সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংসৰ লগতে পাকিস্তানক আন এক আঘাত দিলে ভাৰতে
পাকিস্তান সেনাই জনোৱা মতে, বিমান আক্ৰমণৰ পিছত প্ৰায় ২ বজাত নৌচেৰী বান্ধত বোমা নিক্ষেপ কৰা হয়, যাৰ বাবে মথাউৰিটোৰ ক্ষতিসাধন হয় । পাকিস্তানে ইয়াক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰিছে । একে সময়তে ভাৰতে এই সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া দিয়া নাই ।

পাকিস্তানত অভিযান চলাই সন্ত্ৰাসবাদীক হত্যা কৰাৰ পিছত ভাৰতীয় সেনাই চুবুৰীয়া দেশখনক আন এক আঘাত দিছে । পাকিস্তানৰ মতে, এই আক্ৰমণৰ পিছত ভাৰতীয় বায়ুসেনাৰ জোৱানে ইয়াৰ জলাশয়সমূহ ধ্বংস কৰিছে । এছ’চিয়েটেড প্ৰেছৰ তথ্য অনুসৰি পাকিস্তানৰ ৯টা স্থানত বিমান আক্ৰমণৰ পিছত ভাৰতীয় সেনাৰ জোৱানে নীলম নদীৰ নৌচেৰী বান্ধত বোমা নিক্ষেপ কৰে । বোমা বিস্ফোৰণৰ ফলত মথাউৰিটোৰ ক্ষতিসাধন হৈছে । নাউচেৰী বান্ধৰ পৰা বিদ্যুৎ উৎপাদন হয় ।
কি ক’লে পাকিস্তানে?
পাকিস্তান সেনাই জনোৱা মতে, বিমান আক্ৰমণৰ পিছত প্ৰায় ২ বজাত নৌচেৰী বান্ধত বোমা নিক্ষেপ কৰা হয়, যাৰ বাবে মথাউৰিটোৰ ক্ষতিসাধন হয় । পাকিস্তানে ইয়াক আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা বুলি অভিহিত কৰিছে । একে সময়তে ভাৰতে এই সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া দিয়া নাই । ভাৰতৰ সীমান্তৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত নীলম উপত্যকা । এইটো পাকিস্তান অধিকৃত কাশ্মীৰৰ এটা অংশ । পাহালগাম আক্ৰমণৰ পিছত পাকিস্তানৰ নীলম উপত্যকা অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।
এই আক্ৰমণত ১০০ৰো অধিক লোকৰ মৃত্যু
আনহাতে পাকিস্তানত এই আক্ৰমণৰ ফলত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । শিয়ালকোটৰ মুজাফ্ফৰাবাদ অঞ্চলত ভাৰতে আক্ৰমণ চলাইছে । ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে সন্ত্ৰাসবাদী শিবিৰ থকা অঞ্চলবোৰতে এই আক্ৰমণ সংঘটিত হৈছে ।
ভাৰতে জইছ-ই-মহম্মদৰ ৪টা, লস্কৰ-ই-তৈবাৰ ৩টা আৰু হিজবুল মুজাহিদীনৰ ২টা শিবিৰ ধ্বংস কৰিছে । ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই সন্ত্ৰাসবাদী সংগঠনসমূহে পুনৰ আক্ৰমণৰ প্ৰস্তুতি চলাইছিল ।
ভাৰতে পাকিস্তানৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলোৱা ঘটনা এয়াই প্ৰথম নহয় । ২০১৬ চনত উৰি আৰু ২০১৯ চনত পুলৱামাত সংঘটিত আক্ৰমণৰ পিছতো ভাৰতে চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল । উৰি চাৰ্জিকেল ষ্ট্ৰাইকত ২৫০ জন সন্ত্ৰাসবাদী আৰু বালাকোট চাৰ্জিকেল ষ্ট্ৰাইকত ৩০০ টা সন্ত্ৰাসবাদী নিহত হয় । দুয়োটা ষ্ট্ৰাইকৰ পিছত পাকিস্তান পিছুৱাই গৈছিল ।