অভিষেক শৰ্মাই গঢ়িলে অনন্য অভিলেখ, পিছ পেলালে সকলোকে

09 Nov 2025

TV9 ASSAM

কালি অন্ত পৰে ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ শৃংখলা। এই শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় ভাৰতীয় অপেনাৰ অভিষেক শৰ্মা।

অভিষেক শৰ্মা

এই শৃংখলাৰ অন্তিম মেচখন কালি বৰষুণৰ বাবে বাতিল হয় যদিও অভিষেক শৰ্মাই এক অনন্য কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।

কৃতিত্ব

মেচ বন্ধ হোৱাৰ সময়লৈ অভিষেকে ২৩ ৰান কৰি বেটিং কৰি আছিল। ইনিংছত ১১ ৰান কৰাৰ লগে লগে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ১০০০ ৰান সম্পূৰ্ণ কৰে।

হাজাৰ ৰান

অভিষেক এতিয়া দ্ৰুততম ১০০০ ৰান সংগ্ৰহকাৰী বেটাৰ। মাত্ৰ ৫২৮টা বলত ১০০০ ৰান সম্পূৰ্ণ কৰি বলৰ ক্ষেত্ৰত দ্ৰুততম বেটাৰৰ অভিলেখ গঢ়িছে।

অভিলেখ

অভিষেক এতিয়া এইক্ষেত্ৰত শীৰ্ষত আছে। তেওঁ অতিক্ৰম কৰিছে অষ্ট্ৰেলিয়াৰ টিম ডেভিডক (৫৬৯টা বল), সূৰ্যকুমাৰ যাদৱক (৫৭৩ বল)।

শীৰ্ষত অভিষেক

আনহাতে ইনিংছৰ ক্ষেত্ৰত ১০০০ ৰানৰ ক্ষেত্ৰত দ্বিতীয় দ্ৰুততম ভাৰতীয় অভিষেক। তেওঁ ২৮ ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছে।

দ্বিতীয় ভাৰতীয়

এইক্ষেত্ৰত অভিষেকৰ আগত আছে বিৰাট কোহলী (২৭ ইনিংছ)। আনহাতে অভিষেকৰ পিছত আছে ৰাহুল (২৯ ইনিংছ), সূৰ্য (৩১ ইনিংছ), ৰোহিত (৪০ ইনিংছ)।

আগে-পিছে কোন

পঢ়িবলৈ ক্লিক কৰক 

এইকেইবিধ সামগ্ৰীয়ে পৰিষ্কাৰ কৰি ৰাখে তেজ