শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today Top News : পলকতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…

বিৰোধীৰ প্ৰতিবাদৰ ফলত আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ লগতে বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

Today Top News : পলকতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…
সংসদৰ বৰ্ষাকালীন অধিৱেশনImage Credit source: PTI
manas-borah
Manas Borah | Published: 21 Jul 2025 20:16 PM

আজিৰ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশন বিৰোধী সাংসদে হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত দিনটোৰ বাবে স্থগিত ৰখা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ আশুতোশ কুমাৰে। আজি দৰঙৰ গৰুখুঁটি প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। কিন্তু বিৰোধী সাংসদে হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত দিনটোৰ বাবে স্থগিত ৰখা হয় লোকসভাৰ কাম-কাজ। ৰাজ্যসভাতো সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতিৰ। সদনত অহা সপ্তাহত অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰায় ২৫ ঘণ্টাজোৰা আলোচনা চলিব।
  2. আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ আশুতোশ কুমাৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তেওঁক শপতবাক্য পাঠ কৰোৱায় ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই।
  3. আজি দৰঙৰ গৰুখুঁটি প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে কয় যে গৰুখুঁটিৰ কাহিনী ১৯৮৩ চনৰ। তেতিয়াই গৰুখুঁটি ৰক্ষাৰ সাহস কৰি ২৩ জনে মৃত্যুক সাৱটি লৈছিল। অসমৰ প্ৰতি টুকুৰা মাটি সন্দেহযুক্ত বাংলাদেশীৰ পৰা উদ্ধাৰৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।
  4. উচ্ছেদৰ বিৰুদ্ধে উচতনিমূলক ৰীল বনোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে দৰঙৰ ধূলাৰ মাহমুদ আলম নামৰ এজন যুৱক। সামাজিক মাধ্যমত উচ্ছেদ তথা মুছলমান সন্দৰ্ভত উচতনিমূলক মন্তব্য কৰাৰ পাছতেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে মাহমুদক প্ৰেৰণ কৰা হৈছে জেললৈ।
  5. সোমবাৰে শিলসাঁকো বিলত তথা ইণ্ডিয়ান ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠানত উচ্ছেদ চলায় গুৱাহাটী পৌৰ নিগমে। শিলসাঁকোত অবৈধ বসতিয়ে গুৱাহাটীত বান সমস্যা সৃষ্টি কৰা বুলি দাবী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। এই উচ্ছেদে গুৱাহাটীক বানমুক্ত কৰাত সহায় কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে।
  6. বাংলাদেশত আজি দুৰ্ঘটনাত পতিত হয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান। উৰণৰ পিছতেই বিমানখনে খুন্দা মাৰে এখন মহাবিদ্যালয়ৰ অট্টালিকাত। পাইলটগৰাকী নিহত হোৱাৰ খবৰ পোৱা গৈছে যদিও মহাবিদ্যালয়ৰ কিমান শিক্ষাৰ্থী হতাহত হৈছে সেয়া নিশ্চিত হোৱা নাই।
  7. ২০০৬ চনত মুম্বাইৰ স্থানীয় ৰেলত হোৱা বিস্ফোৰণৰ গোচৰত অভিযুক্ত ১১ জন অভিযুক্তক দোষমুক্ত ঘোষণা। বম্বে উচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠে দীৰ্ঘদিনীয়া শুনানিৰ অন্তত দোষমুক্ত ঘোষণা কৰে ১১ অভিযুক্তক। প্ৰায় ১১ মিনিটৰ ভিতৰত সংঘটিত হৈছিল ৭ টাকৈ বিস্ফোৰণ।
  8. চীনৰ ৰাজধানী বেইজিঙত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হ’ব পাৰে বৈঠক। সোমবাৰে ক্ৰেমলিনে ইংগিত দিয়ে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বৈঠক সম্ভৱ হ’ব পাৰে যদিহে এই ছেপ্টেম্বৰ মাহত বেইজিঙত অনুষ্ঠিত হোৱা অনুষ্ঠানত দুয়োগৰাকী নেতাই অংশগ্ৰহণ কৰে। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে নিশ্চিত কৰিছে যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ চীন ভ্ৰমণ কৰিব পুটিনে।
  9. বিশ্ব ক্ৰিকেটত সংযুক্ত হ’ল আৰু দুটা নতুন দল। ২০ জুলাইত ছিংগাপুৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ বাৰ্ষিক বৈঠকৰ পিছত প্ৰকাশ পাইছে এই খবৰ। এই নতুন দুটা দল হৈছে টিম’ৰ আৰু জাম্বিয়া।