৮ বছৰ বয়সত তিনিটাকৈ সন্তানৰ মাতৃ হ’ল এগৰাকী মহিলা, কাগজৰ খেলাত হতচকিত সকলো
চৰকাৰী তথ্য মতে, ৫ বছৰ বয়সতে প্ৰথমটি সন্তান জন্ম দিছিল মহিলাগৰাকীয়ে। ৬ বছৰ বয়সত দ্বিতীয়বাৰ আৰু ৮ বছৰ বয়সত তৃতীয়বাৰ মাতৃ হয় মহিলাগৰাকী। পঞ্চায়ত সচিব স্বাক্ষৰিত পৰিয়াল পঞ্জীৰ কপিত লিপিবদ্ধ কৰা হৈছে।

৮ বছৰ বয়সতে ৩ টিকৈ সন্তানৰ মাতৃ হ’ল এগৰাকী মহিলাই। শুনিবলৈ আচৰিত যেন লাগিছে, নিশ্চয়। আচৰিত হোৱাতো স্বাভাৱিক। আচলতে বাস্তৱত নহয়, চৰকাৰী নথিতহে মাতৃ হৈছে মহিলাগৰাকী। চৰকাৰী বিভাগৰ এই কাণ্ডই আচৰিত কৰি তুলিছে বিভিন্নজনক।
চৰকাৰী তথ্য মতে, ৫ বছৰ বয়সতে প্ৰথমটি সন্তান জন্ম দিছিল মহিলাগৰাকীয়ে। ৬ বছৰ বয়সত দ্বিতীয়বাৰ আৰু ৮ বছৰ বয়সত তৃতীয়বাৰ মাতৃ হয় মহিলাগৰাকী। পঞ্চায়ত সচিব স্বাক্ষৰিত পৰিয়াল পঞ্জীৰ কপিত লিপিবদ্ধ কৰা হৈছে।
মহিলাগৰাকীৰ নাম কমলেশ। আন এগৰাকী মহিলাক তেওঁৰ মৃত স্বামীৰ পত্নী হিচাপে দেখুওৱা হৈছে আৰু তেওঁৰ সৈতে তিনিটা সন্তানৰ নাম সংযোজন কৰা হৈছে বুলি অভিযোগ কৰে। কমলেশে কয় যে তেওঁৰ শহুৰেকে সম্পত্তি দখল কৰাৰ উদ্দেশ্যেৰে তথ্যৰ হেৰফেৰ কৰিছে। এই সন্দৰ্ভত তেওঁ ১২জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক দাবী জনাইছে কমলেশে।
আশ্চৰ্যজনকভাৱে ভুৱা মহিলাগৰাকীৰ জন্ম চন ১৯৮৪ বুলি দেখুওৱা হৈছে, আনহাতে তেওঁৰ সন্তানৰ জন্ম চন ১৯৮৯, ১৯৯০ আৰু ১৯৯২ বুলি লিপিবদ্ধ কৰা হৈছে। এই তাৰিখবোৰে চৰকাৰী নথি-পত্ৰৰ বিশ্বাসযোগ্যতাক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।
এনে ধৰণৰ ঘটনা কোনো হাস্য-ব্যংগ কাহিনী বা ছবিত হ’ব পাৰে, কিন্তু চৰকাৰী পঞ্জীত কেনেকৈ সম্ভৱ? প্ৰশ্ন উত্থাপন হোৱাটো নিশ্চিত। এতিয়া এই বিষয়টোৱে পঞ্চায়ত সচিবৰ ভূমিকা আৰু অভিলেখ দাখিল ব্যৱস্থাৰ স্বচ্ছতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।
ব্লক ডেভেলপমেণ্ট অফিচাৰ চমুকৈ বিডিঅ’ই বিষয়টো নিশ্চিত কৰি ঊৰ্ধতন বিষয়াৰ নিৰ্দেশত বিতং তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। অভিযোগবোৰ সঠিক বুলি প্ৰমাণিত হ’লে যি দোষী সাব্যস্ত হয় তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উত্তৰ প্ৰদেশৰ অৰৈয়া জিলাৰ অজিতমল তহচিলৰ ৰামপুৰ গাঁৱত নথি-পত্ৰৰ অমিলৰ এই ঘটনাৰ বাবে বিমোৰত পৰিছে প্ৰশাসন।