শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Kolkata Airport: বিকল ইঞ্জিন ! কলকাতাত জৰুৰীকালীন অৱতৰণ আন এখন এয়াৰ ইণ্ডিয়া বিমান…

বিমানখন ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাইৰ অভিমুখে আহি আছিল । কিন্তু মুম্বাইৰ বিমান বন্দৰ পোৱাৰ আগতেই বিমানখনৰ যান্ত্ৰিক বিজুতি ধৰা পৰে।

Kolkata Airport: বিকল ইঞ্জিন ! কলকাতাত জৰুৰীকালীন অৱতৰণ আন এখন এয়াৰ ইণ্ডিয়া বিমান…
এয়াৰ ইণ্ডিয়াImage Credit source: TV9 Bangla
manas-borah
Manas Borah | Published: 17 Jun 2025 17:08 PM

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতি ! যাৰ বাবে কলকাতাৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হ’ল এয়াৰ ইণ্ডিয়াৰ এ আই ১৮০ বিমানখনে । খবৰ অনুসৰি, সোমবাৰে মাজনিশা এয়াৰ ইণ্ডিয়াৰ এ আই ১৮০ বিমানখনে কলকাতা বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ কৰে।

জানিব পৰা মতে, বিমানখন ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাইৰ অভিমুখে আহি আছিল । কিন্তু মুম্বাইৰ বিমান বন্দৰ পোৱাৰ আগতেই বিমানখনৰ যান্ত্ৰিক বিজুতি ধৰা পৰে। ফলত দ্ৰুতগতিত কলকাতা বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে। বিমানখনত বহু সময় বহি আছিল যাত্ৰীসকল।

পুৱা ৫:২০ বজাত যাত্ৰীসকলক বিমানখনৰ পৰা নামিবলৈ কোৱা হয়। খবৰ পোৱা গৈছে যে, আটাইকেইজন যাত্ৰী নিৰাপদ। বিমানখনত মুঠ ২৪২ জন যাত্ৰী আছিল। উল্লেখ্য যে, বিমানখনৰ মেৰামতিৰ বাবে মুম্বাই অভিমুখী যাত্ৰীসকলক দুখন হোটেলত ৰখাৰ ব্যৱস্থা কৰা হয় । জানিব পৰা মতে, এতিয়াও বিমানখন যাত্ৰাৰ বাবে সাজু হোৱা নাই ।

বিমানখধনৰ যান্ত্ৰিক বিজুতিৰ বাবে যাত্ৰীসকৰ মাজত আতংকই বিৰাজ কৰিছিল । কিছুদিন পূৰ্বে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানে কলকাতাৰ পৰা গাজিয়াবাদলৈ পূৰ্বে যান্ত্ৰিক বিজুতিৰ সন্মুখীন হৈছিল। বিমানখন ৰাণৱেলৈ গৈছিল যদিও উভতি আহিবলগীয়া হৈছিল । পৰিস্থিতি এনেকুৱা হৈ পৰিল যে যাত্ৰীসকলক নমাই আন এখন বিমানলৈ বদলি কৰিবলগীয়া হয়।

মনকৰিবলগীয়া যে, আহমেবাদৰ বিমান দুৰ্ঘটনাৰ পাছতে বহু এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক বিজুতিৰ খবৰ পোৱা গৈছে । আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ২৪১ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। বৰ্তমানে দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে।