দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
আজি ১৫ অক্টোবৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- অধিক ৰহস্যৰ আৱৰ্তত জুবিন গাৰ্গৰ মৃত্যু। চি আই ডিয়ে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ মাজতে ডাঙৰ অভিযোগ উত্থাপন হৈছে। জুবিনৰ মৰণোত্ত পৰীক্ষাৰ ৰিপৰ্ট হোৱাটছ এপত ভাইৰেল হোৱাৰ অভিযোগ উত্থাপন হৈছে।
- জুবিন গাৰ্গৰ মৰণোত্ত পৰীক্ষাৰ ৰিপৰ্ট হোৱাটছএপত ভাইৰেল হোৱাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে গৰিমা শইকীয়া গাৰ্গৰ ফেচবুকত বিশেষ পোষ্ট। জুবিনৰ পত্নী গৰিমাই লিখিছে-“একো বুজা নাই..ইমান ৰহস্য অথচ একো গোপনীয়তাও নাই, ৰাজহুৱা কৰা নাই অথচ সকলোৱে গম পায় !”
- বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহননৰ এই গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে মঙলবাৰে এফআইআৰ ৰুজু কৰিছে। প্ৰকাশিত খবৰ অনুসৰি গোচৰৰ তদন্তৰ দায়িত্ব লাভ কৰাৰ পিছতে চিবিআইয়ে প্ৰথমে বঙাইগাঁও থানাত দাখিল কৰা এফআইআৰ পুনৰ পঞ্জীয়ন কৰে।
- মঙলবাৰে ৰাজস্থানৰ জয়ছালমেৰ জিলাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। জয়ছলমেৰৰ পৰা যোধপুৰলৈ যোৱা এখন ব্যক্তিগত বাছত ৱাৰ মিউজিয়ামৰ সমীপত হয় অগ্নিদগ্ধ। বাছখন ৰাজপথত জ্বলি যোৱাৰ ফলত ভিতৰৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ৫৭ জন যাত্ৰী কঢ়িয়াই আনিছিল বাছখনত। এই দুৰ্ঘটনাত প্ৰায় ১২ জন যাত্ৰীৰ মৃত্যু হয়।
- আজি সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত। সোণমৰ গ্ৰেপ্তাৰ প্ৰত্যাহ্বান জনোৱাৰ লগতে তেওঁক শীঘ্ৰে মুক্তি বিচাৰিছে।
- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা “ক্ৰেডিট বিচৰাৰ ৰাজনীতি”ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। মঙলবাৰে গগৈয়ে কয় যে, চৰকাৰে ন্যায় নিশ্চিত কৰাতকৈ ৰাজনৈতিক ক্ৰেডিট লোৱাত অধিক মনোনিৱেশ কৰা যেন দেখা গৈছে।