দুখ পিতৃৰ পতনৰ বাবে নহয়, দুটি নিষ্পাপ সন্তানৰ ভৱিষ্যতৰ…! কাৰ বিষয়ে এইদৰে লিখিলে মুখ্যমন্ত্ৰীয়ে
এনে বাদ বিবাদৰ মাজতে আজি পুনৰ এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো অভিযোগ আৰু বিষয় এতিয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব বুলি তেওঁ মন্তব্য কৰে। বিটিআৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত তেওঁ এনে মন্তব্য কৰে।

ৰাজ্যৰ ৰাজনীতিত বিগত প্ৰায় ৮ মাহ সময় চৰ্চিত হৈছিল এটা তাৰিখ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ব্যাপক বাদ–বিবাদৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত তদন্তৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে এক বিশেষ তদন্ত সমিতি অৰ্থাৎ SIT গঠন কৰিছিল। এই সমিতিয়ে ১০ ছেপ্টেম্বৰত প্ৰতিবেদন দাখিল কৰিব বুলি পূৰ্বেই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই অনুসাৰে কালি SIT- এ দাখিল কৰে প্ৰতিবেদন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে প্ৰতিবেদন প্ৰকাশৰ পিছতে গৌৰৱ গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছিল। অৱশ্যে কালি প্ৰতিবেদন প্ৰকাশৰ পিছত এই বিষয়ত ৰাজ্যিক কেবিনেটত আলোচনা কৰা হ’ব আৰু আলোচনাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ’ব বুলি উল্লেখ কৰিছিল।
ইফালে এক ফেচবুক পোষ্ট যোগে তেওঁ গৌৰৱ গগৈৰ প্ৰত্যক্ষভাৱে নাম উল্লেখ নকৰাকৈ পাকিস্তান সংযোগৰ বিষয়ে প্ৰকাশ কৰিছিল। আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ এনে প্ৰতিক্ৰিয়াৰ পিছত গৌৰৱ গগৈয়ে কটাক্ষভৰা মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ শ্ব’ ফ্লপ হোৱা বুলি মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
এনে বাদ বিবাদৰ মাজতে আজি পুনৰ এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো অভিযোগ আৰু বিষয় এতিয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব বুলি তেওঁ মন্তব্য কৰে। বিটিআৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত তেওঁ এনে মন্তব্য কৰে।
SITৰ প্ৰতিবেদনখন সময়ত ৰাজহুৱা কৰা হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ‘যাৰ পত্নী–পুত্ৰৰ ওপৰত নিয়ন্ত্ৰন নাই, তেওঁ কেনেদৰে ৰাইজৰ সেৱা কৰিব’ বুলিও তীক্ষ্ণ আক্ৰমণ কৰে। লগতে গৌৰৱ গগৈৰ কোনো কথা শুনি মন্তব্য দিয়াৰ প্ৰয়োজন বোধ নকৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
কেৱল সিমানেই নহয়, ফেচবুক যোগে তেওঁ এতিয়া আন এক তীৰ্যক পোষ্টো কৰিছে। পোষ্টটোত কাৰো নাম উল্লেখ নকৰাকৈ তেওঁ লিখিছে, “এখন ৯৬ পৃষ্ঠাজোৰা দস্তাবেজ— সীমিত সমলেৰে প্ৰস্তুত কৰা যদিও এই প্রতিবেদনখনে বহু সত্য উন্মোচন কৰিছে।”
“প্রতিবেদনখনৰ কেইটামান বিশেষ বাক্যই মনটো গধুৰ কৰি তুলিলে, আৰু ভাবিবলৈ বাধ্য কৰালে যে কিমান সহজে মানুহে শিপা পাহৰি কেৱল নিজৰ অভিপ্রায় সিদ্ধিৰ বাবে উত্তৰ প্রজন্মৰ ভৱিষ্যতকো বিনিময় কৰিবলৈ কুণ্ঠাবোধ নকৰে। আমাৰ দুখ এগৰাকী পিতৃৰ পতনৰ বাবে নহয়, দুটি নিষ্পাপ সন্তানৰ ভৱিষ্যতৰ কণ্ঠ মূক কৰি তোলাক লৈহে।”- এইদৰে তেওঁ পোষ্টটোত লিখিছে।
“সেই দুটি সন্তানৰ পৰা কি কাঢ়ি নিয়া হৈছে— তাক উপলব্ধি কৰিবলৈও তেওঁলোকৰ বয়স কম। মোৰ প্ৰাৰ্থনা তেওঁলোকৰ সৈতে সদায় থাকিব।”- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বিশ্ব শৰ্মাই পোষ্টটোত লগতে এইদৰে উল্লেখ কৰে। কাৰো নাম উল্লেখ নকৰিলেও মুখ্যমন্ত্ৰীগৰাকীয়ে এই পোষ্টৰ দ্বাৰা SITৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে কটাক্ষ কৰা বুলি চৰ্চিত হৈছে।