টিকটকৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা উঠাই লোৱা হ’ব নেকি? মুখ খুলিলে নতুন দিল্লীয়ে…
শেহতীয়াকৈ চৰ্চা হৈছে যে, এই ‘টিকটক’ এপটো পুনৰ ভাৰতত মুকলি কৰিবলৈ গৈ আছে! যোৱা শুকুৰবাৰৰ দিনটোত পুৱাৰে পৰা বহু নেটিজেনে টিকটক ৱেবছাইটত ভিজিট কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছিল।

এটা সময়ত ভাৰতত ৰিলৰ বাবে আটাইতকৈ জনপ্ৰিয় এপটো আছিল টিকটিক। কিন্তু যোৱা ২০২০ চনৰ পৰা ৫ বছৰ ধৰি চীনৰ এই এপটো ভাৰতত নিষিদ্ধ হৈ আছে। মূলতঃ মোদী চৰকাৰে সেই এপটোক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিপদজনক বুলি চিনাক্ত কৰি দেশত নিষিদ্ধ কৰিছিল।
শেহতীয়াকৈ চৰ্চা হৈছে যে, এই ‘টিকটক’ এপটো পুনৰ ভাৰতত মুকলি কৰিবলৈ গৈ আছে! যোৱা শুকুৰবাৰৰ দিনটোত পুৱাৰে পৰা বহু নেটিজেনে টিকটক ৱেবছাইটত ভিজিট কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছিল। ইয়াৰ পাছতে এপটো মুকলিক লৈ চৰ্চা আৰম্ভ হয়। সঁচাকৈ ভাৰতত পুনৰ মুকলি কৰা হ’ব নেকি নিষিদ্ধ হৈ থকা ‘টিকটক’ এপ?
টিকটক পুনৰ ভাৰতলৈ ঘূৰি আহিব বুলি আৰম্ভ হোৱা চৰ্চাৰ সন্দৰ্ভত সৰ্বভাৰতীয় সংবাদ সংস্থা এএনআইৰ আগত মুখ খুলিছে নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী চৰকাৰী বিষয়াই। তেওঁ কয়, “টিকটকৰ নিষেধাজ্ঞা উঠাই লোৱাৰ ক্ষেত্ৰত এতিয়ালৈকে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে কোনো সিদ্ধান্ত লোৱা নাই। সমগ্ৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা সকলো খবৰ ভুৱা।”
মন কৰিবলগীয়া যে, ২০২০ চনত গালৱান সংঘৰ্ষৰ পিছত চীনৰ সৈতে ভাৰতৰ সম্পৰ্কত ব্যৱধান বৃদ্ধি পাইছিল। সেই সময়ত দেশখনৰ চোৰাংচোৱা সংস্থাই নতুন দিল্লীক সকীয়াই দিছিল যে, চীনৰ কেইবাটাও এপ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিপদজনক হৈ পৰিছে। যাৰ ভিত্তিত ভাৰত চৰকাৰে কিছুদিনৰ ভিতৰতে ৫৯ টা চীনা এপ নিষিদ্ধ কৰে। ইয়াৰ ভিতৰত বাইটডান্সৰ টিকটক ভাৰতত নিষিদ্ধ কৰা হৈছিল।