গণৰাজ্য দিৱস ২০২৬: ৰাজধানী দিল্লীত এ আই ছানগ্লাছে নিশ্চিত কৰিব নিৰাপত্তা, জানক কেনেকৈ
এই ছানগ্লাছত আছে ‘এডভান্সড ফেচিয়েল ৰিকগনিচন চিষ্টেম’ বা এফ আৰ এছ। এই ছানগ্লাছত থাৰ্মেল ইমেজিং প্ৰযুক্তিও আছে। এটা ভাৰতীয় কোম্পানীয়ে তৈয়াৰ কৰিছে এই চশমা। এই চশমা পিন্ধি কোনোবাই যদি তেওঁলোকৰ ফালে চায় তেন্তে তেওঁলোকৰ ছবি লোৱা হ’ব। সেই ছবিখন নিমিষতে দিল্লী আৰক্ষীৰ ডাটাবেছত জমা হ’ব।

প্ৰতীকী ছবি
গণৰাজ্য দিৱসৰ পেৰেডত উপস্থিত থকা দৰ্শকৰ ওপৰত চকু ৰাখিবলৈ প্ৰথমবাৰৰ বাবে দিল্লী আৰক্ষীয়ে পিন্ধিব ‘এআই’ ছানগ্লাছ। এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত নতুন চমক লাভ কৰিব দৰ্শকে। লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণৰ পিছত দেশৰ ৰাজধানীত ইমান বিশাল এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে এইবাৰ বিশেষ গুৰুত্ব দিয়া হৈছে নিৰাপত্তাৰ দিশত। দিল্লী আৰক্ষীৰ এটা বিশেষ দলে এইবাৰ ‘এআই’ ছানগ্লাছ পিন্ধি তদাৰক কৰিছে নিৰাপত্তা ব্যৱস্থা।
এই ছানগ্লাছত আছে ‘এডভান্সড ফেচিয়েল ৰিকগনিচন চিষ্টেম’ বা এফ আৰ এছ । এইবাৰ বিশেষ নিৰীক্ষণৰ বাবে এই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী আয়ুক্ত দেৱেশ মহলাই। তেওঁ কয় লগতে যে কেৱল আৰক্ষীৰ ছানগ্লাছতে নহয়, এইবাৰৰ সকলো চিচিটিভিতে ‘ভিডিঅ’ এনালাইটিক্স’ আৰু এফ আৰ এছ থাকিব।
এই ছানগ্লাছ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে আৰক্ষী জোৱানক। এই ছানগ্লাছত থাৰ্মেল ইমেজিং প্ৰযুক্তিও আছে। এটা ভাৰতীয় কোম্পানীয়ে তৈয়াৰ কৰিছে এই চশমা। এই ছানগ্লাছে কেনেকৈ কাম কৰিব? দিল্লী আৰক্ষীয়ে জনাইছে যে এই চশমা পিন্ধি কোনোবাই যদি তেওঁলোকৰ ফালে চায় তেন্তে তেওঁলোকৰ ছবি লোৱা হ’ব। সেই ছবিখন নিমিষতে দিল্লী আৰক্ষীৰ ডাটাবেছত জমা হ’ব।
কাৰোবাৰ গতিবিধি সন্দেহজনক যেন লাগিলে দিল্লী আৰক্ষীয়ে সেই ব্যক্তিজনৰ ডাটাবেছত কোনো অপৰাধজনিত অভিলেখ আছে নে নাই পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। যদি কোনো অপৰাধজনিত অভিলেখৰ ইতিহাস পোৱা যায় তেন্তে সেই ব্যক্তিজনক তৎক্ষণাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব আৰক্ষী। দিল্লী আৰক্ষীৰ অতিৰিক্ত আয়ুক্তই দাবী কৰিছে যে ভিৰৰ মাজতো দুষ্কৃতিকাৰীক বিচাৰি উলিয়াবলৈ আৰক্ষীৰ কোনো অসুবিধা নহ’ব। দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে এআই ছানগ্লাছ ব্যৱহাৰ কৰিব দিল্লী আৰক্ষীয়ে।
পুৰুষ আৰু মহিলা উভয় আৰক্ষী বিষয়াক এই ছানগ্লাছ পিন্ধিবলৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কোমল নামৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই কয় যে এই ছানগ্লাছ মোবাইলৰ সৈতে ‘লিংক’ কৰা থাকে। চশমা আৰু মোবাইল লৈ পেৰেডত থাকিব কৰ্তব্যৰত আৰক্ষী। এই মোবাইল ফোনটোত ৬৫ হাজাৰ কুখ্যাত অপৰাধীৰ নাম আৰু ঠিকনা আছে। পেৰেডৰ সময়ত যদি তেওঁলোকৰ কোনোবাই দৰ্শকৰ মাজত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেন্তে এই চশমাই তেওঁলোকক ‘ৰঙা’ ৰঙেৰে চিহ্নিত কৰিব। লগে লগে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব।
এই ছানগ্লাছত উচ্চ শক্তিৰ কেমেৰা স্থাপন কৰা হৈছে। এই ছানগ্লাছৰ কেমেৰা ফিড নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ সৈতে পোনপটীয়াকৈ জড়িত। কোনোবাই যদি কোনো নিষিদ্ধ সামগ্ৰী লৈ পেৰেডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেন্তে এই ছানগ্লাছৰ থাৰ্মেল ইমেজত বন্দী হ’ব। বিমানবন্দৰত ব্যৱহাৰ কৰা প্ৰযুক্তিৰ সৈতে ইয়াৰ মিল আছে। প্ৰতিটো ছানগ্লাছে ৫ মিটাৰ দূৰত্বলৈকে ফটো তুলিব পাৰে। কেইবাদিনীয়া পৰীক্ষাৰ অন্তত গণৰাজ্য দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে এই ছানগ্লাছ পিন্ধিব আৰক্ষীৰ লোকে।