শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহ! ২২ দিন পাছত এটা মন্দিৰত ভয়ংকৰ কাণ্ড স্বামী-স্ত্ৰী…

প্ৰেম বিবাহৰ পাছতে এহাল পুৰুষ-মহিলাই গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। এটা মন্দিৰত দুয়োৰে মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

পৰিয়ালৰ বিৰুদ্ধে গৈ প্ৰেম বিবাহ! ২২ দিন পাছত এটা মন্দিৰত ভয়ংকৰ কাণ্ড স্বামী-স্ত্ৰী…
স্বামী-স্ত্ৰী
barasha-sarma
Barasha Sarma | Published: 28 Dec 2025 19:44 PM

পুনৰ পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। দেওবাৰে (২৮ ডিচেম্বৰ)য়ে পুৱা উত্তৰ প্ৰদেশৰ হৰগাঁও থানা এলেকাৰ বিখ্যাত মন্দিৰ মহামায়া মন্দিৰত এহাল দম্পতীয়ে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। এডাল গছত দুয়োৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আচৰিত কথা এয়াই যে, এই দম্পতীহালে মাত্ৰ ২২ দিন আগতে সেই মন্দিৰতে বিবাহ পাশত আৱদ্ধ হৈছিল।

মৃতদেহ দুটা খুছিৰাম (২২) আৰু তেওঁৰ ১৯ বছৰীয়া পত্নী বুলি চিনাক্ত হৈছে। খবৰ অনুসৰি, খুছিৰাম আৰু যুৱতীগৰাকীৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। পৰিয়ালে এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল। কিন্তু তাৰ পাছতো যোৱা ৬ ডিচেম্বৰত দুয়ো মন্দিৰত বৈদিক নীতি-নিয়ম অনুসৰি বিবাহ-পাশত আৱদ্ধ হয়। পিছে বিয়াৰ পাছত দুয়োৰে পৰিয়ালৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছিল।

আৰক্ষীৰ মতে, সময়ৰ লগে লগে তেওঁলোকে সকলো ঠিক হৈ যাব বুলি আশা কৰিছিল যদিও পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক মানি লোৱা নাছিল। ইয়াৰ মাজতে দুয়োৰে মৃতদেহ এনেকৈ এডাল গছত, এডাৰ ৰছীৰ মাজত উদ্ধাৰ হয়। যিয়ে বিভিন্নজনৰ মনত ডাঙৰ প্ৰশ্ন উত্থাপন  কৰিছে।

আৰক্ষীয়ে জনাই যে, আজি পুৱা যেতিয়া ভক্ত মন্দিৰটোলৈ আহে তেতিয়া দুয়োৰে মৃতদেহ প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুয়োৰে পৰিয়ালক অৱগত কৰি তদন্ত আৰম্ভ কৰিছে।

এয়া চৰম পন্থা নে আন কিবা সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। দীৰ্ঘদিন ধৰি দুয়ো মানসিক অশান্তিত ভুগি আছিল, পৰিয়ালেও তেওঁলোকক হাৰাশাস্তি কৰি আছিল, দুয়োটা পৰিয়ালৰ মাজত চলি আছিল মতভেদ, যাৰ মাজতে এই ঘটনা সংঘটিত হয়। এতিয়া ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰিয়ালৰ লোকক জেৰা চলাই আছে। গতিকে তদন্তৰ অন্তত জানিব পৰা যাব এয়া চৰম পন্থা নে আন কিবা।

 

অন্য খবৰ পঢ়কঃ জাবৰৰ মাজত পৰি আছিল এটা বেগ! উদ্ধাৰ মহিলাৰ মৃতেদহ…