ৰাজ্যৰ পৰা বিশ্বলৈ, পলকতে চকু ফুৰাওক দিনটোৰ কেইটামান চৰ্চিত খবৰত…
ধুবুৰী কাণ্ডই ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ দৰে আজি আন বহুকেইটা খবৰে ব্যাপক চৰ্চা লাভ কৰিছে। চাওঁ আহক আনি দিনটোত চৰ্চাত থকা তেনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

দিনটোৰ চৰ্চিত খবৰImage Credit source: PTI
জনজাতিকৰণৰ প্ৰসঙ্গই পুনৰ জোকাৰিছে ৰাজ্য। তিনিচুকীয়াৰ পিছত ধুবুৰীতো জনজাতিকৰণৰ দাবীৰে পুনৰ সৃষ্টি হৈছে ব্যাপক প্ৰতিবাদ। এনে প্ৰতিবাদৰ সময়তে বুধবাৰে নিশা ধুবুৰীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি আজি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ধুবুৰী কাণ্ডই ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ দৰে আজি আন বহুকেইটা খবৰে ব্যাপক চৰ্চা লাভ কৰিছে। চাওঁ আহক আনি দিনটোত চৰ্চাত থকা তেনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ-
- জনজাতিকৰণৰ দাবীত বুধবাৰে ধুবুৰীত প্ৰতিবাদ সাব্যস্ত কৰিছিল আক্ৰাছুৱে। এই প্ৰতিবাদৰ সময়তে আৰক্ষীৰ লাঠীচালনাত বহুকেইজন লোক আহত হয়। এই ঘটনাৰ পিছতে গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন আৰু গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহনক ৰিজাৰ্ভ ক্ল’জ কৰা হয়।
- ধুবুৰীৰ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি শিৱসাগৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে। ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী বিষয়া লীনা দলেক তৎকালীনভাৱে নিলম্বন নকৰিলে ১২ ছেপ্টেম্বৰত সমগ্র অসমত সৰ্বাত্মক বন্ধৰ ঘোষণা কৰিছে কোঁচ ৰাজবংশী ছাত্র সন্থাই।
- জনজাতিকৰণৰ প্ৰসঙ্গত পুনৰ আন্দোলিত হৈছে ৰাজ্য। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ ইতিবাচকভাৱে আগবঢ়া বুলি মন্তব্য কৰিছে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত নৱেম্বৰত অসম বিধানসভাত প্ৰতিবেদন দাখিল কৰিব বুলি তেওঁ সদৰী কৰে।
- অন্যান্য ৰাজনৈতিক দলৰ লগতে বিটিচি নিৰ্বাচনত নামি পৰিছে তৃণমূল কংগ্ৰেছ। মুঠ ১৯ টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিছে দলটোৱে। আজি দলৰ ৰাজ্যিক উপ-সভাপতি দুলু আহমেদ আৰু দলীয় নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে এক সংবাদ মেল সম্বোধন কৰে। বিপিএফ আৰু ইউপিপিএলৰ শাসনত বিটিচিৰ বিশেষ কোনো পৰিৱৰ্তন হোৱা নাই বুলি দাবী কৰে তৃণমূলে।
- আজি বাৰাণসীত মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুয়োগৰাকী নেতাৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত দেশ দুখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বৈঠকৰ পাছত ভাৰত-মৰিচাছৰ সম্পৰ্ক অধিক মজবুত হ’ব বুলি আশা কৰা হৈছে।
- Gen-Zৰ ব্যাপক আন্দোলনে উৎখাত কৰিলে নেপালৰ চৰকাৰ। এতিয়া দেশৰ নতুন চৰকাৰৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে সবাতোকৈ চৰ্চিত হৈছে কুলমান ঘিছিঙৰ নাম। এগৰাকী সৎ আৰু কঠোৰ পৰিশ্ৰমী বিষয়া হিচাপে পৰিচিত কুলমান ঘিছিঙৰ নাম সেনাৰ শীৰ্ষ বিষয়াই প্ৰস্তাৱ কৰা বুলি জানিব পৰা গৈছে।
- এছিয়া কাপত হ’বলগীয়া ভাৰত-পাকিস্তান মেচখন বাতিলৰ আহ্বানেৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল এক আবেদন। এই আবেদনৰ জৰুৰী শুনানিৰ বাবে আহ্বান কৰা হৈছিল যদিও শীৰ্ষ আদালতে জৰুৰী শুনানিৰ আহ্বান নাকচ কৰিছে।
- কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ নিৰাপত্তা প্ৰট’কল মানি নচলাৰ অভিযোগ তুলি দলৰ অধ্যক্ষলৈ পত্ৰ লিখিলে চিআৰপিএফৰ বিষয়াই। যোৱা ৯ মাহত ৰাহুল গান্ধীয়ে ৬ বাৰ নিৰাপত্তা ভংগ কৰি বিদেশ ভ্ৰমণ কৰা বুলি পত্ৰখনত কোৱা হৈছে। ভৱিষ্যতে নিৰাপত্তা প্ৰট’কল মানি চলিবলৈ আহ্বান জনোৱা হৈছে কংগ্ৰেছ নেতাগৰাকীক।
- অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। আগন্তুক নিৰ্বাচনৰ বাবে সম্প্ৰতি বড়োভূমিত প্ৰতিটো ৰাজনৈতিক দলৰ কুচকাৱাজ পৰিলক্ষিত হৈছে। এই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা ২২ ছেপ্টেম্বৰত বড়োলেণ্ডত সকলো প্ৰতিষ্ঠানতে পেইড হলীডে’ ঘোষণা কৰা হৈছে।