শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছত্তীশগড়ত নক্সাল নিৰ্মূল অভিযানত ব্যাপক সাফল্যঃ নিৰাপত্তা বাহিনীৰ অভিযানত নিহত ১০ নক্সালবাদী

চোৰাংচোৱা তথ্যৰ ভিত্তিত গৰিয়াবন্দ আৰক্ষীৰ ই-৩০, এছটিএফ আৰু চিআৰপিএফৰ কোব্ৰা কমাণ্ডোৰ দলে বনাঞ্চলত অভিযান চলায়। নক্সালবাদী দলটোক ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে অভিযান জোৰদাৰ কৰি তোলে। পুৱাৰে পৰা চলি থকা এই এনকাউণ্টাৰত এতিয়ালৈকে ১০ জন নক্সালবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে।

ছত্তীশগড়ত নক্সাল নিৰ্মূল অভিযানত ব্যাপক সাফল্যঃ নিৰাপত্তা বাহিনীৰ অভিযানত নিহত ১০ নক্সালবাদী
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 11 Sep 2025 20:09 PM

ছত্তীশগড়তনক্সাল নিৰ্মূল অভিযান’ জোৰদাৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ গৰিয়াবন্দ জিলাত আজি এক অভিযানত নিৰাপত্তা বাহিনীয়ে লাভ কৰিছে ব্যাপক সফলতা। আজি পুৱাৰে পৰা জিলাখনত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত চলি আছে সংঘৰ্ষ। গৰিয়াবন্দৰ মইনপুৰ থানা এলেকাৰ বনাঞ্চলত হোৱা এই সংঘৰ্ষত ১০ জন নক্সালবাদীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অভিযানকালত নিৰাপত্তা বাহিনীয়ে আন এক বৃহৎ সফলতা লাভ কৰিছে।

আজিৰ এই অভিযানত নিৰাপত্তাৰক্ষীৰ গুলীত নক্সাল কমাণ্ডাৰ মনোজ ওৰফে মডেম বালকৃষ্ণ ওৰফে ভাস্কৰেও প্ৰাণ হেৰুৱাইছে নক্সাল কমাণ্ডাৰ মনোজৰ ওপৰত এক কোটি টকাৰ পুৰস্কাৰ নিৰ্ধাৰণ কৰা হৈছিল। জানিব পৰা মতে, বনাঞ্চলত নক্সালবাদীৰ উপস্থিতি সন্দৰ্ভত চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছিল

চোৰাংচোৱা তথ্যৰ ভিত্তিত গৰিয়াবন্দ আৰক্ষীৰ ই-৩০, এছটিএফ আৰু চিআৰপিএফৰ কোব্ৰা কমাণ্ডোৰ দলে বনাঞ্চলত অভিযান চলায়। নক্সালবাদী দলটোক ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে অভিযান জোৰদাৰ কৰি তোলে পুৱাৰে পৰা চলি থকা এই এনকাউণ্টাৰত এতিয়ালৈকে ১০ জন নক্সালবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, নিৰাপত্তাৰক্ষীয়ে নক্সাল কমাণ্ডাৰ মনোজ ওৰফে মডেম বালকৃষ্ণ ওৰফে ভাস্কৰকো সংঘৰ্ষৰ সময়ত হত্যা কৰে। নক্সালবাদী মনোজ ওৰফে মডেম বালকৃষ্ণ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল বুলি তথ্যত প্ৰকাশ। তেওঁৰ ওপৰত এক কোটি টকাৰ পুৰস্কাৰ আৰোপ কৰা হৈছিল।

ৰায়পুৰ ৰেঞ্জৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই সদৰী কৰা মতে গৰিয়াবন্দত এই অভিযানত স্পেচিয়েল টাস্ক ফ’ৰ্চ (এছ টি এফ), চি আৰ পি এফৰ কোব্ৰা কমাণ্ডো বেটেলিয়ন আৰু অন্যান্য ৰাজ্যিক আৰক্ষী ইউনিটৰ জোৱান জড়িত হৈ আছে। ১০ জন নক্সালবাদীক হত্যা কৰাৰ তথ্য লাভ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। একে সময়তে গৰিয়াবন্দ জিলাৰ আৰক্ষী অধীক্ষক নিখিল ৰাখেচাইও এই এনকাউণ্টাৰ নিশ্চিত কৰে।