শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
১ মিনিটত চাওক দিনটোৰ শীৰ্ষ ৯টা খবৰ

১ মিনিটত চাওক দিনটোৰ শীৰ্ষ ৯টা খবৰ

trishna-kalita
Trishna Kalita | Updated On: 08 Nov 2025 22:25 PM

চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। অমৃত কলহৰ ভূমিৰে শিলান্য়াস কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰত বিজেপি চৰকাৰৰ ১১ বছৰীয়া কাৰ্যকালত উত্তৰ-পূবৰ শিক্ষাখণ্ডৰ বাবে ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰা বুলি জনায় সীতাৰমণে।

ৰাস মহোৎসৱৰ আনন্দমুখৰ পৰিৱেশৰ মাজতে হাউলীত বিধ্বংসী অগ্নিকাণ্ড। যোৱা নিশা হাউলীৰ চাৰিআলি চ’কৰ থানা ৰোডত সংঘটিত হয় এই অগ্নিকাণ্ড। প্ৰায় ১৫ খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত।  নগাঁৱৰ মৰিকলঙত ভয়ংকৰ ডকাইতি কাণ্ড। এটি দম্পতীক ছুৰীকাঘাত কৰি ডকাইতে লুটিলে ধন-সোণ। পূৰ্বে দম্পতীটোৰ সহায়ক হিচাপে থকা প্ৰভাত হাজৰিকা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপন হৈছে ডকাইতিৰ অভিযোগ। বৰ্তমান চিকিৎসাধীন হৈ আছে স্বামী-স্ত্ৰী। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।