11 Aug 2025
TV9 ASSAM
Photos Credit:Unsplash/GettyImages
পাকিস্তান চৰকাৰে বাৰে বাৰে দাবী কৰে যে, অৰ্থনীতি উন্নত হৈছে। কিন্তু দেশখনৰ বিদেশী ঋণৰ বোজা দিনক দিনে বাঢ়ি গৈ আছে।
পাকিস্তানী সংবাদ মাধ্যম ড'নৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, চলিত বৰ্ষত ৰুটি আৰু নানৰ দাম সলনি কৰা হৈছিল যদিও দোকানীসকলে মানি লোৱা নাছিল।
ড'নৰ প্ৰতিবেদনত পাকিস্তানত ১৮০ গ্ৰাম ৰুটিৰ দাম ১৫ ৰ পৰা ২০ পাকিস্তানী টকা বুলি দাবী কৰা হৈছে। যিটো ভাৰতীয় মুদ্ৰাত প্ৰায়৫-৬ টকা।
প্ৰতিবেদন অনুসৰি, পাকিস্তানত ১৫ গ্ৰাম নানৰ দাম ২৫-৩০ পাকিস্তানী টকা বুলি দাবী কৰা হৈছে। ভাৰতীয় মুদ্ৰাত ৭ ৰ পৰা ৯ টকা।
কোৱা হৈছে যে, মুদ্ৰাস্ফীতিয়ে কোঙা কৰা দেশখনৰ চৰকাৰী নিৰ্দেশনাও মানি চলা নাই দোকানীসকলে।
কোৱা হৈছে যে, দেশখনৰ ঋণৰ বোজা দিনক দিনে বাঢ়ি গৈছে। চৰকাৰী বাজেটৰ ৪৬ শতাংশ ঋণ পৰিশোধৰ বাবে ব্যয় হৈছে।
এটা কথা স্পষ্ট যে, পাকিস্তানে নিজৰ আয়ৰ আধাখিনি কেৱল ঋণ পৰিশোধৰ বাবেহে ব্যয় কৰে আৰু শিক্ষা আৰু স্বাস্থ্যৰ উন্নতি বা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে নহয়।
পঢ়িবলৈ ক্লিক কৰক