শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Mouni Roy: ছবি জগতত অহাৰ পূৰ্বে কি হৈছিল মৌনি ৰয়ৰ সৈতে? জানি হ'ব আচৰিত!

Mouni Roy: ছবি জগতত অহাৰ পূৰ্বে কি হৈছিল মৌনি ৰয়ৰ সৈতে? জানি হ’ব আচৰিত!

Barasha Misra
Barasha Misra | Published: 08 Nov 2025 22:24 PM

২০১৮ চনৰ ‘গোল্ড’ ছবিৰ জৰিয়তে মৌনীয়ে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল। প্ৰথমখন ছবিত ছুপাৰষ্টাৰ অক্ষয়ৰ বিপৰীতে অভিনয় কৰিছিল মৌনীয়ে। ইয়াৰ পিছত ‘ৰোমিঅ’ আকবৰ ৱালটাৰ’ আৰু ‘মেড ইন চাইনা’ ছবিতো অভিনয় কৰিছিল।

ছবি জগতত সুযোগ পোৱাৰ বাবে কাষ্টিং কাউচৰ বিষয়টো নতুন নহয়। অভিনেতা-অভিনেত্ৰীৰ ক্ষেত্ৰত যুগ যুগ ধৰি এনেকুৱা হৈ আহিছে। কিছুমানে ইয়াৰ বিৰুদ্ধে মাত মাতিলেও বেছিভাগেই সপোন হেৰুৱাৰ ভয়ত মনে মনে থাকে। কাষ্টিং কাউচৰ বিষয়টো উদ্যোগটোৰ এটা মুকলি যদিও গোপন কথা। এতিয়া বলীউডৰ এই মুকলি গোপনীয়তাৰ বিষয়ে মুকলিকৈ কৈছে বলীউডৰ অভিনেত্ৰী মৌনি ৰয়ে। শেহতীয়াকৈ এটা প’ডকাষ্টত মৌনীয়ে প্ৰকাশ কৰিছে যে কাষ্টিং ডাইৰেক্টৰগৰাকীয়ে নিজৰ কেৰিয়াৰৰ আৰম্ভণিৰ এটা দৃশ্য বুজাই দিওঁতে কি কৰিছিল।

টেলিভিছনৰ পৰ্দাৰ পৰাই মৌনি ৰয়ৰ অভিনয় জীৱন আৰম্ভ হৈছিল। ‘নাগিন’ ধাৰাবাহিকখনত মৌনীয়ে উজ্জ্বল অভিনয়েৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। একতা কাপুৰৰ বালাজী ফিল্মছৰ নেতৃত্বত মৌনীয়ে ইখনৰ পিছত সিখন টেলি ধাৰাবাহিকত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ ভিতৰত ‘কিউকি সাস ভি কবি বহু থি’, ‘কস্তুৰী’, ‘দেৱো কা দেৱ মহাদেৱ’ ইত্যাদি।

২০১৮ চনৰ ‘গোল্ড’ ছবিৰ জৰিয়তে মৌনীয়ে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল। প্ৰথমখন ছবিত ছুপাৰষ্টাৰ অক্ষয়ৰ বিপৰীতে অভিনয় কৰিছিল মৌনীয়ে। ইয়াৰ পিছত ‘ৰোমিঅ’ আকবৰ ৱালটাৰ’ আৰু ‘মেড ইন চাইনা’ ছবিতো অভিনয় কৰিছিল।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…