৰেশে কয় যে, তেওঁ ৰাজনীতি এৰি অভিনয়লৈ ঘূৰি আহিব বিচাৰে। য’ত কংগনাই লিখিছে যে, ৰাজনীতি এনে এটা বৃত্তি যাৰ পথ সহজ নহয়, কষ্টকৰ।

তেওঁ লিখিছে, “ৰাজনীতি এটা অতি কঠোৰ বৃত্তি আৰু এতিয়ালৈকে আটাইতকৈ কম দৰমহা পোৱা কাম। খৰচ বহুত বেছি,আৰু শিল্পীসকলকে নিজৰ পেছাক সময় দিলে তেওঁলোকৰ দক্ষতা আৰু কৰ্মক লৈ প্ৰশ্ন উত্থাপন হয়।” কংগনা ইয়াতেই শেষ হোৱা নাছিল। তেওঁৰ মতে ৰাজনীতিত ভাল প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকক নিজৰ পেছাত কাম কৰিবলৈও দিয়া উচিত।

Kangana Ranaut Instagram Post

কংগনাৰ শেহতীয়াকৈ মুক্তি পোৱা ছবি ইমাৰ্জেন্সি বক্স অফিচত ফ্লপ হৈছিল। তাৰ পিছৰে পৰা কংগনা চিনেমাৰ পৰ্দাৰ পৰা আঁতৰি আছে। ৰাজনীতিৰ ক্ষেত্ৰখনত ভৰি দিয়াৰ পিছতো কংগনাই বিশেষ একো কৰিব পৰা নাই। আচলতে কংগনাৰ প্ৰডাকচন কোম্পানীত কেইবামাহো ধৰি বিশেষ কাম হোৱা নাই। হিমাচলত কিবাকৈ চলি আছে তেওঁ এখন কেফে । মুঠতে এতিয়া কংগনাৰ যুঁজৰ সময়। কংগনাই এই সাক্ষাৎকাৰত তেওঁৰ সংগ্ৰামৰ কথা কৈছিল বুলি চৰ্চা চলিছে।