প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰা ভাৰত-পাক মেচলৈ, পলকতে পঢ়ক দিনটোৰ মুখ্য খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণ আজি দিনটোত সংবাদ শিৰোনামত থাকে। পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি দুদিনীয়া ভ্ৰমণ সামৰি তেওঁ আজি বিয়লি দিল্লীলৈ উভতে। ইফালে ১৯ অনুৰ্ধ এছিয়া কাপত পাকিস্তানৰ বিপক্ষে ভাৰতৰ পৰাজয়ে লাভ কৰিছে যথেষ্ট চৰ্চা। দিনটোৰ এনে বহু চৰ্চিত খবৰ পঢ়ক থোৰতে।

দিনটোৰ মুখ্য খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণ আজি দিনটোত সংবাদ শিৰোনামত থাকে। পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি দুদিনীয়া ভ্ৰমণ সামৰি তেওঁ আজি বিয়লি দিল্লীলৈ উভতে। ইফালে ১৯ অনুৰ্ধ এছিয়া কাপত পাকিস্তানৰ বিপক্ষে ভাৰতৰ পৰাজয়ে লাভ কৰিছে যথেষ্ট চৰ্চা। দিনটোৰ এনে বহু চৰ্চিত খবৰ পঢ়ক থোৰতে-
- দুদিনীয়া ভ্ৰমণসূচী সামৰি অসমৰ পৰা উভতিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি পুৱা তেওঁ লুইতৰ বুকুত পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানত অংশ লয়। নামৰূপত এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশ লৈ এই ভ্ৰমণসূচী সামৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
- আজি পুৱা গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ সাহস আৰু ত্যাগৰ কথা সুঁৱৰি আৱেগিক হৈ পৰা বুলি তেওঁ উল্লেখ কৰে।
- নামৰূপত আজি নতুন এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী মোদীয়ে। অসমে উন্নয়নৰ নতুন গতি লাভ কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সেয়া মাত্ৰ আৰম্ভণিহে বুলি দোহাৰি তেওঁ লগতে ভৱিষ্যতে উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ আশ্বাস দিয়ে।
- ন্যায়ৰ দাবীৰ মাজতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ বিশেষ ফেচবুক পোষ্ট। জুবিন গাৰ্গৰ চৰিত্ৰহনন আৰু গৰিমা শইকীয়া গাৰ্গক একাংশ লোকে কৰা নিন্দাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে পামী বৰঠাকুৰে। ফেচবুক পোষ্টত তেওঁ ক’লে, “সংযমী হৈ আছো, দুৰ্বল নহয়।”
- নগাঁৱৰ কামপুৰত সংঘটিত ৰে’ল দুৰ্ঘটনাত নিহত হাতীৰ সংখ্যা ৮টালৈ বৃদ্ধি। দুৰ্ঘটনাত আহত হাতী পোৱালীটোৰ আজি কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।
- চুবুৰীয়া দেশ বাংলাদেশত সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত হোৱা নিৰ্মম নিৰ্যাতনৰ বিৰুদ্ধে বঙাইগাঁৱত আমছুৰ প্ৰতিবাদ। মানৱতাক ভৰিৰে মোহাৰি চলোৱা এনে ধৰণৰ বৰ্বৰ কাণ্ড কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে সংগঠনটোৱে।
- বিজেপি চৰকাৰৰ জল-জীৱন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেৰ সভাপতি গৌৰৱ গগৈৰ। বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে পুখুৰীৰ পানী সেৱন কৰিব লগা হৈছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
- নতুন ভিবি-জি ৰাম জী বিলত অনুমোদন জনালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতিৰ সন্মতিৰ লগে লগে আইনত পৰিণত হ’ল এই বিধেয়কখন। লক্ষণীয়ভাৱে এই নতুন আইনে পূৰ্বৰ পূৰ্বৰ MGNREGAৰ ঠাই ল’ব।
- ১৯ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত পাকিস্তানৰ বিপক্ষে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত। পাকিস্তানৰ ৩৪৭ ৰানৰ বৃহৎ স্ক’ৰৰ প্ৰত্যুতৰত ভাৰতে মাত্ৰ ১৫৬ ৰানত ইনিংছ সামৰি ১৯১ ৰানত পৰাজয় স্বীকাৰ কৰে।