24 Nov 2025
TV9 ASSAM
বৰ্তমান শীতকাল পৰিছে। এই সময়চোৱাত মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত হৃদযন্ত্ৰৰ স্বাস্থ্যও প্ৰভাৱিত হয়। গতিকে শীতকালত হৃদযন্ত্ৰৰ যত্ন লোৱা দৰকাৰ।
শীতকালত তাপমাত্ৰা কম হয়। এনে অৱস্থাত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পায়। গতিকে শীতকালত হাৰ্ট এটেক হোৱাৰ কেইটামান কাৰণ উল্লেখ কৰা হ'ল।
শীতকালত তেজ চলাচল কৰা নলীবোৰ সংকুচিত হৈ পৰে। এনে অৱস্থাত ষ্ট্ৰোক আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে শাৰীৰিক কাৰ্যকলাপ কিছু পৰিমাণে কৰিব লাগে।
শীতকালত বাহিৰত ঠাণ্ডা হয়। এনে অৱস্থাত শৰীৰৰ সাধাৰণ তাপমাত্ৰা নিয়ন্ত্ৰণ ৰাখিবলৈ হৃদযন্ত্ৰই অধিক কষ্ট কৰিব লগীয়াত পৰে। এনে অৱস্থাত হৃদযন্ত্ৰত হেঁচা পৰে।
শীতকালত ব্লাড প্ৰেচাৰ বৃদ্ধি হয়। এনে অৱস্থাত কোৰোনৰী ধমনী সংকীৰ্ণ হৈ পৰে। যাৰ ফলত হৃদযন্ত্ৰ আৰু মাংসপেশীয়ে তেজ আৰু অক্সিজেন কমকৈ লাভ কৰে। যাৰ ফলত হাৰ্ট এটেক আহিব পাৰে।
শীতকালত বহু মানুহে শাৰীৰিক কাৰ্যকলাপ কম কৰে। অনে অৱস্থাত ওজন বৃদ্ধি হয়। ইয়াৰ ফলতো হাৰ্ট এটেক হ'ব পাৰে।
গতিকে প্ৰতিদিনে ব্যায়াম কৰা দৰকাৰ। ইয়াৰোপৰি সুষম খাদ্য খাওক। ধূমপান ত্যাগ কৰক। হৃদযন্ত্ৰৰ লগত কিবা সমস্যা হ'লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক