Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে চাওক কেইটামান বিশেষ খবৰ।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি ইছলামৰ পবিত্ৰ উৎসৱ বকৰী ঈদ বা ঈদ-উল-আজহা বা ইদ-উদ-জোহা। দেশৰ লগতে সমগ্ৰ বিশ্বৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিব এই পবিত্ৰ উৎসৱ।
- নম্ৰতা বৰা মৃত্যুৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। মেঘালয়ত ফুৰিবলৈ গৈ এক দুৰ্ঘটনাত নম্ৰতাই মৃত্যুক সাবটি লোৱা বুলি প্ৰকাশ পাইছে যদিও নম্ৰতাৰ পৰিয়ালে মৃত্যুৰ পৰিস্থিতিৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাইছে। মৃত নম্ৰতাৰ পিতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই বিষয়ত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰি ন্যায় সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
- অহা ১৭ জুনৰ পৰা অনুষ্ঠিত হ’ব ADRE 2.Oৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা আৰু স্কীল টেষ্ট। সমান্তৰালকৈ একেদিনাৰ পৰাই চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাও আৰম্ভ হ’ব। আনহাতে ১৫ জুলাইৰ ভিতৰত এই নিযুক্তি পৰীক্ষাৰ সকলো কাম সম্পন্ন কৰি ১০ অক্টোবৰত নিযুক্তি প্ৰদান কৰা হ’ব। নিজা ফেচবুক পেজত লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে।
- আজি প্ৰকাশ পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বদলিকৰণৰ তালিকা। বিয়লি ৪ বজাত এই তালিকা মুকলি কৰা হ’ব। ফেচবুক লাইভযোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Mutual Transferৰ বাবে বহুসংখ্যক কৰ্মচাৰীয়ে আবেদন কৰিছিল যদিও বিভিন্ন পৰীক্ষাৰ পাছত তাৰ মাজৰ পৰা ৯,০০০গৰাকীক যোগ্য বিবেচনা কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
- দেশত পুনৰ দেখা গৈছে ক’ভিড আতংক। বিগত সময়ছোৱাত ব্যাপক হাৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, বৰ্তমান দেশত ৫,৩৬৪ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে। বিগত ২৪ ঘণ্টাত ক’ভিড সংক্ৰমণৰ বাবে ৪ জন লোকৰ মৃত্যু হোৱা বুলিও প্ৰকাশ পাইছা।
- আৰচিবিৰ আই পি এল ২০২৫ৰ খিতাপ জয়ৰ আনন্দ উদযাপনৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা পদপিষ্ট ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। তাৰ মাজতে বাংগালুৰুৰ কাবন পাৰ্ক থানাত দেশৰ তাৰকা ক্ৰিকেটাৰ তথা আৰচিবিৰ গুৰুতপূৰ্ণ সদস্য বিৰাট কোহলী বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এইচ এম ভেংকটেশ নামৰ এজন সমাজকৰ্মীয়ে এই এজাহাৰ দাখিল কৰিছে।
- গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন কিছু প্ৰান্তত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ আঁৰৰ কাৰণ বাখ্যা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যথোপযুক্ত নিষ্কাশণ পৰিকল্পনা নোহোৱাকৈ নগৰসমূহৰ দ্ৰুত বিকাশ হোৱাৰ বাবে কৃত্ৰিম বানৰ ঘটনা বাৰে বাৰে সংঘটিত হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীৰ মত প্ৰকাশ কৰে। এই সমস্যা সমাধানৰ বাবে এক উপযুক্ত নিষ্কাশণ ব্যৱস্থা নিৰ্মাণৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।
- ভাৰতৰ হৈ ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ জয় কৰা তাৰকা ক্ৰিকেটাৰ পিয়ুষ চাওলাই শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। নিজা সামাজিক মাধ্যম একাউণ্ট যোগে তেওঁ অৱসৰৰ সিদ্ধান্তৰ কথা সদৰী কৰে। উল্লেখ্য যে নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত চাওলাই ৩৫খন মেচত ৪৩টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।