দেশৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশৰ কাৰ্যকাল হ’ব মাত্ৰ ৩৬ দিনৰ !
২০২৭ চনত ন্যায়াধীশ বি ভি নাগাৰাথ্নাক ৫৪ সংখ্যক চিজেআই হিচাপে নিযুক্তি দিয়াৰ আশা কৰা হৈছে। যদি নিযুক্তি লাভ কৰে তেওঁ হ'ব ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ । সম্ভাৱ্য প্ৰথম মহিলা মুখ্য ন্যায়াধীশগৰাকীৰ কাৰ্যকাল হ’ব মাত্ৰ ৩৬ দিনৰ।

বুধবাৰে ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই । তেওঁৰ অহা ২৩ নৱেম্বৰলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। জ্যেষ্ঠতাৰ ভিত্তিত যদি মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে, তেন্তে গাভাইৰ পাছতে ন্যায়াধীশ সূৰ্য কান্তে ২০২৫ চনৰ ২৪ নৱেম্বৰৰ পৰা ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে চিজেআই হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ন্যায়াধীশ কান্তৰ পিছত ন্যায়াধীশ বিক্ৰম নাথে ২০২৭ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ২০২৭ চনৰ ২৩ ছেপ্টেম্বৰলৈকে মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ’ব। তেওঁৰ কাৰ্যকাল হ’ব প্ৰায় ৮ মাহৰ।
গাভাইৰ কাৰ্যকাল চমু যদিও ২০২৭ চনত ন্যায়াধীশ বি ভি নাগাৰাথ্নাক ৫৪ সংখ্যক চিজেআই হিচাপে নিযুক্তি দিয়াৰ আশা কৰা হৈছে। যদি নিযুক্তি লাভ কৰে তেওঁ হ’ব ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ । সম্ভাৱ্য প্ৰথম মহিলা মুখ্য ন্যায়াধীশগৰাকীৰ কাৰ্যকাল হ’ব মাত্ৰ ৩৬ দিনৰ।
উল্লেখ্য যে, ভাৰতৰ উচ্চতম ন্যায়ালয় গঠন হোৱাৰ ৭৫ বছৰ হ’ল । কিন্তু এতিয়ালৈকে কোনো মহিলাক ন্যায়াধীশক চিজেআই হিচাপে নিযুক্তি দিয়া হোৱা নাই। ন্যায়াধীশ গাভাইৰ নাম কলেজিয়ামে পৰৱৰ্তী চিজেআই হিচাপে পৰামৰ্শ দিছিল আৰু ৰাষ্ট্ৰপতিয়ে তেওঁক অনুমোদন জনাইছিল । ন্যায়াধীশ গাভাইয়ে ছমাহৰ বাবে দেশৰ মুখ্য ন্য়ায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।
আটাইতকৈ কম সময়ৰ বাবে চিজেআই হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ন্যায়াধীশ কমল নাৰায়ণ সিঙে । তেওঁৰ কাৰ্যকাল মাত্ৰ ১৭ দিনৰ আছিল । তেওঁৰ পিছতে ন্যায়াধীশ এছ ৰাজেন্দ্ৰ বাবুৱে ২৯ দিন চিজেআইৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । যদি জ্যেষ্ঠতাৰ নিয়ম অনুসৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হয়, তেন্তে কম সময়ৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা তৃতীয়গৰাকী আৰু প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ বি ভি নাগাৰাথ্না।
মনকৰিবলগীয়া যে, প্ৰচলিত নিয়ম অনুসৰি, জ্যেষ্ঠতা অনুসৰি ন্যায়াধীশক উন্নীত কৰা হয় । এই নিয়ম অনুসৰি সাধাৰণতে বিবেচনাধীন ন্যায়াধীশসকলৰ ভিতৰত সৰ্বাধিক জ্যেষ্ঠ ন্যায়াধীশক উচ্চতম আদালতলৈ উন্নীত কৰা হয় আৰু একেদৰে সৰ্বাধিক জ্যেষ্ঠ ন্যায়াধীশজন মুখ্য ন্যায়াধীশ হয়। কিন্তু এই নিয়ম দুবাৰকৈ ১৯৭৩ আৰু ১৯৭৫ চনত ভংগ কৰা হৈছিল ।