পাক চোৰাংচোৱাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ, অসমকে ধৰি দেশৰ ৮ খন ৰাজ্যত তীব্ৰ অভিযান NIAৰ
পাকিস্তান সম্পৰ্কীয় চোৰাংচোৱাগিৰিৰ সন্দৰ্ভত সমগ্ৰ দেশৰ ৮খন ৰাজ্যৰ ১৫টা স্থানত NIA-এ ব্যাপক তালাচী অভিযান চলাইছিল। দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, অসম আৰু পশ্চিম বংগ ৰাজ্যৰ পাকিস্তানী চোৰাংচোৱা সংস্থা (পিআইঅ’)ৰ সৈতে জড়িত সন্দেহযুক্ত লোকৰ আত্মগোপন স্থানত NIA-এ অভিযান চলায়। ইয়াৰ মাজতে বহু ইলেক্ট্ৰনিক গেজেট আৰু স্পৰ্শকাতৰ বিত্তীয় নথিৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰে।

পাকিস্তান সম্পৰ্কীয় চোৰাংচোৱাগিৰিৰ সন্দৰ্ভত শনিবাৰে দেশৰ ৮খন ৰাজ্যৰ ১৫টা স্থানত ব্যাপক অনুসন্ধান অভিযান চলাইছিল ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই। দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, অসম আৰু পশ্চিম বংগ ৰাজ্যৰ পাকিস্তানী চোৰাংচোৱা সংস্থা (পিআইঅ’)ৰ সৈতে জড়িত সন্দেহযুক্ত লোকৰ আত্মগোপন স্থানত অভিযান চলায় NIA-এ। চিআৰপিএফ জোৱান মতিৰাম জাটৰ জেৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰে NIA-এ।
পাকিস্তান চোৰাংচোৱা অপাৰেটিভ (পিআইঅ’)ৰ সৈতে জড়িত সন্দেহযুক্ত লোকৰ আত্মগোপন স্থানত এই অভিযান চলোৱা হয়। ইয়াৰ মাজতে NIAৰ দলসমূহে বিভিন্ন স্থানৰ পৰা কেইবাটাও ইলেক্ট্ৰনিক গেজেট আৰু স্পৰ্শকাতৰ বিত্তীয় নথিৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। ভাৰত বিৰোধী সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ অংশ হিচাপে পাকিস্তানস্থিত কৰ্মীসকলে চলোৱা চোৰাংচোৱা ৰেকেটৰ সূত্ৰ সংগ্ৰহৰ বাবে তেওঁলোকৰ ওপৰত পুংখানুপুংখ তদন্ত চলি আছে। যাতে পাকিস্তানৰ নিৰ্দেশত চলি থকা এই চোৰাংচোৱাগিৰিৰ ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে উদঙাই দিব পৰা যায়।
আগতে পাকিস্তানলৈ স্পৰ্শকাতৰ তথ্য প্ৰেৰণ কৰিছিল
NIA-ৰ তদন্ত অনুসৰি শনিবাৰে (৩১ মে’) চলোৱা অনুসন্ধানত লক্ষ্য কৰি লোৱা সন্দেহযুক্ত লোকসকলৰ পাকিস্তানী কৰ্মীৰ সৈতে সম্পৰ্ক আছিল। পাকিস্তানী অপাৰেটিভৰ লগত তেওঁলোকৰ সম্পৰ্ক আছিল আৰু এই লোকসকলে ভাৰতত চোৰাংচোৱাগিৰিৰ কাম-কাজ চলাবলৈ ধনৰ লেনদেন কৰিছিল। এই লোকসকলে ভাৰতৰ সুৰক্ষা সম্পৰ্কীয় স্পৰ্শকাতৰ তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। তথ্য ফাদিল কৰাৰ বিনিময়ত সকলো অভিযুক্তই ভাৰতত বিভিন্ন উপায়েৰে ধন লাভ কৰিছিল, যাৰ তদন্ত চলি আছে।
NIA য়ে গ্ৰেপ্তাৰ কৰিলে CRPF জোৱানক
উল্লেখ্য যে, ২০ মে’ত NIA-এ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান মতিৰাম জাটক পাকিস্তানী চোৰাংচোৱা বিষয়াৰ সৈতে গোপনীয় তথ্য ভাগ-বতৰা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পূৰ্বে তাতেই পোষ্ট কৰা হৈছিল জোৱানজনক। আক্ৰমণৰ ৫ দিন পূৰ্বে মতিৰামক পহলগামৰ পৰা বদলি কৰা হৈছিল। তদন্তত প্ৰকাশ পাইছে যে ২০২৩ চনৰ পৰা তেওঁ পাকিস্তানলৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰিছিল আৰু বিনিময়ত তেওঁ ভাৰতৰ কিছুমান চেনেলৰ জৰিয়তে ধন লাভ কৰিছিল।
এই গোচৰত NIA-এ বি এন এছ ২০২৩ৰ ধাৰা ৬১(২), ১৪৭, ১৪৮, অফিচিয়েল ছিক্ৰেটছ এক্ট ১৯২৩ৰ ধাৰা ৩ আৰু ৫, আৰু ইউ এ পি এ ১৯৬৭ৰ ১৮ নং ধাৰাত গোচৰ ৰুজু কৰিছে। বৰ্তমান এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে অনুসন্ধানকাৰী সংস্থাটোৱে।
ইফালে এতিয়ালৈকে পাকিস্তানক সমর্থন কৰাৰ অভিযোগত ৮১জন লোকক কাৰাগাৰলৈ প্রেৰণ কৰিছে অসম আৰক্ষীয়ে। শেহতীয়াকৈ ম: দিলবৰ হুছেইন আৰু কামৰূপ আৰক্ষীয়ে হাফিজুৰ ৰহমানক আটক কৰিছে শোণিতপুৰ আৰক্ষীয়ে । সামাজিক মাধ্যমযোগে এই তথ্য শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।