শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমৰ সৰ্ববৃহৎ গণ আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি…

১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোতে অসম আন্দোলনৰ সময়ত বৰপেটাত আৰক্ষীৰ গুলীত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তেওঁ হৈছে ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আজিৰ দিনটো ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।

অসমৰ সৰ্ববৃহৎ গণ আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি…
manas-borah
Manas Borah | Updated On: 10 Dec 2025 09:06 AM

আজি ৰাজ্যজুৰি পালন কৰা হ’ব শ্বহীদ দিৱস। এই উপলক্ষে জিলাই জিলাই পৰিৱেশন কৰা হ’ব শ্বহীদ প্ৰণামো তোমাক গীতটি। আজি এই বিশেষ দিনটোতে ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। উল্লেখ্য যে, ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ দিনটোতে অসম আন্দোলনৰ সময়ত বৰপেটাত আৰক্ষীৰ গুলীত নিহত হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। তেওঁ হৈছে ছবছৰীয়া অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আজিৰ দিনটো ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।

মঙলদৈ উপ-নিৰ্বাচনৰ পৰাই এই আন্দোলনৰ আৰম্ভণি। সেই উপ-নিৰ্বাচনৰ সময়ত প্ৰকাশ পোৱা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল ৪৫ হাজাৰ সন্দেহযুক্ত অবৈধ বিদেশী ভোটাৰৰ নাম। যাক লৈ উদ্বিগ্ন হৈ পৰিছিল অসমবাসী। ১৯৭৮ চনৰ মঙলদৈ উপ-নিৰ্বাচনটোৱে আছিল অসম আন্দোলনৰ আৰম্ভণি।

যেতিয়াই ভোটাৰ তালিকাত সন্দেহযুক্ত ভোটাৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল, তেতিয়াৰ পৰাই সমগ্ৰ ৰাজ্যতে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত কৰা আন্দোলন তীব্ৰতৰ হৈ পৰে। হাজাৰ হাজাৰ অসমীয়া যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা আন্দোলনটোৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থাই।

এই আন্দোলনটোত ৮৬০ গৰাকী শ্বহীদ হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছিল বহু লোক। এই ঐতিহাসিক অসম আন্দোলনৰ সময়ত ১৯৭৯ চনৰ ১০ ডিচেম্বৰত বৰপেটা জিলাৰ ভৱানীপুৰত পুলিচৰ গুলীত প্ৰথম শ্বহীদ হয় খৰ্গেশ্বৰ তালুকদাৰ।

শ্বহীদ দিৱসৰ উপলক্ষে সেই অসম আন্দোলনৰ শ্বহীদক সোঁৱৰণ কৰি আজি জিলাই জিলাই পৰিৱেশন কৰা হ’ব শ্বহীদ প্ৰণামো তোমাক গীতটি। ইফালে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকো উন্মোচন কৰা হ’ব। পশ্চিম বৰাগাঁৱত ১৭০ কোটি টকা ব্যয়েৰে ৮৬০ গৰাকী স্মৃৰ্তিত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান আজি মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।