শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 01 Jun 2025 08:01 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  • অসমৰ পৰা দিল্লীলৈ বা দিল্লীৰ পৰা অসমলৈ বিমানেৰে যাত্ৰা কৰা সকলৰ বাবে সুখবৰ । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে কম খৰচী বিমান সংস্থা ইণ্ডিগ’ই অহা ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা দিল্লী আৰু যোৰহাটৰ মাজত ননষ্টপ বিমান যাত্ৰা আৰম্ভ কৰিব । লগতে ৰাজ্যৰ অন্যান্য স্থানলৈও বিমান সংযোগ বৃদ্ধিৰ পৰিকল্পনা কৰিছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে ।
  • ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰ । ৰাজপথতেই আবদ্ধ হ’ব লগীয়া হয় অফিচ-কাছাৰী, স্কুল-কলেজলৈ যোৱা লোকসকল । তাৰ মাজতেই গুৱাহাটীৰ একাধিক স্থানত সংঘটিত হয় ভূমিস্খলনৰ ঘটনাও । প্ৰাপ্ত তথ্য মতে গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ফলত ৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে । গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ৰাজপথ সমূহ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত শনিবাৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হয় । ইফালে কৃত্ৰিম বানৰ মাজতে  কাহিলিপাৰাত ৰাজপথত বাগৰিল প্ৰকাণ্ড গছ। জ্যোতি চিত্ৰবনৰ সমীপত বাগৰিল এজোপা গছ। ৰাজপথত গছ বাগৰাত ব্যাহত হৈ পৰে যাতায়াত।
  • নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈছে লখিমপুৰ জিলাত । শুকুৰবাৰৰ পৰাই জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিবলৈ আৰম্ভ কৰিছিল নীপকোৱে । প্ৰথমে এক আৰু দুই নং গে’ট খুলি দিয়াৰ পাছত যোৱা নিশা ৪ খন গে’টেৰে পানী এৰি দিয়ে নীপকোৱে । ফলত লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ।
  • অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমৰ মাজপাৰাত অঘটন। বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে এজন যুৱকক। মাছ মাৰিবলৈ গৈ মৃত্যু ইপিচ এন চাংমাৰ। নিহত ইপিচ এন চাংমাৰ ঘৰ মাজপাৰাত । বন্ধুৰ সৈতে গিজাং নৈত মাছ মাৰিবলৈ গৈছিল যুৱকজন । আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় মৃতদেহটো।
  • মিজোৰামত অব্যাহত ভয়াৱহ ভূমিস্খলন। চাম্ফাই জিলাৰ ভাফাইত ভূমিস্খলনত খহি পৰিল ঘৰ। নিহত হৈছে একেটা পৰিয়ালৰ চাৰিগৰাকী লোক। দুগৰাকীক গুৰুতৰ অৱস্থাত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। বিগত দুটা দিনত মিজোৰামত ভূমিস্খলনত মৃত্যু কমেও ১২ গৰাকী লোকৰ।
  • মাহৰ শেষ দিনটোত দেশবাসীয়ে লাভ কৰিছে এক উপহাৰ। গ্ৰাহকক কিছু সকাহ প্ৰদান কৰি তেল কোম্পানীসমূহে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ পৰিৱৰ্তন আনিছে। ১ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কেজি গেছ চিলিণ্ডাৰৰ মূল্য ২৪ টকা হ্ৰাস কৰিছে তেল কোম্পানীসমূহে। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাসে ব্যৱসায় চলোৱাৰ বাবে গেছৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল লোকসকলক যথেষ্ট সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
  • ঘোষণা হ’ল ২০২৫ চনৰ মিছ ৱৰ্ল্ডৰ বিজয়ীৰ নাম। প্ৰায় ১১০খন দেশৰ প্ৰতিযোগীক পিছ পেলাই থাইলেণ্ডৰ ওপাল সুচাটা চুৱাংশ্ৰীয়ে (Opal Suchata Chuangsri ) খিতাপ দখল কৰিছে। হায়দৰাবাদত আয়োজন কৰা এই অনুষ্ঠানত তেওঁক মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা হয়। ইফালে ইথিওপিয়াৰ হাছেট ডেৰেজে আদমাছুৱে (Hasset Dereje Admassu) এই প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপ হয়।

লগতে পঢ়ক:  আপোনাৰ বাবে কেনে হ’ব জুন মাহৰ প্ৰথম দিনটো? চাওক আজিৰ ৰাশিফল…