শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বেংক ব্যৱস্থাত দেখা যাব অভিনৱ পৰিৱৰ্তন, বিত্তমন্ত্ৰী সীতাৰমণে দিলে ডাঙৰ ইঙ্গিত

বেংক ব্যৱস্থাত দেখা যাব অভিনৱ পৰিৱৰ্তন, বিত্তমন্ত্ৰী সীতাৰমণে দিলে ডাঙৰ ইঙ্গিত

monjit-dutta
Monjit Dutta | Published: 08 Nov 2025 22:13 PM

দেশৰ অর্থনীতি সবল কৰি তোলাৰ লক্ষ্যত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়া মতে চৰকাৰী বেংক একত্ৰীকৰণৰ লগতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে

দেশৰ অর্থনীতি সবল কৰি তোলাৰ লক্ষ্যত কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জানিবলৈ দিয়া মতে চৰকাৰী বেংক একত্ৰীকৰণৰ লগতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতক একাধিক বৃহৎ আৰু বিশ্বমানৰ বেংকৰ প্ৰয়োজন বুলিও মত পোষণ কৰিছে।

ইতিপূৰ্বে ২০২০ চনত ১০টা চৰকাৰী বেংক একত্ৰিত কৰি ৪টা বৃহৎ বেংক গঠন কৰা হৈছিল। অৱশ্যে এইবাৰ কেৱল বেংকৰ সৰল একত্ৰীকৰণতে সীমাবদ্ধ নাথাকিব এই প্ৰক্ৰিয়া। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ তথ্য দাঙ ধৰিছে।