জম্মু-কাশ্মীৰত দেখা গ’ল গণৰাজ্য দিৱসৰ প্ৰাণৱন্ত ছবি, ত্ৰিৰংগা উৰুৱাই চৰ্চাত সন্ত্ৰাসবাদীৰ পিতৃ

যি সময়ত পুত্ৰই উপত্যকাটোত কূটাঘাতমূলক কাৰ্যৰ সৈতে জড়িত হৈ আত্মগোপন কৰি আছে, তেনে সময়তে তেওঁৰ পিতৃয়ে দেশপ্ৰেমৰ পৰিচয় দি ত্ৰিৰংগা উত্তোলন কৰা কাৰ্যক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

জম্মু-কাশ্মীৰত দেখা গ’ল গণৰাজ্য দিৱসৰ প্ৰাণৱন্ত ছবি, ত্ৰিৰংগা উৰুৱাই চৰ্চাত সন্ত্ৰাসবাদীৰ পিতৃ

চৰ্চাত জম্মু-কাশ্মীৰৰ বিশেষ ছবি

Updated On: 

26 Jan 2026 | 02:01 PM

সমগ্ৰ দেশজুৰি আজি গণৰাজ্য দিৱসৰ উছাহ। চৌদিশে সকলোৱে উদযাপন কৰিছে ভাৰতীয় গণতন্ত্ৰৰ এই মহানতম উৎসৱ। গণৰাজ্য দিৱসৰ এই প্ৰাণৱন্ত ছবি জম্মু-কাশ্মীৰতো দেখিবলৈ পোৱা গৈছে। এইবাৰ উপত্যকাটোৰ এটা বিশেষ ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ চোটীপুৰাৰ এজন কুখ্যাত সক্ৰিয় সন্ত্ৰাসবাদী আবিদ ৰমজান শ্বেখৰ পিতৃয়ে নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে।

আবিদ ৰমজান শ্বেখক নিৰাপত্তা সংস্থাসমূহে ‘A++’ শ্ৰেণীৰ সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। যি সময়ত আবিদে উপত্যকাটোত কূটাঘাতমূলক কাৰ্যৰ সৈতে জড়িত হৈ আত্মগোপন কৰি আছে, তেনে সময়তে তেওঁৰ পিতৃয়ে দেশপ্ৰেমৰ পৰিচয় দি ত্ৰিৰংগা উত্তোলন কৰা কাৰ্যক বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

উতপ্ত পৰিস্থিতিৰ মাজত শান্তিৰ বাৰ্তা

যোৱা এটা মাহ ধৰি কাশ্মীৰ উপত্যকাত ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ধাৰাবাহিক সংঘৰ্ষ চলি আছে। শেহতীয়াকৈ হোৱা এটা গ্ৰেনেড আক্ৰমণত সেনাৰ ৮ গৰাকী জোৱান আহত হৈছিল। এনে এক উত্তপ্ত আৰু স্পৰ্শকাতৰ পৰিৱেশৰ মাজত এজন মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ পৰিয়ালে দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা ঘটনাই এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে।

অৱশ্যে এই সন্দৰ্ভত সেনা বাহিনীৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। তথাপি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা আবিদ ৰমজানৰ পিতৃৰ ত্ৰিৰংগা উত্তোলনৰ দৃশ্যই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। প্ৰশংসাৰে উপচাই পেলাইছে নেটিজেনে।

সক্ৰিয় সন্ত্ৰাসবাদী আবিদৰ ইতিহাস

আবিদ ৰমজান শ্বেখ দীৰ্ঘদিন ধৰি উপত্যকাটোত সক্ৰিয় হৈ আছে। বিশেষকৈ দক্ষিণ কাশ্মীৰত সংঘটিত হোৱা কেইবাটাও কূটাঘাতমূলক ঘটনাৰ সৈতে তেওঁ পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগ আছে। নিৰাপত্তা বাহিনীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ সন্ধানত অভিযান চলাই আছে।

লাল চকতো ত্ৰিৰংগাৰ উছাহ

আনহাতে, শ্ৰীনগৰৰ ঐতিহাসিক লাল চকত অতি আড়ম্বৰপূৰ্ণভাৱে ত্ৰিৰংগা উত্তোলন কৰা হয়। এই অনুষ্ঠানত স্থানীয় লোকৰ লগতে বৃহৎ সংখ্যক পৰ্যটকেও অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ পৰিচয় দিয়ে। সমগ্ৰ উপত্যকাটোত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা অত্যন্ত কটকটীয়া কৰা হৈছে।

বেছিকৈ উতলোৱা চাহ খাইছে নেকি? সাৱধান, মাতি আনিছে নিজৰেই বিপদ!
আপোনাৰ ছালত দেখিছে নেকি এনে লক্ষণ? সাৱধান, নীৰৱে বাঢ়িব পাৰে ব্লাড চুগাৰ!
কোনে খাব নালাগে কেঁচা জলকীয়া? জানক...
হৰম'নৰ পৰিবৰ্তন হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...