শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মোবাইলত চাই আছিল ভিডিঅ’! তাৰ পাছতে ১২ বছৰীয়া কিশোৰৰ জঘন্য কাণ্ড…

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। আচৰিত কথা এয়াই যে, আজিকালি শিশু, কিশোৰসকলৰ মাজতো অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে। শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই চকু কপালত তুলিব আপোনাৰ।

মোবাইলত চাই আছিল ভিডিঅ’! তাৰ পাছতে ১২ বছৰীয়া কিশোৰৰ জঘন্য কাণ্ড…
কানপুৰৰ ঘটনা
barasha-sarma
Barasha Sarma | Published: 11 Sep 2025 15:48 PM

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। শিশুৰ পৰা বৃদ্ধিলৈ, বিভিন্ন বয়সৰ মানুহৰ মাজত অপৰাধপ্ৰৱণতা বৃদ্ধি পাইছে। শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা, যিয়ে আচৰিত কৰি তুলিব আপোনাক। খবৰ অনুসৰি, এজন ১২ বছৰীয়া কিশোৰে এটি ৬ বছৰীয়া শিশুক ধৰ্ষণ কৰে। আচৰিত কথা এয়াই যে, অভিযুক্তই এই জঘন্য কাণ্ড সংঘটিত কৰি থকাৰ সময়ত কোঠাৰ বাহিৰত পহৰা দি আছিল এটি ৮ বছৰীয়া শিশু। এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, ঘটনাৰ পূৰ্বে দুয়োটি শিশুয়ে পৰ্ণগ্ৰাফিক ভিডিঅ’ চাই আছিল। এই ঘটনাৰ তথ্য পোহৰলৈ অহাৰ পাছতে শিশুটিৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। বৰ্তমান আৰক্ষীয়ে দুয়োকে লৈ গৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, বুধবাৰ (১০ ছেপ্টেম্বৰ) য়ে কানপুৰৰ জাজমৌৰ ছবিলেপুৰৱা অঞ্চলত ঘৰৰ বাহিৰত খেলি আছিল এটি ৬ বছৰীয়া শিশু। ইফালে সেই সময়তে ওচৰত আছিল এটি ৮ বছৰীয়া শিশু আৰু ১২ বছৰীয়া এজন কিশোৰ। পাছত দুয়ো শিশুটিক চকলেট খাবলৈ দিয়ে আৰু এটা নিৰ্জন ঘৰলৈ লৈ যায়। তাত ১২ বছৰীয়া কিশোৰটিয়ে শিশুটিৰ লগত জঘন্য কাণ্ড সংঘটিত কৰে। সেই সময়ত ঘৰটোৰ বাহিৰত পহৰা দি থাকে অন্য শিশুটিয়ে।

এই কাণ্ডত শিশুটিয়ে চিঞৰিবলৈ আৰম্ভ কৰে। শিশুটিৰ চিঞৰ শুনি স্থানীয় ৰাইজ লগে লগে সেই স্থানত উপস্থিত হয় আৰু ভুক্তভোগীক উদ্ধাৰ কৰে। সেই সময়ত পহৰা দি থকা শিশুটিয়ে পলাই যায় যদিও জঘন্য কাণ্ড সংঘটিত কৰা কিশোৰটিক ৰাইজে আটক কৰে। পাছত ছোৱালীজনীৰ পৰিয়ালক খবৰ দিয়া হয়। পৰৱৰ্তী সময়ত শিশুটিৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইফালে ঘটনাৰ পাছতে শিশুটিক চিকিৎসা পৰীক্ষাৰ বাবে কানশীৰাম হাস্পতাললৈ লৈ যোৱা হয়।

বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে কয় যে, শিশুটিৰ  চিকিৎসা পৰীক্ষা কৰা হৈছে আৰু দুয়োজন অভিযুক্তৰ জেৰা অব্যাহত আছে। গতিকে পাছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই দিশটোৰ ওপৰত ক্ষিপ্ৰ ব্য়ৱস্থা হাতত লোৱাৰ আশ্বাস দিছে আৰক্ষীয়ে।

উল্লেখ্য যে, অভিযুক্তজন কিশোৰ। গতিকে তেওঁক আটক কৰি শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হ’ব। আৰক্ষীৰ সূত্ৰৰ মতে, এতিয়ালৈকে চলা জেৰাত কিশোৰজনে স্বীকাৰ কৰিছে যে তেওঁলোকে মোবাইলত প’ৰ্ণ ভিডিঅ’ চাইছিল আৰু সেইবাবে এই ঘটনা সংঘটিত হৈছে। নিজৰ অপৰাধ স্বীকাৰ কৰিছে আৰক্ষীয়ে। ইফালে ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! এগৰাকী মাতৃৰ কু-কাণ্ডই চকু কপালত তুলিব আপোনাৰ…