শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিজকে সংযত কৰক, ন’হলে… স্বাধীনতা উদযাপনৰ দিনটোতে পাকিস্তানক সকীয়ালে ভাৰতে

তেওঁ কয় যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অহৰহ ঘৃণনীয় মন্তব্য কৰি আছে। নিজৰ ব্যৰ্থতা লুকুৱাবলৈ বাৰে বাৰে দেশখনে ভাৰত বিৰোধী বক্তব্য দিছে বুলি উল্লেখ কৰি জয়ছোৱালে লগতে এয়া পাকিস্তানৰ পুৰণি অভ্যাস বুলিও কটাক্ষ কৰে।

নিজকে সংযত কৰক, ন’হলে… স্বাধীনতা উদযাপনৰ দিনটোতে পাকিস্তানক সকীয়ালে ভাৰতে
পাকিস্তানক সকীয়নি ভাৰতৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 14 Aug 2025 20:06 PM

কাইলৈ স্বাধীনতা দিৱস উদযাপন কৰিব ভাৰতে তাৰ পূৰ্বে আজি স্বাধীনতা দিৱস উদযাপন কৰিছে চুবুৰীয়া দেশ পাকিস্তানে পিছে স্বাধীনতা দিৱসৰ দিনটোতে দেশখনে কঠোৰ সকীয়নি শুনিব লগা হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনীৰ আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দিয়া ভাবুকিৰ প্ৰত্যুত্তৰ দি ভাৰতে চুবুৰীয়া দেশখনক সকীয়নি প্ৰদান কৰিছে ভাৰতে পাকিস্তানক দিছে স্পষ্ট সকীয়নিনিজকে সংযত কৰি, অন্যথা যন্ত্ৰণাদায়ক পৰিণতিৰ সন্মুখীন হ’ব লাগিব। ইতিপূৰ্বেও ভাৰতে পাকিস্তানে নিজৰ সীমাৰ ভিতৰতে থাকিব লাগে বুলি আন এক সকীয়নি প্ৰদান কৰিছিল।

উল্লেখ্য যে পাক সেনাধ্যক্ষ মুনীৰ আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজে শেহতীয়া সময়ছোৱাত সিন্ধু জল চুক্তি সন্দর্ভত ভাৰতৰ বিৰুদ্ধে নানা বক্তব্য কৰি অহা পৰিলক্ষিত হৈছে আনকি সেনাপ্ৰধান মুনীৰে ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰাৰো ভাবুকি দিছিল এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

তেওঁ কয় যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অহৰহ ঘৃণনীয় মন্তব্য কৰি আছে। নিজৰ ব্যৰ্থতা লুকুৱাবলৈ বাৰে বাৰে দেশখনে ভাৰত বিৰোধী বক্তব্য দিছে বুলি উল্লেখ কৰি জয়ছোৱালে লগতে এয়া পাকিস্তানৰ পুৰণি অভ্যাস বুলিও কটাক্ষ কৰে। পাকিস্তানে নিজৰ আচৰণ সংযত কৰাটো প্ৰয়োজন, নহ’লে এনে দুঃসাহসৰ ফলত বেদনাদায়ক পৰিণতি ভুগিব বুলি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে লগতে কয়

শেহতীয়াকৈ মুনীৰে আমেৰিকাত এক ব্যক্তিগত অনুষ্ঠানত ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছিল। যদি পাকিস্তানৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহে, তেতিয়া নিজৰ লগতে আধা বিশ্বও ধ্বংস কৰিব বুলি মন্তব্য কৰিছিল পাক সেনাপ্ৰধানগৰাকীয়ে সিন্ধু নদী ভাৰতৰ ব্যক্তিগত সম্পত্তি নহয় বুলি দাবী কৰি মুনীৰে লগতে ভাৰতে সিন্ধু ওপৰত মথাউৰি সাজিলে ১০টা ক্ষেপণাস্ত্ৰৰে ধ্বংস কৰি দিয়া হ’ব বুলিও মন্তব্য কৰিছিল।

একেদৰে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও এনে উচটনিমূলক বক্তব্য কৰিছিল। ভাৰতক পাকিস্তানৰ পৰা এটোপাল পানীও ল’বলৈ দিয়া নহ’ব আৰু যদি ভাৰতে তেনে কৰিবলৈ চেষ্টা কৰে, তেতিয়া ভাৰতে কেতিয়াও পাহৰিব নোৱাৰা পাঠ দিয়া হ’ব বুলি মন্তব্য কৰিছিল পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত এই বিবৃতি দিছিল শ্বাহবাজ শ্বৰীফে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল। ভাৰতৰ এই সিদ্ধান্তৰ বিৰুদ্ধে পাকিস্তানে আৰ্বিট্ৰেচন কোৰ্ট (Permanent Court of Arbitration-PCA)ত অভিযোগ দিছিল। আদালতে পাকিস্তানৰ সপক্ষে ৰায় দিয়ে যদিও ভাৰতে এই ৰায়ক অবৈধ বুলি অভিহিত কৰে। ভাৰতে এই আদালতৰ বৈধতা কেতিয়াও মানি লোৱা নাছিল বুলি মন্তব্য কৰিছে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ জয়ছোৱালে।