শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Duologue NXT: বৰুণ দাসৰ সৈতে বাৰ্তালাপত নিজৰ আত্মবিশ্বাসৰ কাহিনী শুনালে পূজা জৈন গুপ্তাই

আজি ‘Duologue NXT’ৰ প্ৰথম ছিজনৰ শেষ খণ্ড। আজিৰ খণ্ডটোত লাক্সাৰ ৰাইটিং ইনষ্ট্ৰুমেণ্টছৰ পৰিচালন সঞ্চালক পূজা জৈন গুপ্তাই অংশগ্ৰহণ কৰিছে। টিভি ৯ নেটৱৰ্কৰ এমডি আৰু চিইঅ’ৰ সৈতে হোৱা এক বাৰ্তালাপত পূজা জৈন গুপ্তাই নেতৃত্বৰ বিষয়ে নিজৰ বিশ্বাস ব্যক্ত কৰে।

Duologue NXT: বৰুণ দাসৰ সৈতে বাৰ্তালাপত নিজৰ আত্মবিশ্বাসৰ কাহিনী শুনালে পূজা জৈন গুপ্তাই
Duologue Nxt ত পূজা জৈন গুপ্তা
raj-saikia
Raj Saikia | Published: 15 Oct 2025 20:24 PM

‘Duologue with Barun Das’ ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিছিল টিভি৯ ৰ এম ডি তথা চি ই অ’ বৰুণ দাসে। এই অনুষ্ঠানৰ তিনিওটা ছিজনৰে অতিশয় শলাগ লোৱা হৈছিল। টিভি৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসৰ ‘Duologue NXT’ অনুষ্ঠানে দৰ্শকৰ মাজত একেধৰণৰ ছাপ পেলাইছে। তেওঁৰ অনন্য উপস্থাপনত বিভিন্ন ক্ষেত্ৰৰ সফল মহিলাসকলে এই অনুষ্ঠানত তেওঁলোকৰ সংগ্ৰামৰ কাহিনীৰ ওপৰত আলোকপাত কৰিছে।

আজি (১৫ অক্টোবৰ) ‘Duologue NXT’ৰ প্ৰথম ছিজনৰ শেষ খণ্ড। আজিৰ খণ্ডটোত লাক্সাৰ ৰাইটিং ইনষ্ট্ৰুমেণ্টছৰ পৰিচালন সঞ্চালক পূজা জৈন গুপ্তাই অংশগ্ৰহণ কৰিছে। টিভি ৯ নেটৱৰ্কৰ এমডি আৰু চিইঅ’ৰ সৈতে হোৱা এক বাৰ্তালাপত পূজা জৈন গুপ্তাই নেতৃত্বৰ বিষয়ে নিজৰ বিশ্বাস ব্যক্ত কৰে।

১৯৬৩ চনত পূজাৰ পিতৃ প্ৰয়াত ডি কে জৈনে লুাক্সাৰ গ্ৰুপ প্ৰতিষ্ঠা কৰে। কলমকে ধৰি লিখাৰ আহিলা নিৰ্মাণৰ ক্ষেত্ৰত আজি লুাক্সাৰ এটা প্ৰধান ব্ৰেণ্ড। টিভি ৯ নেটৱৰ্কৰ এমডি আৰু চিইঅ’ৰ সৈতে হোৱা এক বাৰ্তালাপত পূজাই তেওঁৰ পিতৃৰ দৃষ্টিভংগীয়ে কিদৰে লুাক্সাৰ গ্ৰুপক সফলতাৰ শিখৰলৈ লৈ গ’ল সেই বিষয়ে শ্বেয়াৰ কৰে। পৰম্পৰা বজাই ৰখাৰ ক্ষেত্ৰত মাতৃৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।

পূজাই কয়, “মোৰ দেউতা মোৰ নায়ক আৰু গুৰু আছিল। মই তেওঁৰ পৰা শিকিছিলো যে কেনেকৈ প্ৰতিকূলতাক জয় কৰি ঘূৰি আহিব পাৰি। সেইটোৱেই মোক যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰে। আৰু যেতিয়া মই উজুটি খাওঁ, তেতিয়া মোৰ মায়ে মোক শক্তি দিয়ে। তেওঁ মোক কৈছে যে লাক্সাৰ সদায় প্ৰথম স্থানত আছে।”

পূজাই নেতৃত্বৰ পুনৰ সংজ্ঞা দিছে। এই ডিজিটেল যুগত তেওঁ নিৰ্ভয়ে নতুন এটা দিশত খোজ দিছে। ডিজিটাইজেশ্যনৰ যুগতো আত্মপ্ৰকাশৰ বাবে লিখা-মেলা চলি থাকিব বুলি তেওঁৰ বিশ্বাস। পূজাৰ বিশ্বাস যে এআইৰ উন্নতিৰ এই যুগতো ই কেতিয়াও ম্লান নহ’ব। নিজৰ বিষয়ে তেওঁ কয়, “মই সচেতনভাৱে বেলেগ হ’বলৈ চেষ্টা কৰা নাই। মই মোৰ হৃদয় আৰু মনটোক এটা ঠাইত ৰাখি সঠিক অনুভৱ কৰা কথাখিনি কওঁ।”

টিভি৯ নেটৱৰ্কৰ এমডি আৰু চিইঅ’ বৰুণ দাসে অতিথিসকলক প্ৰশ্ন কৰাৰ ধৰণ আৰু ‘Duologue NXT’ত শ্ব’টো আয়োজন কৰা ধৰণেৰে পূজা আপ্লুত হৈছে। তেওঁ কয়, “বৰুণ আচৰিত। এই শ্ব’টোলৈ আহি মই আপ্লুত হৈছো। মই বিশ্বাস কৰোঁ যে নিজৰ দৰেই কাম কৰি থকা বহু মহিলাই এই শ্ব’টো চাই অনুপ্ৰাণিত হ’ব।”

আজি (১৫ অক্টোবৰ) টিভি৯ নেটৱৰ্কৰ এমডি আৰু চিইঅ’ৰ সৈতে পূজা জৈন গুপ্তাৰ ‘Duologue NXT’ৰ সম্পূৰ্ণ খণ্ডটো চাওক কেৱল নিউজ৯ত নিশা ১০:৩০ বজাত। ইউটিউব চেনেল @Duologuewithbarundas আৰু News9 Plus এপতো চাব পাৰিব। এই খণ্ডটোৱে দৰ্শকক অনুপ্ৰাণিত কৰাটো নিশ্চিত।