শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভূমিস্খলনত প্ৰাণ হেৰুৱালে বৈষ্ণোদেৱী দৰ্শনৰ বাবে যোৱা ৫ ভক্তই

জম্মু-কাশ্মীৰত ব্যাপক ভূমিস্খলন। বন্ধ কৰি দিয়া হৈছে বৈষ্ণোদেৱী মন্দিৰলৈ যাত্ৰা। ভূমিস্খলনৰ ফলত প্ৰায় ৫ গৰাকী ভক্তৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

ভূমিস্খলনত প্ৰাণ হেৰুৱালে বৈষ্ণোদেৱী দৰ্শনৰ বাবে যোৱা ৫ ভক্তই
জম্মুত বানImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 26 Aug 2025 20:09 PM

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ ত্ৰিকুট পাহাৰত অৱস্থিত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত মঙলবাৰে ভূমিস্খলন সংঘটিত হয়। অৰ্ধকুমাৰীত অৱস্থিত ইন্দ্ৰপ্ৰস্থ ভোজনালয়ৰ সমীপত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত ৫জন ভক্তৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪জন আহত হয়। ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। কিছু ভক্ত শিল আৰু মাটিৰ মাজত আৱদ্ধ হৈ থকাৰো সম্ভাৱনা প্ৰকাশ কৰা হৈছে। মঙলবাৰে একেৰাহে তৃতীয় দিনৰ বাবে জম্মু-কাশ্মীৰৰ বহু ঠাইত ধাৰাসাৰ বৰষুণ হৈ আছে, যাৰ বাবে এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ত্ৰিকুট পাহাৰত।

উল্লেখ্য যে জম্মু সংমণ্ডলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে পাঁচজন মাতা বৈষ্ণো দেৱীক দৰ্শন কৰিবলৈ অহা ভক্ত। ২৪টাতকৈও অধিক ঘৰ আৰু দলং ক্ষতিগ্ৰস্ত হৈছে। জম্মুৰ প্ৰায় সকলো নদীয়েই বিপদ সীমাৰ ওপৰেৰে বৈ আছে, যাৰ বাবে মহানগৰীৰ লগতে অন্যান্য স্থানৰ বহু নিম্নভূমি আৰু পথ বানত বুৰ গৈছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে জম্মু সংমণ্ডলৰ বহু ঠাইত পৰিস্থিতি অতি ভয়াৱহ। বিমানেৰে তেওঁ নিজেই শ্ৰীনগৰৰ পৰা জম্মুলৈ আহি পৰিস্থিতি নিৰীক্ষণ কৰিব বুলিও কয়।

এই ঘাইপথসমূহত যান-বাহন বন্ধ কৰি দিয়া হৈছিল

জম্মু সংমণ্ডলৰ বিষয়াসকলে জনোৱা মতে, জম্মু-শ্ৰীনগৰ আৰু কিষ্টৱাৰ-ডোডা ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত বন্ধ হৈ থকাৰ বিপৰীতে বহু পাহাৰীয়া পথ ভূমিস্খলন বা ক্ষন্তেকীয়া বানৰ ফলত বন্ধ বা ক্ষতিগ্ৰস্ত হৈছে। লগতে বৰষুণৰ পৰিপ্ৰেক্ষিতত সাৱধানতা স্বৰূপে মাতা বৈষ্ণো দেৱী মন্দিৰৰ তীৰ্থযাত্ৰাও বন্ধ কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে। পৃথক পৃথক ঘটনাত গাণ্ডোহত দুজন আৰু থাথৰীত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫টা ঘৰ আৰু ৪খন দলং ক্ষতিগ্ৰস্ত হৈছে। একে সময়তে অৰ্ধকুমাৰীতো ৫জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।

বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু থাকক – মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

কিষ্টৱাৰ, ৰিয়াছি, ৰাজৌৰী, ৰামবন আৰু পুঞ্চ জিলাৰ উচ্চ উচ্চতাৰ অঞ্চলৰ পৰাও ৰাজহুৱা আৰু ব্যক্তিগত আন্তঃগাঁথনিৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে। বিষয়াসকলে জনোৱা মতে, স্থল পৰিস্থিতিৰ মূল্যায়নৰ পিছতহে প্ৰকৃত পৰিস্থিতি জানিব পৰা যাব। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শ্ৰীনগৰত এখন বৈঠকত মিলিত হৈ জম্মুত ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ ফলত হোৱা বানপানীৰ মোকাবিলা কৰাৰ প্ৰস্তুতি পুনৰীক্ষণ কৰে আৰু বিষয়াসকলক হাই এলাৰ্টত থাকিবলৈ আৰু প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

বৃদ্ধি পালে মাধপুৰ বেৰেজৰ জলপৃষ্ঠ

মাধপুৰ বেৰেজৰ জলপৃষ্ঠ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ ফলত কাঠুৱা জিলাৰ ৰবি নদীৰ পাৰৰ বহু নিম্নভূমি অঞ্চলত বানৰ সৃষ্টি হৈছে। কাঠুৱাত তৰানা নদী, উঝ নদী, মগড় খাদ, চাহাৰ খাদ, ৰবি নদী আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাই বিপদ সীমাৰ ওচৰ চাপিছে। আৰক্ষী আৰু প্ৰশাসনিক বিষয়াসকলে বাৰে বাৰে বানত ডুব যোৱা নদীৰ পৰা আঁতৰি থাকিবলৈ আৰু নিৰাপদ স্থানলৈ যাবলৈ এলাৰ্ট জাৰী কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মঙলবাৰে পুৱা ৮.৩০ বজালৈকে যোৱা ২৪ ঘণ্টাত সৰ্বাধিক বৰষুণ হোৱা কাঠুৱা জিলাত ১৫৫.৬ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে ডোডাৰ ভাদেৰৱাহত ৯৯.৮ মিলিমিটাৰ, জম্মুত ৮১.৫ মিলিমিটাৰ আৰু কাটৰাত ৬৮.৮ মিলিমিটাৰ বৰষুণ হয়। ইতিমধ্যে কৰ্তৃপক্ষই পৰামৰ্শ জাৰি কৰি জনসাধাৰণক জলাশয় আৰু ভূমিস্খলন প্ৰৱণ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণী

বতৰৰ পূৰ্বাভাস অনুসৰি ২৭ আগষ্টলৈকে জম্মু, চাম্বা, কথুৱা, ৰিয়াছি, উধামপুৰ, ৰাজৌৰী, ৰামবান, ডোডা আৰু কিষ্টৱাৰ জিলাৰ বহু ঠাইত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। অতি উচ্চতাৰ অঞ্চলতো ডাৱৰ বিস্ফোৰণ, ক্ষন্তেকীয়া বান আৰু ভূমিস্খলনৰ সম্ভাৱনা আছে।