“কোনো প্ৰকৃত ভাৰতীয়ই এনে কথা নকয়!” কোনে কি প্ৰসংগত এইদৰে ক’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক?
Remarks against Army: ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতীয় সেনা সন্দৰ্ভত কৰা এক মন্তব্যক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হৈছিল মানহানিৰ গোচৰ। সেই গোচৰত উচ্চতম ন্যায়ালয়ত সকাহ লাভ কৰিছে বিৰোধী নেতাগৰাকীয়ে।

ভাৰতীয় সেনাৰ পৰাক্ৰম সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হৈছিল মানহানিৰ গোচৰ। শেহতীয়াকৈ এই গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছে কংগ্ৰেছ নেতাজনে।
ভাৰতীয় সেনাৰ পৰাক্ৰম সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হৈছিল মানহানিৰ গোচৰ। শেহতীয়াকৈ এই গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছে কংগ্ৰেছ নেতাজনে। লক্ষ্ণৌৰ বিচাৰ আদালতৰ চমন স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। এই বিষয়ত আদালতে জাননী জাৰি কৰি উত্তৰ বিচাৰিছে। ৰাহুল গান্ধীয়ে ২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ভাৰতীয় সেনাক লৈ মন্তব্য কৰিছিল।
“কোনো প্ৰকৃত ভাৰতীয়ই এই কথা নকয়”
ন্যায়াধীশ দীপাংকৰ দত্ত আৰু অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰ আৰু গোচৰৰ অভিযোগকাৰীক জাননী জাৰি কৰে। “আপুনি বিৰোধী দলৰ নেতা। সংসদত কথা কওক, ছ’চিয়েল মিডিয়াত কিয় কৈছে? আপুনি কেনেকৈ জানিলে যে ভাৰতৰ ২০০০ বৰ্গ কিলোমিটাৰ মাটি চীনে দখল কৰিছিল, যদি আপুনি প্ৰকৃত ভাৰতীয় হয়, তেন্তে আপুনি এনেকুৱা কথা নক’ব।” বিচাৰপীঠে কয়।
উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰি নিম্ন আদালতে চমন জাৰি কৰে। ২৯ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰিছিল। গান্ধীয়ে চমন অৰ্ডাৰ আৰু অভিযোগক প্ৰত্যাহ্বান জনাইছিল আৰু যুক্তি দিছিল যে ইয়াক প্ৰৰোচনাত্মক আৰু অসৎভাৱে দাখিল কৰা হৈছে।
আদালতত দাখিল কৰা আবেদনত অভিযোগকাৰী উদয় শংকৰ শ্ৰীবাস্তৱে অভিযোগ কৰে যে ২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে চীনৰ সৈতে সীমান্তৰ সংঘাতৰ প্ৰেক্ষাপটত ভাৰতীয় সেনাক লৈ কেইবাটাও অপমানজনক মন্তব্য কৰিছিল।
কি বক্তব্য দিলে ৰাহুল গান্ধীয়ে?
ৰাহুল গান্ধীয়ে সেনা সন্দৰ্ভত মন্তব্য কৰাৰ বাবেই মানহানিৰ গোচৰ ৰুজু হৈছিল। ৰাহুল গান্ধীয়ে কৈছিল যে চীনৰ সৈন্যই “অৰুণাচল প্ৰদেশত ভাৰতীয় সৈনিকক প্ৰহাৰ কৰি আছে”। ২০২২ চনত ৰাজস্থানত এখন সংবাদমেলৰ সময়ত এই মন্তব্য কৰা হৈছিল।
কংগ্ৰেছ নেতাগৰাকীয়ে কৈছিল, “ৰাইজে ভাৰত জোড়ো যাত্ৰা, অশোক গেহলট আৰু শচীন পাইলট আদিৰ বিষয়ে সুধিব। কিন্তু চীনে ২০০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূমি দখল কৰি ২০ জন ভাৰতীয় সৈনিকক হত্যা কৰি অৰুণাচল প্ৰদেশত আমাৰ জোৱানক প্ৰহাৰ কৰা সন্দৰ্ভত এটাও প্ৰশ্ন নকৰে। ভাৰতীয় প্ৰেছে তেওঁলোকক এই বিষয়ে এটাও প্ৰশ্ন নকৰে।” এই বক্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।