বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ পৰা ভাৰতৰ টি-২০ শৃংখলা জয়লৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পঢ়ক
ৰাস মহোৎসৱৰ আনন্দমুখৰ পৰিৱেশৰ মাজতে হাউলীত বিধ্বংসী অগ্নিকাণ্ড। নগাঁৱৰ মৰিকলঙত ভয়ংকৰ ডকাইতি কাণ্ড। এটি দম্পতীক ছুৰীকাঘাত কৰি ডকাইতে লুটিলে ধন-সোণ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। অমৃত কলহৰ ভূমিৰে শিলান্য়াস কৰে মন্ত্ৰীগৰাকীয়ে। ৰাস মহোৎসৱৰ আনন্দমুখৰ পৰিৱেশৰ মাজতে হাউলীত বিধ্বংসী অগ্নিকাণ্ড। নগাঁৱৰ মৰিকলঙত ভয়ংকৰ ডকাইতি কাণ্ড। এটি দম্পতীক ছুৰীকাঘাত কৰি ডকাইতে লুটিলে ধন-সোণ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
১. গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। অমৃত কলহৰ ভূমিৰে শিলান্য়াস কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰত বিজেপি চৰকাৰৰ ১১ বছৰীয়া কাৰ্যকালত উত্তৰ-পূবৰ শিক্ষাখণ্ডৰ বাবে ২১ হাজাৰ কোটি টকা বিনিয়োগ কৰা বুলি জনায় সীতাৰমণে। কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ বাবে নিৰ্ধাৰিত পুঁজিৰ পৰিমাণ হৈছে ৪১৫ কোটি টকা।
২. ৰাস মহোৎসৱৰ আনন্দমুখৰ পৰিৱেশৰ মাজতে হাউলীত বিধ্বংসী অগ্নিকাণ্ড। যোৱা নিশা হাউলীৰ চাৰিআলি চ’কৰ থানা ৰোডত সংঘটিত হয় এই অগ্নিকাণ্ড। প্ৰায় ১৫ খন ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত। অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন বাহনে প্ৰায় ৩ ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
৩. নগাঁৱৰ মৰিকলঙত ভয়ংকৰ ডকাইতি কাণ্ড। এটি দম্পতীক ছুৰীকাঘাত কৰি ডকাইতে লুটিলে ধন-সোণ। পূৰ্বে দম্পতীটোৰ সহায়ক হিচাপে থকা প্ৰভাত হাজৰিকা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপন হৈছে ডকাইতিৰ অভিযোগ। বৰ্তমান চিকিৎসাধীন হৈ আছে স্বামী-স্ত্ৰী।
৪. অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীক চিহ্নৰ স্ৰষ্টা চৌকত আলীৰ দেহাৱসান। বাৰ্ধক্যজনিত কাৰণত যোৱা নিশা তেজপুৰত শেষ নিশ্বাস ত্যাগ কৰে চৌকত আলীয়ে। ১৯৭১ চনত অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীক এশিঙীয়া গঁড়টো অংকন কৰিছিল তেওঁ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০৩ বছৰ।
৫. বিশ্বকাপ জয়ী অসম কন্যা উমা চেত্ৰীৰ বাসগৃহত আজি উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। বিশ্বকাপ জয়ৰ অংশীদ্বাৰ হোৱাৰ বাবে খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে লুৰীণজ্যোতি গগৈয়ে। ইফালে অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তয়ো উমাৰ গৃহত উপস্থিত হৈ তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।
৬. শীঘ্ৰেই ভাৰতলৈ ওভতাই অনা হ’ব এছিয়া কাপৰ ট্ৰফী। এই বিষয়ে জনাইছে বিচিচিআইৰ সচিব দেৱজিত শইকীয়াই। যোৱা চাৰি নৱেম্বৰত ডুবাইত আইচিচিৰ সন্মিলন অনুষ্ঠিত হয়। ৭ নৱেম্বৰত দুলানি আলোচনাত মিলিত হয় ভাৰত আৰু পাক ক্ৰিকেট ব’ৰ্ড। এই আলোচনাই এক আশাৰ ৰেঙনি বহন কৰা বুলি কয় শইকীয়াই।
৭. দেওবাৰে গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ’ব ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’। তাৰ পূৰ্বে আজি অনুষ্ঠিত হয় চূড়ান্ত অনুশীলন। বায়ুসেনা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। কাইলৈ অসমত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
৮. জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত নিহত হয় দুটা সন্ত্ৰাসবাদী। সেনাৰ চিনাৰ কৰ্পে নিজৰ এক্স হেণ্ডেলত এই অভিযানৰ বিষয়ে জানিবলৈ দিয়ে। নিৰাপত্তাৰক্ষীয়ে এই অভিযানৰ নাম দিছিল অপাৰেশ্যন পিম্পল।
৯. অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ভাৰতৰ। ২-১ ৰ ব্যৱধানত শৃংখলা দখল কৰে ভাৰতে। পাঁচখনীয়া মেচৰ শৃংখলাটোৰ আজি অন্তিমখন মেচ আছিল যদিও প্ৰতিকূল বতৰৰ বাবে আধাতেই সামৰিবলগীয়া হয় মেচখন। এই শৃংখলাৰ প্ৰথমখন মেচো বাতিল হৈছিল বৰষুণৰ বাবে।