বৈবাহিক জীৱনত কেতিয়াও নকৰিব এই ভুল!

14  OCT 2025

TV9 ASSAM

মানুহৰ জীৱনত বিয়া এক গুৰুত্বপূৰ্ণ অংশ। সকলোৱে বিচাৰে পত্নী-পত্নীৰ মাজৰ সম্পৰ্ক ভাল হোৱা। কিন্তু আজিকালি বহুতৰেব বৈবাহিক জীৱনত সমস্যা অহা দেখা যায়।

বৈবাহিক জীৱন

আচাৰ্য চাণক্যই এনে কিছুমান কথা কৈ গৈছে যি মানি চলিলে বৈবাহিক জীৱনৰ সমস্যা সমাধান হয়। এক কথাত বৈবাহিক জীৱন সুখৰ হয়।

চাণক্য

চাণক্যৰ মতে, পুৰুষে কেতিয়াও নিজৰ পত্নীৰ তুলনা আনৰ সৈতে কৰিব নালাগে। ইয়াৰ ফলত সম্পৰ্ক দুৰ্বল হ'ব পাৰে। ইয়াৰোপৰি পত্নীৰ আত্মসন্মানত আঘাত হানিব পাৰে।

চাণক্য

বিয়াৰ পাছত কিছুমান পুৰুষৰ ব্যস্ততা ইমানেই বাঢ়ে  যে পত্নীক সময়, মৰম আৰু সন্মান দিবলৈ পাহৰি যায়। এনে কৰা ভাল নহয়। কিয়নো যি পুৰুষে পত্নীক সময় নিদিয়ে তেনে সম্পৰ্কত স্থিৰতা নাথাকে।

সময়

চাণক্যৰ মতে, ঘৰৰ কথা বা পত্নীৰ সৈতে জড়িত কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে। এয়া মূৰ্খৰ কাম। পত্নীৰ সৈতে জড়িত কথা আনৰ আগত ক'লে সম্পৰ্ক দুৰ্বল হয়।

কথা

চাণক্যৰ মতে, পত্নীৰ আত্মসন্মাত আঘাত লগাকৈ কেতিয়াও কথা ক'ব নালাগে। ইয়াৰ ফলত পত্নী মানসিকভাৱে ভাগি পৰে। যাৰ প্ৰভাৱ বৈবাহিক জীৱনত পৰে।

আত্মসন্মান

চাণক্যৰ মতে, যি পুৰুষে নিজৰ স্ত্ৰীৰ সলনি অন্য স্ত্ৰীৰ প্ৰতি আকৰ্ষিত হয় তেন্তে সম্পৰ্ক শেষ হোৱা নিশ্চিত। এনে ব্যক্তিয়ে কেতিয়াও সন্মান লাভ নকৰে আৰু সুখী নহয়।

অন্য স্ত্ৰী

পঢ়িবলৈ ক্লিক কৰক

প্ৰ'টিনৰ অভাৱৰ লক্ষণ