SC/ST/OBC Reservation: ভাৰতৰ জাতিগত সংৰক্ষণ ব্যৱস্থা আৰু মুঠ সংৰক্ষণৰ হাৰ
ভাৰতত জাতিগত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ অন্যতম এটা মূল কাৰণ আছিল ভাৰতৰ বহুতো পিছপৰা জাতি জনজাতিৰ ওপৰত উচ্চ শ্ৰেণীৰ লোকে কৰা বঞ্চনা আৰু শোষণৰ ইতিহাস। স্বাধীনতাৰ সময়ত পিছপৰা সম্প্ৰদায়ৰ লোকক জাতিগত ভাৱে বিশেষ সুবিধা প্ৰদান কৰাটো নিশ্চয় যুক্তিসংগত আছিল। এই সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকক সমাজত আনৰ সৈতে সমান স্থান দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

সংৰক্ষণ হৈছে কোনো স্থিৰ কোটাৰ বাবে চৰকাৰে গ্রহণ কৰা এক সহায়ক পদক্ষেপ, য’ত ব্যক্তিগত আৰু চৰকাৰী প্রতিষ্ঠানৰ কিছুমান আসন সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা সম্প্রদায়, অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত থাকে। আমাৰ দেশত স্বাধীনতাৰ পিছৰে পৰা এই সংৰক্ষণ ব্যৱস্থাৰ ছবিখন সকলোৱে দেখি আহিছে। ড০ বি.আৰ আম্বেদকাৰব দৰে নেতাসকলে পিছপৰা শ্ৰেণীৰ লোকসকলক সহায় কৰিবলৈ উদ্যোগ গ্রহণ কৰিছিল।তেওঁলোকে পিছপৰা লোকসকলক বিনামূলীয়া শিক্ষা দিবলৈ আৰম্ভ কৰিছিল। সংৰক্ষণৰ মূল উদ্দেশ্য হৈছে পিছপৰা জাতি আৰু সম্প্রদায়ৰ লোকসকলৰ পৰিস্থিতি, আর্থ-সামাজিক দিশৰ উপৰি সকলো ক্ষেত্রতে সেই শ্রেণীৰ লোকসকলক উন্নত কৰি তোলা।
ভাৰতত জাতিগত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তনৰ অন্যতম এটা মূল কাৰণ আছিল ভাৰতৰ বহুতো পিছপৰা জাতি জনজাতিৰ ওপৰত উচ্চ শ্ৰেণীৰ লোকে কৰা বঞ্চনা আৰু শোষণৰ ইতিহাস। স্বাধীনতাৰ সময়ত পিছপৰা সম্প্ৰদায়ৰ লোকক জাতিগত ভাৱে বিশেষ সুবিধা প্ৰদান কৰাটো নিশ্চয় যুক্তিসংগত আছিল। এই সুবিধা প্ৰদানৰ জৰিয়তে তেওঁলোকক সমাজত আনৰ সৈতে সমান স্থান দিয়াৰ ব্যৱস্থা কৰা হৈছিল।সংৰক্ষণক প্ৰচলিত সমাজ ব্যৱস্থাৰ বৈষম্য দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। ইয়াক সংবিধানৰ যোগাত্মক বৈষম্য বুলিও কোৱা হয়।
চৰকাৰী সেৱা আৰু প্ৰতিষ্ঠানত পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব নোহোৱা পিছপৰা জনগোষ্ঠী আৰু অনুসূচিত জাতি আৰু জনজাতিসকলৰ সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা অৱস্থা দূৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে আইনৰ জৰিয়তে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ একক, ৰাজহুৱা আৰু ব্যক্তিগত শিক্ষানুষ্ঠানত পদ আৰু আসনৰ শতাংশ সংৰক্ষণ কৰিবলৈ কোটা ব্যৱস্থা ৰখা হৈছে। ভাৰতৰ সংসদত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো সংৰক্ষণ নীতি সম্প্ৰসাৰিত কৰা হৈছে।
ভাৰতৰ সংবিধানত ১৫(৪) অনুচ্ছেদত কোৱা হৈছে:
২৯ নং অনুচ্ছেদৰ [১৫ অনুচ্ছেদ] বা দফা (২)ৰ কোনো কথাই ৰাষ্ট্ৰক কোনো সামাজিক, আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ নাগৰিকৰ বা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বা তেওঁলোকৰ উন্নতিৰ বাবে কোনো বিশেষ ব্যৱস্থা কৰিবলৈ বাধা দিব নোৱাৰে।
সংবিধানৰ ৪৬ নং অনুচ্ছেদত কোৱা হৈছে যে:
ৰাষ্ট্ৰই বিশেষ যত্নৰে জনসাধাৰণৰ পিছপৰা শ্ৰেণীৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থক প্ৰসাৰিত কৰিব লাগিব, আৰু বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলক সামাজিক অন্যায় আৰু সকলো ধৰণৰ শোষণৰ পৰা ৰক্ষা কৰিব।
সংৰক্ষণ ব্যৱস্থা
নিয়োগৰ ক্ষেত্ৰত
চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহে দুই ভিন্ন শ্ৰেণীৰ পৰা সংৰক্ষণ শতাংশৰ ভিত্তিত চাকৰি প্ৰত্যাশীক নিযুক্তি প্ৰদান কৰে। এই দুই শ্ৰেণীৰ ভিতৰত সংৰক্ষিত শ্ৰেণীত অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছপৰা জাতি, অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেণী আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সংৰক্ষিত। আনহাতে মুক্ত শ্ৰেণী সাধাৰণ শ্ৰেণীৰ লগতে আন সকলো শ্ৰেণীৰ লোকৰ বাবে মুক্ত। নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৩% সংৰক্ষণকে ধৰি সংৰক্ষিত শ্ৰেণীক মুখ্য অগ্ৰাধিকাৰ দিয়া হয়। নিযুক্তিৰ ক্ষেত্ৰত অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, অনুসূচিত জনজাতিৰ মহিলা, অনুসূচিত জাতিৰ মহিলা, অনুসূচিত জাতিৰ পুৰুষ, অনুসূচিত জনজাতিৰ পুৰুষ, অ’বিচি মহিলা, অ’বিচি পুৰুষ, ইডব্লিউএছ মহিলা, ইডব্লিউএছ পুৰুষক একাদিক্ৰমে অগ্ৰাধিকাৰ দিয়া হয় আৰু তাৰ পিছত মুক্ত শ্ৰেণীৰ বাবে বিবেচনা কৰা হ’য়।
শিক্ষাৰ ক্ষেত্ৰত
শৈক্ষিক প্ৰতিষ্ঠান সমূহে নিয়োগৰ দৰে দুই ভিন্ন শ্ৰেণীৰ পৰা সংৰক্ষণ শতাংশৰ ভিত্তিত আসন আৰু অন্যান্য সা-সুবিধা শিক্ষাৰ্থীক প্ৰদান কৰে। এই দুই শ্ৰেণীৰ ভিতৰত সংৰক্ষিত শ্ৰেণীত অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছপৰা জাতি, অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেণী আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সংৰক্ষিত। আনহাতে মুক্ত শ্ৰেণী সাধাৰণ শ্ৰেণীৰ লগতে আন সকলো শ্ৰেণীৰ লোকৰ বাবে মুক্ত। আসন আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত মহিলাৰ বাবে ৩৩% সংৰক্ষণকে ধৰি সংৰক্ষিত শ্ৰেণীক মুখ্য অগ্ৰাধিকাৰ দিয়া হয়। এই ক্ষেত্ৰত অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা, অনুসূচিত জনজাতিৰ মহিলা, অনুসূচিত জাতিৰ মহিলা, অনুসূচিত জাতিৰ পুৰুষ, অনুসূচিত জনজাতিৰ পুৰুষ, অ’বিচি মহিলা, অ’বিচি পুৰুষ, ইডব্লিউএছ মহিলা, ইডব্লিউএছ পুৰুষক একাদিক্ৰমে অগ্ৰাধিকাৰ দিয়া হয় আৰু তাৰ পিছত মুক্ত শ্ৰেণীৰ বাবে বিবেচনা কৰা হ’য়।
ভাৰতত ছাত্ৰ সাহায্য যেনে জলপানি, হোষ্টেলৰ মাচুল হ্ৰাস, অন্যান্য মাচুল হ্ৰাস, কিতাপ আৰু অন্যান্য আনুষংগিক বস্তুৰ বাবে সাহায্য ইত্যাদি অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণী, মহিলা, মুছলমান আৰু অন্যান্য সংখ্যালঘুৰ সম্প্ৰদায়ে লাভ কৰে।
ভাৰতত প্ৰায় ৬০% আসন সংৰক্ষিত
- অনুসূচিত জাতি (SC)-১৫%
- অনুসূচিত জনজাতি (ST)- ৭.৫%
- অন্যান্য পিছপৰা শ্ৰেণী (OBC)- ২৭%
- অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী (EWS)-১০%
ৰাজ্যসমূহত সংৰক্ষণ
কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে চলি থকা উচ্চ শিক্ষানুষ্ঠানসমূহত উপলব্ধ আসনৰ ২২.৫% অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত। ইয়াৰে ভিতৰত অনুসূচীত জনজাতিৰ বাবে ৭.৫% আৰু অনুসূচিত জাতিসমূহৰ বাবে ১৫%।[28] অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে অতিৰিক্ত ২৭% সংৰক্ষণ অন্তৰ্ভুক্ত কৰি এই সংৰক্ষণ শতকৰা হাৰ ৪৯.৫% লৈ বৃদ্ধি কৰা হৈছে। এই অনুপাত আনকি সংসদ আৰু সকলো নিৰ্বাচনতো অনুসৰণ কৰা হয় য’ত কিছুমান বিশেষ সম্প্ৰদায়ৰ লোকৰ বাবে কেইটামান সমষ্টি নিৰ্ধাৰণ কৰা হয়। এই নিৰ্দিষ্ট সমষ্টিৰ আসন সমূহ নতুনকৈ সীমা নিৰ্ধাৰণ কৰিলে কিছু সাল-সলনি হয়। কিছুমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে। ৰাজ্য অনুসৰি এই সংৰক্ষণৰ পৰিমাণ ৫%ৰ পৰা ৩৩.৩৩%লৈকে ভিন ভিন।
অসম
• অনুসূচিত জাতি(SC) – ৭%
• অনুসূচিত জনজাতি (ST) – ১৫%
• অন্যান্য পিছপৰা শ্ৰেণী (OBC) – ১৫%
• অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী(EWS) – ১০%
অসমে অ’বিচি শিতানৰ অন্তৰ্গত চিকিৎসা মহাবিদ্যালয়সমূহত মৰাণ, মটক আৰু চাহ জনগোষ্ঠী আদি আন কেইবাটাও সম্প্ৰদায়ৰ বাবে উপ কোটা প্ৰদান কৰে। ২০২০ চনৰ নৱেম্বৰ মাহত অসমৰ কেবিনেটে এই সংৰক্ষণ কোচ ৰাজবংশী, আহোম আৰু চুতীয়ালৈ সম্প্ৰসাৰিত কৰে। এই ছয় সম্প্ৰদায়ে অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি আন্দোলোন কৰি আহিছে। ২০১৯ চনৰ জানুৱাৰী মাহত অসমে ই ডব্লিউ এছ সংৰক্ষণত অনুমোদন জনাইছিল।
বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ে অনুসূচিত জাতি-জনজাতিৰ শ্ৰেণীৰ ভিতৰত উপ-শ্ৰেণী বিভাজনৰ (কোটাৰ ভিতৰত কোটা) বৈধতা সন্দৰ্ভত ৰায়দান কৰে। আদালতে ৰাজ্যসমূহক অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ত উপ-শ্ৰেণী বিভাজন কৰাৰ অনুমতি প্ৰদান কৰিছে। ন্যায়ালয়ৰ ৭জন ন্যায়াধীশৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।