দিল্লীত সাংসদ গৌৰৱ গগৈক সাক্ষাৎ অজাপৰ প্ৰতিনিধি দলৰ, নেতৃত্বত লুৰীণজ্যোতি…
আজি দিল্লীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে। অজাপৰ প্ৰতিনিধি দলটোত আছিল লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, কমল নয়ন চৌধুৰী, জিয়াউৰ ৰহমান, চিত্ত বসুমতাৰী আৰু ৰাজু ফুকন।

অবৈধ বিদেশী চিনাক্তকৰণকলৈ ৰাজ্যত চলিত থকা বিতৰ্কৰ মাজতে আজি দিল্লীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে। অজাপৰ প্ৰতিনিধি দলটোত আছিল লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, কমল নয়ন চৌধুৰী, জিয়াউৰ ৰহমান, চিত্ত বসুমতাৰী আৰু ৰাজু ফুকন। দলটোৱে সাংসদ গগৈক অসমৰ অবৈধ বিদেশী সমস্যাক সংসদত উত্থাপন কৰিবলৈ আহ্বান জনায়।
জানিব পৰা মতে, অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৱে আজি নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাৱত লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈক সাক্ষাৎ কৰি সমাধান নোহোৱা অসমৰ বিদেশী সমস্যাৰ বিষয়বোৰ সংসদত উত্থাপন কৰাৰ বাবে অনুৰোধ কৰে। প্ৰতিনিধি দলটোৱে গৌৰৱ গগৈক কয় যে, ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তিখন ৰূপায়ন কৰিলেহে অসমীয়া জাতি সুৰক্ষিত হ’ব।
অসম জাতীয় পৰিষদে সাংসদ গগৈক চুক্তিৰ ৫ আৰু ৬নং দফা ৰূপায়ন, বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ পৰামৰ্শ ৰূপায়ন, শুদ্ধ, ত্ৰুটিমুক্ত আৰু বিদেশীমুক্ত এন আৰ চি প্ৰস্তুতিৰ অৱশিষ্ট কামখিনি সম্পূৰ্ণ কৰাৰ বিষয়ত বিজেপি চৰকাৰে কৰা হেমাহিৰ বিষয়টো সংসদত উত্থাপন কৰাৰ বাবে আহ্বান জনায়।
উল্লেখ্য যে, যোৱা শনিবাৰে ৰাজ্যখনৰ বিদেশী সমস্যাকলৈ দলটোৱে এক সংবাদমেল সম্বোধন কৰিছিল। সংবাদমেলত দলটোৱে উত্থাপন কৰিছিল ৫ টা গুৰুত্বপূৰ্ণ দাবী। সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য উপস্থিত থকা সংবাদমেলত দলটোৱে দাবী কৰিছিল যে, অসম চুক্তিৰ ৫নং দফাটো আখৰে আখৰে ৰূপায়ন কৰাৰ লগতে বিদেশী চিনাক্ত কৰাৰ কাম আন্তৰিকতাৰে সম্পাদন কৰক ৷
ইয়াৰ লগতে চিনাক্ত হোৱা বিদেশীক বহিষ্কাৰৰ বাবে বাংলাদেশৰ সৈতে চুক্তি সম্পাদন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ ৰাজ্য চৰকাৰৰ ওপৰত দাবী জনাইছিল দলটোৱে ৷ একেদৰে সীমান্ত চিল কৰা, এন আৰ চিৰ জৰিয়তে বিদেশী চিনাক্তকৰণৰ অৱশিষ্ঠ কামখিনি শীঘ্ৰে সমাপ্ত কৰাৰ বাবে কেন্দ্ৰক হেঁচা দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছিল অজাপে।
সংবাদমেলত উত্থাপন কৰা আন দাবীবোৰৰ ভিতৰত আছিল,ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়ন, ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম শীঘ্ৰে সম্পাদন কৰা দাবী জনাইছিল দলটোৱে।