Duologue NXT: বৰুণ দাসৰ সৈতে শিল্পৰ বিশ্বায়নৰ সপোনৰ বিষয়ে কথা পাতিলে এইবাৰৰ অতিথি শ্বাফিনা ইউছুফ আলীয়ে
Duologue NXT with Barun Das: শ্বাফিনাৰ সৈতে হোৱা কথা-বতৰাত টিভি৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসে কয় যে, "শিল্প এক প্ৰকাশ। কিন্তু ইয়াৰ এটা বাণিজ্যিক দিশ থকাটোও প্ৰয়োজন, কাৰণ সৃষ্টিশীলতাৰ বাবে আৰ্থিক সম্পদো অপৰিহাৰ্য।" তেওঁৰ মতে, শ্বাফিনাৰ ‘ৰিজক আৰ্ট ইনিচিয়েটিভ’ কেৱল কলাৰ ভেটি নহয়, ই প্ৰকাশৰ অৰ্থনীতিও।

নতুন ৰূপেৰে আত্মপ্ৰকাশ কৰিছে Duologue এ। টিভি৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসৰ ‘Duologue with Barun Das’ৰ পিছত এইবাৰ আৰম্ভ হৈছে Duologue NXT শীৰ্ষক নতুন অনুষ্ঠান, য’ত এজনৰ পিছত এজন অতিথিয়ে নিজৰ জীৱন কাহিনী শ্বেয়াৰ কৰিছে। এইবাৰ শ্ব’টোত অতিথি হিচাপে উপস্থিত হয় শ্বাফিনা ইউছুফ আলী। শিল্প, সংস্কৃতিৰ নেতৃত্বৰ পৰা আৰম্ভ কৰি বৰুণ দাসৰ সৈতে বিভিন্ন বিষয়ত কথা পাতিছিল ছাফিনাই।
ৰেডিকো খাইটানে প্ৰযোজনা কৰা Duologue NXTৰ এই নতুন খণ্ডটোত ৰিজক আৰ্ট ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক শ্বাফিনাই তেওঁৰ কাম আৰু পৰিকল্পনাৰ বিষয়ে কয়। বিশিষ্ট ব্যৱসায়ী ইউছুফ আলী এম এৰ কন্যা। অক্সফৰ্ড আৰু কেম্ব্ৰিজৰ ক’ৰিডৰৰ পৰা আবুধাবিৰ ব’ৰ্ডৰুমলৈকে শ্বাফিনাই নিজৰ সমগ্ৰ যাত্ৰাৰ কথা কয়। বুদ্ধিমত্তা শিল্পৰ লগত কেনেকৈ মিলি যায়, সেইটোৱেই এই খণ্ডটোত চৰ্চালৈ আহিছে।
Duologue NXTত উপস্থিত হোৱাৰ অভিজ্ঞতাৰ বিষয়ে শ্বাফিনাই কয়, “প্ৰতিটো কথা-বতৰা অতি গুৰুত্বপূৰ্ণ।বৰুণ দাস বিভিন্ন দিশৰ কথা কোৱা আয়োজক। কৰ্পৰেট জগতত এগৰাকী পুৰুষে এগৰাকী নাৰীক কেনেদৰে দেখে, বৰুণ দাসৰ সৈতে হোৱা এই কথা-বতৰাত সেয়া দেখা গ’ল।”
শ্বাফিনাৰ সৈতে হোৱা কথা-বতৰাৰ সন্দৰ্ভত টিভি ৯ নেটৱৰ্কৰ এমডি তথা চিইঅ’ বৰুণ দাসে কয়, ‘‘শিল্প এক প্ৰকাশ। কিন্তু এটা ব্যৱসায়িক দিশো থাকিব লাগিব, কাৰণ সৃষ্টিশীলতাৰ ক্ষেত্ৰতো আৰ্থিক সম্পদ অপৰিহাৰ্য।তেওঁৰ ভাষাত শ্বাফিনাই সৃষ্টি কৰা ‘ৰিজক আৰ্ট ইনিচিয়েটিভ’ কেৱল কলাৰ ভেটি নহয়, ই এক প্ৰকাশৰ অৰ্থনীতিও।”
১৭০০ বৰ্গমিটাৰৰ পৰা আৰম্ভ কৰি আবুধাবিৰ এই প্ৰতিষ্ঠানটোৱে শিল্প জগতত এক বিপ্লৱৰ সৃষ্টি কৰিছে। বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণেই হৈছে শ্বাফিনাৰ মূল উদ্দেশ্য। উদাহৰণস্বৰূপে, এজন ইণ্ডোনেছিয়ান শিল্পী, এজন ভাৰতীয় শিল্পী আৰু এজন ইৰাকী শিল্পীক কাষে কাষে ৰাখি তেওঁ শিল্প অনুশীলনত বিশ্বাস কৰে।
ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে সোধাত শ্বাফিনাই কয়, “মোৰ এটা সপোন আছে যে মই এটা বিশ্বব্যাপী সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তুলিব। যাৰ জৰিয়তে ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ শিল্পীক বিশ্বৰ দৰবাৰলৈ প্ৰেৰণ কৰা হ’ব। আৰু বিশ্বৰ আন দেশৰ শিল্পীক ভাৰতলৈ অনা হ’ব।”