11 AUG 2025
TV9 ASSAM
জ্যোতিষ শাস্ত্ৰত শুক্ৰক ধন-সম্পত্তিৰ কাৰক বুলি কোৱা হয়। লগতে বুধ শিক্ষা, বাণিজ্য,ভৌতিক সুখ-সুবিধা কাৰক। যেতিয়া এই গ্ৰহ দুটা একলগ হয় তেতিয়া ডাঙৰ যোগ সৃষ্টি হয়।
এইবাৰ জন্মাষ্টমী ১৬ আগষ্টত। ইয়াৰ পাছত ২১ আগষ্টত শুক্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। আনহাতে বুধ গ্ৰহই ১১ আগষ্টতে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব।
এই দুই গ্ৰহৰ যুঁটিত লক্ষ্মী নাৰায়ণ ৰাজযোগ নিৰ্মাণ হ'ব। যি অতি বিৰল। এই যোগত কিছু ৰাশিৰ লোকৰ ধন, সম্পত্তি, ব্যৱসায়ত উন্নতি, শিক্ষাত সফলতা,সুখ-সুবিধা বৃদ্ধি হয়।
এই যোগৰ প্ৰভাৱ মেঘ ৰাশিৰ ওপৰত পৰিব। এই ৰাশিৰ লোকৰ পাৰিবাৰিক জীৱন সুখকৰ হ'ব। নতুন চাকৰি লাভ কৰিব পাৰে। মনে বিচৰা পৰিণাম লাভ কৰিব। নতুন বাহন ক্ৰয় কৰিব পাৰে। আৰ্থিক উন্নতি হ'ব।
জীৱনত সুখৰ আগমন হ'ব। ব্যৱসায়ত ডাঙৰ সফলতা লাভ কৰিব। পুৰণি কাম সম্পূৰ্ণ হ'ব। আত্মবিশ্বাস বৃদ্ধি হ'ব। ধন প্ৰাপ্তিৰ যোগ আছে। কেৰিয়াৰ-ব্যৱসায়ত সফলতা লাভ কৰিব।
চাকৰিয়ালসকলে পদোন্নতি লাভ কৰিব পাৰে। ভাগ্যই লগ দিব। ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। মান-সন্মান বৃদ্ধি হ'ব। পৰিয়ালৰ সৈতে ভাল সময় কটাব।
আয়ৰ নতুন বাট মুকলি হ'ব। কষ্টৰ ফল লাভ কৰিব। দাম্পত্য জীৱন সুখকৰ হ'ব। আৰ্থিক দিশটোৰ উন্নতি হ'ব। সংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ'ব। সফলতা লাভ কৰিব।
পঢ়িবলৈ ক্লিক কৰক