শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অপাৰেচন সেন্দূৰক লৈ ২৫ ঘণ্টা, মণিপুৰক লৈ ২ ঘণ্টা আলোচনা হ’ব সদনত

অহা সপ্তাহত সংসদত অপাৰেচন সেন্দূৰৰ বিষয়ে আলোচনা কৰা হ’ব। লোকসভাত অপাৰেচন সেন্দূৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া আলোচনাৰ বিপৰীতে ৰাজ্যসভাত ৯ ঘণ্টীয়া আলোচনা হ’ব।

অপাৰেচন সেন্দূৰক লৈ ২৫ ঘণ্টা, মণিপুৰক লৈ ২ ঘণ্টা আলোচনা হ’ব সদনত
সংসদৰ বৰ্ষাকালীন অধিবেশনImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 21 Jul 2025 17:41 PM

সংসদৰ বৰ্ষাকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে লোকসভাত হুলস্থুলৰ সৃষ্টি হয়। বিৰোধী সদস্যৰ হুলস্থুলৰ বাবেই তিনিবাৰকৈ সদন স্থগিত ৰখাৰ পাছত সোমবাৰে লোকসভাৰ কাৰ্যসূচী দিনটোৰ বাবে স্থগিত ৰখা হয়। ৰাজ্যসভাৰ কার্যসূচীও সঠিকভাৱে আৰম্ভ কৰিব পৰা নাছিল ৷

বিৰোধী সাংসদসকলৰ হুলস্থুলৰ বাবে ৰাজ্যসভাৰ কাম-কাজো স্থগিত ৰাখিবলগীয়া হয়। আয়কৰ বিধেয়ক ২০২৫ সন্দৰ্ভত নিৰ্বাচিত সমিতিৰ প্ৰতিবেদন লোকসভাত দাখিল কৰা হয়। ইয়াৰ পাছতে পুনৰ লোকসভাৰ কাম-কাজ আৰম্ভ হয় যদিও পুনৰ বিৰোধী দলৰ নেতাসকলে হুলস্থুলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কপে, তাৰ পাছত পুনৰ ২ বজালৈকে কাৰ্যবিধি স্থগিত ৰখা হয়। ইয়াৰ পিছতে ৰাজ্যসভাত বিলছ অৱ লেডিং বিল, ২০২৫ গৃহীত হয়।

সংসদত অপাৰেচন সেন্দূৰক লৈ ২৫ ঘণ্টীয়া আলোচনা হ’ব

অহা সপ্তাহত সংসদত অপাৰেচন সেন্দূৰৰ বিষয়ে আলোচনা কৰা হ’ব। লোকসভাত অপাৰেচন সেন্দূৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া আলোচনাৰ বিপৰীতে ৰাজ্যসভাত ৯ ঘণ্টীয়া আলোচনা হ’ব। ইয়াৰ উপৰিও লোকসভাত আয়কৰ বিধেয়ক ২০২৫ সন্দৰ্ভত ১২ ঘণ্টীয়া আলোচনা হ’ব। লোকসভাত ভাৰতীয় ডাক বিধেয়ক সন্দৰ্ভত ৩ ঘণ্টীয়া আলোচনা হ’ব। ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক সন্দৰ্ভত ৮ ঘণ্টীয়া আলোচনা হ’ব। মণিপুৰৰ বাজেট সন্দৰ্ভত ২ ঘণ্টীয়া আলোচনা হ’ব। ইয়াৰ উপৰিও টিডিপিয়ে ৫০ বছৰীয়া জৰুৰীকালীন অৱস্থাৰ ওপৰত আলোচনাৰ দাবী জনাইছে। আনহাতে বিজেপি নেতা অনুৰাগ ঠাকুৰে হিমাচলৰ বৰষুণ আৰু বানৰ সন্দৰ্ভত আলোচনাৰ দাবী জনাইছে।

সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত বৃহৎ বৈঠক

আনহাতে সোমবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত সংসদ ভৱনত এখন ডাঙৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বহু নেতা উপস্থিত থাকে। ২১ জুলাইৰ পৰা ২১ আগষ্টলৈ চলিব সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই সময়ছোৱাত বহু বিধেয়ক উত্থাপন আৰু গৃহীত হোৱাৰ সম্ভাৱনা আছে।

সম্পূৰ্ণ সফল হ’ল অপাৰেচন সেন্দূৰ – প্ৰধানমন্ত্ৰী মোদী

সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে কয় যে এই বৰ্ষাকালীন অধিৱেশন এক বিজয় উদযাপন ৷ সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক শক্তি দেখিছে। অপাৰেচন সেন্দূৰ সম্পূৰ্ণ সফল হয়। ২২ মিনিটৰ ভিতৰতে সন্ত্ৰাসবাদী নেতাৰ ঘৰ ভাঙি পেলোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৪ চনৰ আগতে মুদ্ৰাস্ফীতিৰ হাৰ দুটা সংখ্যাত আছিল আৰু আজি ই মাত্ৰ ২ শতাংশহে আছে।