শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিশ্বকাপ বিজয়ী অসম জীয়ৰী উমা চেত্ৰীৰ ঘৰত অজাপৰ সভাপতি লুৰীণজ্যেতি গগৈ

বিশ্বকাপ বিজয়ী অসম জীয়ৰী উমা চেত্ৰীৰ ঘৰত অজাপৰ সভাপতি লুৰীণজ্যেতি গগৈ

barasha-misra
Barasha Misra | Published: 08 Nov 2025 23:05 PM

ইয়াৰোপৰি তেওঁ লিখিছে, অতি আনন্দ, আৱেগ আৰু গৌৰৱেৰে বিশ্বকাপ ক্ৰিকেট দলত চেম্পিয়ন হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এগৰাকী সেনানী হিচাপে লাভ কৰা অনন্য সফলতাৰ বাবে অসম জাতীয় পৰিষদে উমা চেত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

বিশ্বকাপ জয় কৰি গৃহ ৰাজ্য অসমলৈ উভতিল উমা চেত্ৰী। বিশ্বকাপ বিজয়ী অসম জীয়ৰী উমা চেত্ৰীৰ ঘৰত অজাপৰ সভাপতি লুৰীণজ্যেতি গগৈ। সামাজিক মাধ্যমত তেওঁ লিখিছে, উমা চেত্ৰীয়ে জীৱনৰ প্ৰতিটো পদক্ষেপত যি আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ দেখুৱাই আহিছে, সেয়া সঁচাকৈ অনুকৰণযোগ্য। অসমৰ সমাজ জীৱন তথা আগন্তুক প্ৰজন্মৰ বাবে তেওঁ অনুপ্ৰেৰণাৰ আকৰৰূপে প্ৰতিষ্ঠিত হৈছে।

ইয়াৰোপৰি তেওঁ লিখিছে, অতি আনন্দ, আৱেগ আৰু গৌৰৱেৰে বিশ্বকাপ ক্ৰিকেট দলত চেম্পিয়ন হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এগৰাকী সেনানী হিচাপে লাভ কৰা অনন্য সফলতাৰ বাবে অসম জাতীয় পৰিষদে উমা চেত্ৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বিৰল সাফল্য কেৱল তেওঁৰ ব্যক্তিগত গৌৰৱৰ সীমনাতেই আবদ্ধ নহয়, এই সফলতা আমাৰ সমাজৰ, আমাৰ অসমভূমিৰ বাবেও গৌৰৱৰ কাৰণ। যি নিষ্ঠা আৰু সততাৰে নিজৰ ক্ষেত্ৰখনত তেওঁ আগুৱাই গৈছে, সেই উৎসাহে আৰু অনেক নতুন প্ৰতিভাক পথৰ সন্ধান দিছে৷