যকৃতৰ ক্ষতিৰ প্ৰাৰম্ভিক লক্ষণ

1 june 2025

TV9 ASSAM

Photos Credit : Getty Images

বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে যকৃতৰ ক্ষতিৰ সমস্য়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে । গতিকে সাৱধান হোৱাৰ অতি প্ৰয়োজন ।

বেয়া খাদ্যাভ্যাস

যকৃতৰ ক্ষতিৰ আগতীয়া লক্ষণ চিনাক্ত কৰাটো সময়মতে চিকিৎসা আৰু লিভাৰ ৰোগৰ জটিলতা ৰোধ কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

লক্ষণ চিনাক্ত 

যদি যকৃতৰ কাৰ্যক্ষমতা কমি যায়, তেনে ক্ষেত্ৰত সাধাৰণতে কেনেধৰণৰ লক্ষণে দেখা দিয়ে জানোঁ আহক । 

যকৃতৰ কাৰ্যক্ষমতা

যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস পালে পেটৰ আকাৰ আৰু শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে । ইয়াৰ লগতে উশাহ লোৱাত কষ্ট অনুভৱ কৰিব ।

 শৰীৰৰ ওজন বৃদ্ধি

লিভাৰৰ কাৰ্যক্ষমতা হ্ৰাস পালে পেট ফুলা আৰু পেটৰ বিষ অনুভৱ কৰিব । এই লক্ষণে দেখা দিলে সাৱধান হওক ।

পেটৰ বিষ অনুভৱ

একেদৰে লিভাৰ ক্ষতি হ'লে কঁকালৰ বিষ, বদহজম, কোষ্ঠকাঠিন্য সমস্যাৰ সন্মুখীন হ'ব পাৰে । এই সমস্যা কেতিয়াও আওকাণ নকৰিব ।

কোষ্ঠকাঠিন্য

যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস পোৱাৰ আন এটা লক্ষণ হৈছে আপোনাৰ ভোক কমি যাব পাৰে । লগতে মাজে মাজে জ্বৰ আৰু ঠাণ্ডা অনুভৱ কৰিব পাৰে ।

ভোক কমি যোৱা

পঢ়িবলৈ ক্লিক কৰক

চাহ খোৱাৰ সঠিক সময়