পাকিস্তানৰ আক্ৰমণত অভিভাকত্বহীন হোৱা ২২ শিশুৰ দায়িত্ব ল’লে ৰাহুল গান্ধীয়ে, কৰিলে এই প্ৰতিশ্ৰুতি
অপাৰেচন সেন্দূৰ আৰু ভাৰত-পাক সংঘাতৰ পিছতে ৰাহুল গান্ধীয়ে পুঞ্চ ভ্ৰমণ কৰে। এই ভ্ৰমণত তেওঁ স্থানীয় ৰাইজৰ সৈতে সাক্ষাৎ কৰিছিল। এতিয়া কংগ্ৰেছ নেতাগৰাকীয়ে এই সংঘাতৰ ফলত অভিভাৱকত্বহীন হৈ পৰা ২২টি শিশুৰ দায়িত্ব লোৱাৰ বাবে আগবাঢ়ি আহিছে।

যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছিল সমগ্ৰ দেশ। সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণে প্ৰাণ কাঢ়ি নিছিল ২৬ জন লোকৰ। পহলগামৰ এই আক্ৰমণৰ পিছত ভাৰতীয় সেনাই প্ৰতিশোধ হিচাপে অপাৰেচন সেন্দূৰ আৰম্ভ কৰে। এই অভিযানৰ জৰিয়তে ভাৰতে পাকিস্তানত ৯টা সন্ত্ৰাসবাদী ঘাটি স্থান ধ্বংস কৰে। ভাৰতৰ এই অপাৰেচন সেন্দূৰৰ পিছত প্ৰায় ৪ দিন দুয়োখন দেশৰ মাজত সামৰিক সংঘাত দেখা যায়। এই সংঘাতৰ সময়ত ভাৰতৰ বহু সাধাৰণ লোকে প্ৰাণ হেৰুৱাইছিল।
পাকিস্তানৰ সৈতে সংঘৰ্ষৰ সময়ত এইদৰে আত্মীয়–স্বজনক হেৰুৱাই অভিভাৱকত্বহীন হৈ পৰে ২২ টা শিশু। এতিয়া এই শিশুকেইটিৰ দায়িত্ব লোৱাৰ বাবে আগবাঢ়ি আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, ৰাহুল গান্ধীয়ে এই ২২টা শিশুৰ শিক্ষাৰ সমগ্ৰ খৰচ বহন কৰিব বুলি জানিবলৈ দিছে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ সভাপতি তাৰিক হামিদ কাৰাই।
এই প্ৰতিবেদন মতে, বুধবাৰে এই শিশুসকলক প্ৰথম কিস্তি প্ৰদান কৰিব ৰাহুল গান্ধীয়ে। জম্মু-কাশ্মীৰ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ভাষ্য অনুসৰি ৰাহুল গান্ধীয়ে স্নাতক ডিগ্ৰী সম্পূৰ্ণ নকৰালৈকে এই শিশুকেইটিক সহায় আগবঢ়াব। উল্লেখ্য যে অপাৰেচন সেন্দূৰ আৰু ভাৰত-পাক সংঘাতৰ পিছতে ৰাহুল গান্ধীয়ে পুঞ্চ ভ্ৰমণ কৰে। এই ভ্ৰমণত তেওঁ স্থানীয় ৰাইজৰ সৈতে সাক্ষাৎ কৰে।
কংগ্ৰেছৰ দলীয় নেতাসকলে সদৰী কৰা মতে জৰীপ আৰু চৰকাৰী তথ্য পৰীক্ষা কৰি এই শিশুসকলৰ নাম নিৰ্ণয় কৰা হৈছে। যোৱা মে’ মাহত ৰাহুল গান্ধীয়ে ক্ৰাইষ্ট পাব্লিক স্কুলো ভ্ৰমণ কৰিছিল, এই বিদ্যালয়ত তেওঁ পাকিস্তানৰ সামৰিক আক্ৰমণত আহত হোৱা ১২ বছৰীয়া যমজ ভাতৃ–ভগ্নী জৈন আলী আৰু উৰ্বা ফাতিমাক সাক্ষাৎ কৰিছিল।
উল্লেখ্য যে পুঞ্চ জিলাত ভাৰত-পাক সংঘাতৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছিল। পুঞ্চৰ বহু স্থানত পাকিস্তানে আক্ৰমণ চলোৱাৰ ফলশ্ৰুতিত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছিল। পহলগামৰ আক্ৰমণৰ পিছতে যোৱা ৭ মে’ৰ পুৱাৰ ভাগত ভাৰতে অপাৰেচন সেন্দূৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছতে দুয়োখন দেশৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছিল। ৪ দিন ধৰি চলি থকা সংঘাতৰ পিছত অৱশ্যে ১০ মে’ত যুদ্ধবিৰতি ঘোষণা কৰা হয়।