আলমখি নে আলমখিৰ ৰস, কোনটো বেছি উপকাৰী ?

December 10, 2025

TV9 ASSAM

আলমখি বা আলমখিৰ ৰসৰ স্বাস্থ্য উপকাৰী গুণ অধিক। শীতকালত ই শৰীৰটোক সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

আলমখি বা আলমখিৰ ৰস

আমলখিত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ঋতু পৰিবৰ্তনৰ লগে লগে হোৱা সংক্ৰমণ ৰোধ কৰাত ই উপকাৰী।

ৰোগ প্ৰতিৰোধ ক্ষমতা

আমলখিত পলিফিনল, ফ্লেভনয়ড, টেনিন আদি এন্টিঅক্সিডেন্ট থাকে। এই সকলোবোৰ উপাদানে অক্সিডেটিভ চাপ নিয়ন্ত্ৰণ কৰে আৰু শৰীৰৰ কোষৰ ধ্বংস ৰোধ কৰিব পাৰে।

অক্সিডেটিভ চাপ

প্ৰতিদিনে এটা আমলখি খালে পাচনতন্ত্ৰৰ সমস্যা নাইকিয়া হ’ব পাৰে। আমলখিয়ে কোষ্ঠকাঠিন্য সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰে।

পাচনতন্ত্ৰৰ সমস্যা

ওজন কমাবলৈ প্ৰথম চৰ্ত হ’ল বিপাকীয় ক্ৰিয়া উন্নত কৰা। আমলখিত থকা ভিটামিন চি বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ বাবে উপযোগী।

বিপাকীয় ক্ৰিয়া

আমলখি ছালৰ বাবেও উপকাৰী। লগতে ই চুলিৰ বাবেও উপকাৰী। ইয়াত থকা উপাদানে চুলিৰ শিপাবোৰ মজবুত কৰে।

ছালৰ বাবে উপকাৰী

গোটা আমলখি আৰু ইয়াৰ ৰস দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ ৰসে হজম শক্তি আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে। আমলখি চোবাই খালে অধিক পুষ্টিকৰ উপাদান পোৱা যায়।

কোনটো খাব ?

পঢ়িবলৈ ক্লিক কৰক

গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ