এটা মাত্ৰ খাল! লাভান্বিত হ’ব ৰাজস্থান, পাকিস্তানে ভুগিব কৰ্মফলঃ অমিত শ্বাহে ক’লে এইদৰে

শেহতীয়া সংঘৰ্ষৰ সময়ত অপাৰেচন সেন্দূৰৰ সফলতাৰ সমানে ভাৰতে কূটনৈতিক সিদ্ধান্তৰ জৰিয়তেও পাকিস্তানক পেলালে শলঠেকত। সিন্ধু জলচুক্তি স্থগিত ৰাখি ভাৰতে সংকটত পেলালে পাকিস্তানক। এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ স্পষ্ট কৰি দিছে, স্থগিত ৰখা সিন্ধু জল সন্ধি পুনৰ প্ৰৱৰ্তন কৰা নহ’ব।

এটা মাত্ৰ খাল! লাভান্বিত হ’ব ৰাজস্থান, পাকিস্তানে ভুগিব কৰ্মফলঃ অমিত শ্বাহে ক’লে এইদৰে

গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ মন্তব্য

Published: 

22 Jun 2025 14:34 PM

পহলগাম আক্ৰমণৰ পিছত পাকিস্তান আৰু ভাৰতৰ মাজত বৃদ্ধি পাইছে শত্ৰুতা। এই আক্ৰমণৰ পিছত দুয়ো দেশৰ মাজত যুদ্ধৰ আতংকই কেইবাদিনো ধৰি উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিলে। অপাৰেচন সেন্দূৰৰ সফলতাৰ সমানে ভাৰতে কূটনৈতিক সিদ্ধান্তৰ জৰিয়তেও পাকিস্তানক পেলালে শলঠেকত। সিন্ধু জলচুক্তি স্থগিত ৰাখি ভাৰতে সংকটত পেলালে পাকিস্তানক। এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ স্পষ্ট কৰি দিছে, স্থগিত ৰখা সিন্ধু জল সন্ধি পুনৰ প্ৰৱৰ্তন কৰা নহ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সংবাদ সংস্থা টাইমছ অৱ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত এই কথা দোহাৰে। তেওঁ কয়, “সিন্ধু জল চুক্তি কেতিয়াও পুনৰ প্ৰৱৰ্তন কৰা নহ’ব। এই আন্তঃৰাষ্ট্ৰীয় চুক্তিখন একপক্ষীয়ভাৱে বন্ধ কৰাৰ অধিকাৰ আমাৰ আছে। চুক্তিখনৰ প্ৰস্তাৱনাত স্পষ্টকৈ উল্লেখ আছে যে দুয়োখন দেশৰ শান্তি আৰু প্ৰগতিৰ কথা মনত ৰাখিয়েই সিন্ধু জল চুক্তি প্ৰস্তুত কৰা হৈছিল।”

কিন্তু যদি শান্তি ভংগ কৰা হয়, তেতিয়া চুক্তি অৱতীৰ্ণ ৰখাৰ বাবে ভাৰতৰো কোনো দায়িত্ব নাথাকে বুলি অমিত শ্বাহে স্পষ্ট কৰি দিয়ে। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সাক্ষাৎকাৰত এই সিন্ধু জলচুক্তিৰ শক্তি অথলে নাযায় বুলিও উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়া মতে, ইমান দিনে অন্যায়ভাৱে পাই অহা পানী পাকিস্তানে আৰু নাপাব। এতিয়া এটা খাল কাটি সেই পানী ৰাজস্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ভাৰত-পাকিস্তানৰ যুদ্ধময় পৰিস্থিতিৰ মাজত সিন্ধু জলচুক্তি স্থগিত ৰখাটো পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। দুয়োখন দেশৰ মাজত বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে বিবাদৰ সূত্ৰপাত হৈ আহিছে যদিও সিন্ধু জল চুক্তিত এনে বিবাদৰ কোনো প্ৰভাৱ পৰা নাছিল।

কিন্তু পহলগাঁও আক্ৰমণৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাৰত চৰকাৰে এই চুক্তি স্থগিত ৰাখি পাকিস্তানক জলসংকটত পেলাইছে। ভাৰতৰ এই সিদ্ধান্তই পাকিস্তানক অনাগত সময়ত যে গুৰুতৰ সমস্যাত পেলাব, সেয়া নিশ্চিত।

কি ৰোগৰ সৈতে যুঁজি আছে চলমান খান? জনালে সকলো কথা...
সফলতা লাভত আহিছে নেকি বাধা? এইদৰে কৰক লঙৰ ব্যৱহাৰ, লাভ কৰিব সুফল
সাধাৰণ বুলি আওকান নকৰিব! এইসমূহ হ'ব পাৰে ভিটামিন B 12 অভাৱৰ লক্ষণ...
ডাঠ আৰু দীঘল চুলিৰ বাবে পিয়াঁজৰ ৰস কেনেদৰে ব্যৱহাৰ কৰিব?