Monthly Horoscope in Assamese : কেনে যাব আপোনাৰ ২০২৫ বৰ্ষৰ জুন মাহটো? মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক মাহটোৰ ৰাশিফল
Monthly Horoscope in Assamese for June 2025: আজি ১ জুন দেওবাৰ। চলিত মাহটো কেনে যাব আপোনাৰ? পাবনে মনে বিচৰা ধৰণে সফলতা? মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক মাহটোৰ ৰাশিফল।

জ্যোতিষ এনেকুৱা এটা বিজ্ঞান, যিয়ে মহাকাশৰ সূৰ্য, চন্দ্ৰ, মংগল, বুধ আদি গ্ৰহৰ ভিত্তিত ভৱিষ্যতৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। স্বাস্থ্য কেনেকুৱা হ’ব, বিবাহৰ যোগ কেতিয়া, বিবাহিত জীৱনত কেনেকৈ সুখেৰে জীয়াই থাকিব। এই সকলো উত্তৰ থাকে জ্যোতিষীৰ ওচৰত। কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ সৈতে সম্পৰ্কিত প্ৰতিটো সমস্যা সমাধান কৰিব পাৰে জ্যোতিষ শাস্ত্ৰই। জ্যোতিষীসকলৰ মতে, এই মাহটোত কেইটামান বিশেষ ৰাশিৰ লোকৰ ভাগ্য মুকলি হ’ব। আজি জানো আহক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক মাহটোৰ ৰাশিফল…
মেষ ৰাশি: এই মাহটো মেষ ৰাশিৰ জাতকসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত পৰিস্থিতি অনুকূল হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো মধ্যমীয়া। আপোনাৰ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত উন্নতি, শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান, স্বাস্থ্যজনিত সমস্যাইও আমনি দিব পাৰে। মেনেজমেণ্ট আৰু কম্পিউটাৰৰ ক্ষেত্ৰৰ সৈতে জড়িত শিক্ষাৰ্থীসকল লাভাম্বিত হ’ব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো অনুকূল হ’ব। প্ৰেম জীৱনৰ ক্ষেত্ৰ দেখা যায় যে এই মাহটো আপোনাৰ বাবে স্পৰ্শকাতৰ হ’ব। আপোনাৰ সম্পৰ্কত বাৰে বাৰে বিবাদ আৰু কাজিয়া হ’ব পাৰে। কোনো কোনো লোক প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে। বিবাহিতসকলৰ সম্পৰ্কত প্ৰেম আৰু আপোন ভাৱ বৃদ্ধি পাব, ৰোমাণ্টিকতাপূৰ্ণ সময় আহিব আৰু সম্পৰ্কত মধুৰতা থাকিব। আৰ্থিক জীৱৰ বাবে এই মাহটোৱে মজলীয়া।
প্ৰতিকাৰ- আপুনি শ্ৰী গণেশ মহাৰাজত বুধবাৰে দুবৰি বন অৰ্পণ কৰা উচিত।
বৃষ ৰাশি: এই মাহটো আপোনাৰ বাবে মিশ্ৰিত ফলদায়ক প্ৰমাণিত হ’ব। কেৰিয়াৰৰ দিশৰপৰা এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। আপুনি নিজৰ কৰ্মক্ষেত্ৰত শক্তিশালী হৈ থাকিব আৰু জেষ্ঠ্য বিষয়াসকলৰ সহযোগ লাভ কৰিব। তেওঁলোকৰ সৈতে সামঞ্জস্য গঢ়ি তুলিবলৈ আপুনি একেৰাহে প্ৰয়াস কৰিব আৰু ইয়াৰ বাবে আপুনি লাভাম্বিতও হ’ব। ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে এই মাহটো ভাল হ’ব। বুধ আৰু বুধাদিত্য যোগ গঠন হ’ব যি আপোনাৰ ৰাশিত থাকিব আৰু তাৰপৰা সপ্তম গৃহত দৃষ্টি পেলাব আৰু ইয়াৰ ফত ব্যৱসায়ত উন্নতি হ’ব। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটোত মিশ্ৰিত ফল লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতমূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে এই সময়খিনি ভাল। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে লাহে লাহে সফলতাৰ যোগ গঠন হ’ব। যদিহে আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰিব বিচাৰে তেনেহ’লে এই মাহৰ প্ৰথম সপ্তাহ তাৰ বাবে অনুকূল হ’ব। পাৰিবাৰিক জীৱনৰ বাবে এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। পৰিয়ালৰ উত্তৰোত্তৰ বৃদ্ধি হ’ব। ভাতৃ-ভগ্নীৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ’ব আৰু আপুনি সময়ে সময়ে তেওঁলোকৰ সান্নিধ্য তথা সমৰ্থন পাব । প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে এই মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে। যদিহে আপুনি সৎ তেনেহ’লে আপুনি সফলতা লাভ কৰিব। বিবাহিত জাতকসকলৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ’ব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো মধ্যময়ীয়াভাৱে ফলদায়ক হ’ব। বুকুৰ দ্বলা-পোৰা, খোচ মাৰি ধৰা আৰু ৰক্তচাপজনিত সমস্যা হ’ব পাৰে।
প্ৰতিকাৰ- শুক্ৰবাৰে মন্দিৰলৈ গৈ মাতা শ্ৰী মহালক্ষ্মী জীৰ কোনো মন্ত্ৰ জপ কৰা উচিত।
মিথুন ৰাশিঃ এই মাহটো আপোনাৰ বাবে শুভ। আপুনি বহুত যোগাযোগৰ সুবিধা পাব। আপুনি আপোনাৰ চৌপাশৰ মানুহক মৰম আৰু বন্ধুত্বপূৰ্ণ আচৰণেৰে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব, যিয়ে বিবাহিত জীৱনত সুখ কঢ়িয়াই আনিব। এই মাহটো প্ৰেমৰ বাবে অতি অনুকূল। আপোনাৰ সংগীৰ সৈতে ৰোমাঞ্চ বাঢ়িব, আপুনিও একেলগে বজাৰ কৰা দেখা যাব। আপুনি কোনো উৎসৱ, অনুষ্ঠান বা সন্মিলনত অংশগ্ৰহণ কৰিব পাৰে। এই সময় চাকৰি প্ৰত্যাশীৰ বাবে ভাল হ’ব। আপোনাৰ প্ৰমোচনৰ সুযোগ আছে। কিন্তু আপুনিও কিছুমান গুৰুতৰ অভিযোগৰ সন্মুখীন হ’ব পাৰে, গতিকে সাৱধান হওক। ব্যৱসায়ীসকলৰ বাবে সময় অনুকূল। আপোনাৰ চোকা বুদ্ধিয়ে আপোনাক ব্যৱসায়ত পথ প্ৰদৰ্শন কৰিব, যিয়ে আপোনাক ভৱিষ্যতেও লাভৱান কৰিব। ছাত্ৰ-ছাত্ৰীৰ কথা ক’বলৈ গ’লে এই মাহটো তেওঁলোকৰ বাবেও ভাল হ’ব। কঠোৰ পৰিশ্ৰম সফল হ’ব। পঢ়া-শুনাত ভাল ফলাফল পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান কোনো ডাঙৰ সমস্যা দেখা পোৱা নাযায়। কিন্তু সৰু সৰু সমস্যাবোৰকো অৱহেলা নকৰিব। প্ৰথম আৰু তৃতীয় সপ্তাহ ভ্ৰমণৰ বাবে ভাল।
প্ৰতিকাৰ- আপোনাৰ ৰাশি স্বামী বুধ গ্ৰহৰ বীজ মন্ত্ৰ জপ কৰাটো অত্যন্ত লাভদায়ক হ’ব।
কৰ্কট ৰাশি: এই মাহটো কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা মাহটো অনুকূল হ’ব। আপুনি কৰ্মক্ষেত্ৰত কাম কৰি যথেষ্ট সন্তুষ্ট হ’ব। আপুনি সম্পূৰ্ণ একাগ্ৰতাৰে নিজৰ কাম কৰিব আৰু নিজৰ কামত দক্ষ হ’ব। ব্যৱসায়ৰ সন্দৰ্ভত আপুনি যাত্ৰা কৰিবলগীয়া হ’ব পাৰে যি আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব আৰু ইয়াৰ বাবে ব্যৱসায়ৰ স্থিতি শক্তিশালী হ’ব। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো মধ্যমীয়া ৰূপত ফলদায়ক হ’ব। এই সময়খিনিত স্বাস্থ্যজনিত সমস্যাই শিক্ষাত বাধা উৎপন্ন কৰিব পাৰে সেয়েহে আপুনি স্বাস্থ্যৰ প্ৰতি কিছু মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা আছে। যদিহে আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেনেহ’লে যথেষ্ট মনোযোগ দিয়াৰ আৱশ্যকতা আছে। বিদেশলৈ গৈ অধ্যয়ন কৰা ইচ্ছা আছে যদি আপোনাৰ এই সপোন এই মাহত পূৰণ হ’ব পাৰে। পাৰিবাৰিক জীৱনৰ বাবে মাহটো মধ্যমীয়া হোৱাৰ সম্ভাৱনা। পৰিয়ালৰ লোকসকলৰ মাজত ভালপোৱা বৃদ্ধি হ’ব আৰু আপোনালোকে নতুন নতুন বস্তু ক্ৰয় কৰিব। প্ৰেমৰ সম্পৰ্কৰ বাবে মাহটো ভাল হ’ব। বৈবাহিক জাতকসকলৰ বাবে মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব পাৰে। এনে পৰিস্থিতিত কাজিয়া দূৰ কৰিবলৈ চেষ্টা কৰক। আৰ্থিক জীৱনত এই মাহটোত উত্থান-পতন অহাৰ সম্ভাৱনা আছে। আপোনাৰ নিৰন্তৰ ব্য়য় হৈ থাকিব যি আপোনাক চিন্তিত কৰিব কিন্তু মাহটোৰ আৰম্ভণিত আপোনাৰ আমদানী বৃদ্ধি হ’ব। স্বাস্থ্য মাহেকীয়া ৰাশিফল 2025 অনুসৰি এই মাহটো স্বাস্থ্যৰ ফালৰ পৰা উত্থান-পতন হ’ব। অষ্টম গৃহত ৰাহু, নৱম গৃহত শনি, দ্বাদশ গৃহত বৃহস্পতি আৰু দ্বিতীয় গৃহত কেতুৰ উপস্থিতিয়ে স্বাস্থ্য সমস্যা বৃদ্ধি কৰিব পাৰে সেয়েহে সাৱধানতা অৱলম্বন কৰিব লাগিব।
প্ৰতিকাৰ- মঙ্গলবাৰে শ্ৰী হনুমান চালিশা পাঠ নিশ্চয় কৰক।
সিংহ ৰাশি: জুন মাহটো আপোনাৰ বাবে বিভিন্ন ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা আছে। মানুহে আপোনাৰ কথা ভুলকৈ বুজিব পাৰে কিন্তু আপুনি কাৰো বেয়া চিন্তা নকৰে। স্বভাৱত আপোনাৰ ক্ৰোধ বাঢ়িব পাৰে, কাৰণ মঙ্গল মাহটোৰ আৰম্ভণইতে দ্বাদশ গৃহত আৰু প্ৰথম সপ্তাহত আপোনাৰেই ৰাশিত প্ৰৱেশ কৰিব। কেৰিয়াৰৰ দৃষ্টি কোণৰ পৰা এই মাহটো ভাল হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হ’ব। ব্যৱসায়ৰ লগত জড়িত জাতকসকলে নিজৰ নীতিত চলি ব্যৱসায় আগবঢ়ালে বৃহস্পতিৰ আশীৰ্বাদৰদ্বাৰা ব্যৱসায়ৰ উন্নতি কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় শিক্ষাৰ্থীসকলে ভাল খবৰ লাভ কৰিব পাৰে। মাহটোৰ প্ৰথম ভাগত ভাতৃ-ভগ্নীৰ স্বাস্থ্য ভাল হ’ব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক মধুৰ হ’ব। আপুনি সময়ে সময়ে তেওঁলোকৰ প্ৰয়োজনীয়তাৰ খবৰ ৰখা উচিত। প্ৰেম জীৱনৰ বাবে এই মাহটো যথেষ্ট ভাল। অবিবাহিত জাতকসকলৰ বিবাহৰ যোগ আছে। আৰ্থিক জীৱনৰ বাবে এই মাহটো মধ্যমীয়া হ’ব। আপুনি একাধিক মাধ্যমৰপৰা ধন প্ৰাপ্ত কৰিব যাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি দিনে দিনে ভাল হ’ব। স্বাস্থ্যৰ দিশৰপৰা এই মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব।
প্ৰতিকাৰ- প্ৰতি বুধবাৰে শ্ৰী গণেশ জীক দুবৰি বন অৰ্পণ কৰক।
কন্যা ৰাশি: এই মাহটো ইতিবাচক শক্তিৰে ভৰপূৰ হ’ব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব, সেয়েহে আপুনি হয়তো অতীতত কৰা কামত আগবাঢ়ি যোৱাৰ সুযোগ পাব। লক্ষ্যৰ প্ৰতি দৃঢ়প্ৰতিজ্ঞ হৈ থকাটো গুৰুত্বপূৰ্ণ, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ পৰাও সমৰ্থন লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যও উন্নত হ’ব। যদি আপুনি যিকোনো ধৰণৰ ভাগৰ অনুভৱ কৰি আছে তেন্তে আজি আপুনি সতেজ আৰু শক্তিশালী অনুভৱ কৰিব। ধ্যান আৰু যোগাসনে আপোনাৰ মানসিক শান্তি বৃদ্ধি কৰাত সহায় কৰিব। আপোনাৰ সামাজিক জীৱনতো নতুন সুযোগ আহিব পাৰে।
প্ৰতিকাৰ- আপুনি উন্নত মানদণ্ডৰ পান্না ৰত্ন শুক্ল পক্ষৰ বুধবাৰে নিজৰ কনিষ্ঠ আঙুলিত ধাৰণ কৰা উচিত।
তুলা ৰাশি: এই ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে জুন মাহটো উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব। আপোনাৰ ৰাশি স্বামী গোটেই মাহ জুৰি সপ্তম গৃহত বিৰাজমান হ’ব, কিন্তু মাহটোৰ শেষৰফালে অষ্টম গৃহত প্ৰৱেশ কৰিব। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই মাহটো আপোনাৰ বাবে উত্থান-পতনকেন্দ্ৰিকে হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰোবাৰ সৈতে যুক্তি-তৰ্ক বা বিবাদ হ’ব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ চাকৰিত দেখা যাব। ব্যৱসায়ত উন্নতিৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা গৈছে যে গোটেই মাহ জুৰি ৰাহু পঞ্চম গৃহত বিৰাজমান হ’ব যাৰ বাবে আপুনি একাগ্ৰতাৰ সমস্যাৰ সৈতে জড়িত হ’ব পাৰে। অৱশ্যে আপোনাৰ বুদ্ধিমত্তা তীক্ষ্ণ আৰু বিকশিত হ’ব। পাৰিবাৰিক জীৱনত এই মাহত মিশ্ৰিত ফল লাভ কৰিব। পৰিয়ালত পিতৃ-মাতৃৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। পিতৃৰ ব্যৱহাৰ কিছু খিংখিঙীয়া হৈ পৰিব পাৰে, তেওঁৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটোৰ সময়খিনি মধ্যমীয়া হ’ব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে আপুনি মিশ্ৰিত ফল লাভ কৰিব। এইখিনি সময়ত আপুনি কিছু পৰিমাণে লাভ প্ৰাপ্ত কৰিব। চাকৰিয়াল জাতক-জাতিকাৰ দৰমহা বৃদ্ধি হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে প্ৰথম সপ্তাহত ব্যৱসায়ত উত্তম লাভৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিকাৰ- শ্ৰী দুৰ্গা চালিশা পাঠ কৰাটো অথবা শ্ৰী দুৰ্গা স্তুতি কৰাটো আপোনাৰ বাবে লাভদায়ক হ’ব।
বৃশ্চিক ৰাশি: এই মাহত বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ বাবে বহু গুৰুত্বপূৰ্ণ সুযোগ আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি হ’ব। আপোনাৰ গভীৰতা আৰু সংবেদনশীলতাই এই সময়ত আনৰ অনুভৱ বুজিবলৈ সহায় কৰিব। আপোনাৰ কেৰিয়াৰত দলীয় কামত অংশগ্ৰহণ বৃদ্ধি পাব, কিন্তু আপুনি নিশ্চিত কৰিব লাগিব যে আপোনাৰ মতামতসমূহো ৰাজহুৱা কৰা হয়। এই মাহতো সম্পৰ্ক গভীৰ হ’ব পাৰে। আপোনজনৰ সৈতে মুকলিকৈ বাৰ্তালাপ কৰক আৰু আপোনাৰ চিন্তাধাৰা শ্বেয়াৰ কৰক। নিজৰ অন্তৰ্নিহিত অনুভৱ প্ৰকাশ কৰাৰ সময় আহি পৰিছে। যদি আপুনি অবিবাহিত তেন্তে নতুন সম্পৰ্কৰ সম্ভাৱনা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি নিজৰ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগিব। নিয়মিত ব্যায়াম আৰু সুষম খাদ্যই আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব। মনত ৰাখিব কল্পনাই আপোনাৰ সৰ্বোচ্চ শক্তি, ইয়াক ব্যৱহাৰ কৰক আৰু নিজৰ লক্ষ্যত উপনীত হওক। আত্মবিশ্বাসী হওক আৰু আপোনাৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক। আপোনাৰ সম্ভাৱনাক চিনি পোৱা আৰু উপলব্ধি কৰাৰ ক্ষেত্ৰত এই মাহটো ইতিবাচক প্ৰমাণিত হ’ব।
প্ৰতিকাৰ- আপুনি নিজৰ ৰাশি স্বামী মঙ্গল মহাৰাজক শক্তিশালী কৰিবৰ বাবে তেওঁৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
ধনু ৰাশি: এই মাহটো ধনু ৰাশিৰ জাতকসকলৰ বাবে উত্থান-পতনেৰে পৰিপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰাশি স্বামী বৃহস্পতি মহাৰাজ গোটেই মাহ জুৰি সপ্তম গৃহত বিৰাজমান হ’ব, কিন্তু ৯ জুনৰপৰা অস্ত অৱস্থালৈ আহিব। বৃহস্পতিৰ শুভ প্ৰভাৱ কিছু হ্ৰাস পাব পাৰে যাৰ বাবে বেপাৰ আৰু বৈবাহিক জীৱনত উত্থান-পতনৰ স্থিতি আহিব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা এই মাহটো মধ্যমীয়াতকৈ কিছু উন্নত হ’ব। এইখিনি সময়ত আপোনাৰ পদোন্নতিৰ যোগ আছে। ব্যৱসায় কৰা জাতকসকলৰ বাবে মাহটোত উত্থান-পতন থাকিব। মাহটোৰ আৰম্ভণি কিছু দুৰ্বল হ’ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ আৰম্ভণি ভাল হ’ব, কিন্তু আপোনাৰ একাগ্ৰতা বাৰে বাৰে ভংগ হ’ব পাৰে। যিসকল শিক্ষাৰ্থীয়ে মেডিকেল বা শল্য চিকিৎসা অধ্যয়ন কৰি আছে তেওঁলোকে অধিক সফলতা লাভ কৰাৰ যোগ আছে। পাৰিবাৰিক জীৱনতো এই মাহত উত্থান-পতন থাকিব। পাৰিবাৰিক জীৱনত কিছু অসন্তুলন থাকিব পাৰে। আপোনাৰ সামঞ্জস্যতাৰ অভাৱৰ বাবে পাৰিবাৰিক পৰিৱেশ বিনষ্ট হ’ব পাৰে। পাৰিবাৰিক সম্পত্তিৰদ্বাৰা আপুনি লাভাম্বিত হ’ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহটো কিছু পৰিমাণে অনুকূল হ’ব। এইখিনি সময়ত প্ৰেমাস্পদৰ সৈতে কিছু যুক্তি-তৰ্ক হ’ব পাৰে বা তেওঁক স্বাস্থ্যজনিত সমস্যাই আক্ৰমণ কৰিব পাৰে। বৈবাহিক সম্পৰ্কত চাপ আৰু কাজিয়া-পেচাল বৃদ্ধি হ’ব পাৰে। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটোৱে মিশ্ৰিত পৰিণাম প্ৰদান কৰিব। পৰিয়ালৰ সদস্যসকলৰ আমদানীৰপৰাও সম্পত্তি বৃদ্ধি হোৱা দেখা যাব। এইখিনি সময়ত কেইবাটাও চাকৰি প্ৰাপ্ত কৰাৰ যোগ আছে। ব্যয় বৃদ্ধি হ’ব কিন্তু আমদানী ভালে থকাৰ বাবে আপোনাৰ কোনো ডাঙৰ সমস্যা নহয় আৰু আপুনি আৰ্থিক দিশত শক্তিশালী হৈ থাকিব। জুন মাহেকীয়া ৰাশিফল ২০২৫ অনুসৰি এই মাহটো স্বাস্থ্যৰ দিশৰপৰা কিছু দুৰ্বল হ’ব। মাহটোৰ প্ৰথম সপ্তাহত আপুনি স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে মনোযোগ দিব লাগিব।
প্ৰতিকাৰ- আপোনাৰ ৰাশি স্বামী বৃহস্পতি মহাৰাজৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
মকৰ ৰাশি: মকৰ ৰাশিৰ লোকে জুন মাহত উৎসাহ আৰু নতুন শক্তি লাভ কৰিব, যাৰ ফলত তেওঁলোকে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ অধিক দৃঢ়তা লাভ কৰিব। লগতে সম্পৰ্কো শক্তিশালী হ’ব আৰু নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকিব। কৰ্মচাৰী সকলৰ সৈতে ভাল সম্পৰ্ক থাকিব। বন্ধু, আত্মীয়-স্বজন, বা প্ৰেমিক-প্ৰেমিকাৰ সৈতে সম্পৰ্কত নতুন শক্তি আহিব আৰু সম্পৰ্ক অধিক শক্তিশালী হ’ব। এই মাহটোতে মকৰ ৰাশিৰ লোকে নিজৰ ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ নতুন সুযোগ লাভ কৰিব, যাৰ ফলত তেওঁলোকে নিজৰ লক্ষ্যৰ দিশে অধিক দৃঢ়তাৰে আগবাঢ়ি যাব।
প্ৰতিকাৰ- আপুনি শনি দেৱতাৰ বীজ মন্ত্ৰ জপ কৰা উচিত।
কুম্ভ ৰাশি: এই ৰাশিৰ জাতকসকলৰ বাবে মাহটো মধ্যমীয়া হ’ব। আপোনাৰ ৰাশিত গোটেই মাহ জুৰি ৰাহু আৰু সপ্তম গৃহত কেতু মহাৰাজ বিৰাজমান হ’ব যাৰ বাবে আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা প্ৰভাৱিত হ’ব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা মাহটো অনুকূল হ’ব। এইখিনি সময়ত আপুনি যথেষ্ট কষ্টও কৰিব আৰু নিজৰ প্ৰচেষ্টা সঠিক দিশত আগবঢ়াব। কেতিয়াবা কেতিয়াবা কৰ্মক্ষেত্ৰত কোনো বাদ-বিবাদ অৱশ্যে হ’ব পাৰে সেয়েহে এইবোৰৰ পৰা আঁতৰি থাকিব। ব্যৱসায়ে নতুন গতি লাভ কৰিব পাৰে আৰু ইয়াৰদ্বাৰা ব্যৱসায়ত উন্নতি লাভৰ অৱকাশ আছে। শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ আৰম্ভণি যথেষ্ট ভাল হ’ব। যিমানেই আপুনি চেষ্টা কৰিব সিমানেই আপুনি সফলতাৰ পথত আগুৱাব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চৱাই থকা শিক্ষাৰ্থীসকলৰ বাবে মাহটোৰ আৰম্ভণিৰপৰা তৃতীয় সপ্তাহলৈকে সময়খিনি ভাল হ’ব। এই মাহটো পাৰিবাৰিক জীৱনৰ বাবে মধ্যমীয়া হ’ব। আপোনাৰ পিতৃ-মাতৃৰ সান্নিধ্য আৰু তেওঁলোকৰ পথ প্ৰদৰ্শনত পৰিয়ালৰ উন্নতি হ’ব। কোনো ভাল খবৰৰ বাবে ঘৰৰ পৰিৱেশ আনন্দময় হৈ উঠিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। আপুনি কোনো মিত্ৰৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে আৰু ইয়াৰ ফলত তেওঁৰ প্ৰতি মনত প্ৰেমৰ ভাৱ অংকুৰিত হ’ব পাৰে। বিবাহিত জাতকসকলৰ বাবে মাহটোত উত্থান-পতন থাকিব আৰু আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰ্থিক দিশত মাহটো মোটামোটি ঠিকেই হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ৰক্তজনিত সমস্যা, অনিয়মিত ৰক্তচাপ, ৰক্ত অসন্তুলন, আঘাত, ঘাঁ, ফোঁহা আদি হ’ব পাৰে। সেয়েহে স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক আৰু প্ৰয়োজন হ’লে চিকিৎসকৰ কাষ চাপক।
প্ৰতিকাৰ- শনিবাৰৰ দিনা শ্ৰী শনি দেৱতাৰ বীজ মন্ত্ৰ জপ কৰক আৰু বট গছত জল অৰ্পণ কৰক।
মীন ৰাশি: এই মাহটো মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কিছু পৰিমাণে অনুকূল হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই মাহত আপুনি নিজৰ ব্যয়ক লৈ যথেষ্ট পৰিপক্তা দেখুৱাব লাগিব। কাৰণ ব্যয়ে আপোনাক যথেষ্ট সমস্যাত পেলাব পাৰে। কেৰিয়াৰৰ দিশৰ পৰা এই মাহটো প্ৰায় ভালেই হ’ব। নিজৰ কষ্ট, পৰিপক্কতা আৰু বিশ্বাসভাজনতাৰ পৰিচয় দি আপুনি কৰ্মক্ষেত্ৰত নিজৰ নাম উজ্বল কৰিব পাৰিব। ব্যৱসায় কৰা জাতকসকলৰ বাবে মাহটো ভালে। ব্যৱসায়ৰ সন্দৰ্ভত কৰা যাত্ৰাই আপোনাক লাভাম্বিত কৰিব। শিক্ষাৰ্থীসকলে এই মাহত কঠিন প্ৰত্যাহ্বানৰ সম্মুখীন হ’বৰ বাবে নিজকে সাজু কৰি ৰাখিব লাগিব। এই মাহটোৱে আপোনাৰ কঠিন পৰীক্ষা ল’ব পাৰে। আপোনাৰ বুদ্ধি আৰু প্ৰজ্ঞা বৃদ্ধি হ’ব। পাৰিবাৰিক জীৱনৰ বাবে মাহটো অনুকূল হ’ব। ঘৰৰ পৰিৱেশ লঘূ আৰু সামঞ্জস্যপূৰ্ণ হৈ থাকিব আৰু ঘৰ পৰিয়ালত পাৰস্পৰিক মৰম-ভালপোৱা বৃদ্ধি পাব। ঘৰলৈ কোনো ভাল খবৰ অহাৰ সম্ভাৱনা আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহটো কঠিন প্ৰত্যাহ্বানেৰে ভৰা হ’ব পাৰে। আৰ্থিক জীৱনত উত্থান-পতন অহাৰ সম্ভাৱনা আছে। আপোনাৰ আমদানী কিছু পৰিমাণে বৃদ্ধি হ’ব আৰু লগতে ব্যয়ো বৃদ্ধি হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত দেখা যায় যে এই মাহটো কিছু সমস্যাজনক হ’ব পাৰে। আপোনাৰ পেট আৰু বৃহদান্ত্ৰৰ সৈতে জড়িত সমস্যা হ’ব পাৰে সেয়েহে এইক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাটো ভাল।
প্ৰতিকাৰ- আপুনি নিজৰ ৰাশি স্বামী দেৱগুৰু বৃহস্পতি মহাৰাজৰ বীজ মন্ত্ৰ জপ কৰা উচিত।