‘মনে মনে নাথাকে অসম’, সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীৰ পৰা সজোৰে উঠিল জুবিন গাৰ্গৰ ন্যায়ৰ দাবী
ৰাজ্যৰ ভিন্ন স্থানৰ পৰা অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত হোৱা লোকসকলে সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ বাবে ন্যায়ৰ বাহিৰে আন একো নিবিচাৰে বুলি স্পষ্টকৈ উল্লেখ কৰে। জুবিন গাৰ্গৰ ন্যায় বাবে মৰিবলৈও সাজু বুলিও হুংকাৰ দিয়ে একাংশ লোকে।

হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী তুলি ৰাজ্যজুৰি প্ৰতিবাদত মুখৰিত হৈছে প্ৰতিজন লোক। সামাজিক মাধ্যমতো প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীৰে এক ব্যাপক আন্দোলন গঢ়ি উঠিছে। ইফালে পত্নী গৰিমা শইকীয়া গাৰ্গসহ জুবিন গাৰ্গৰ পৰিয়ালেও প্ৰতিদিনেই সামাজিক মাধ্যম যোগে সঠিক তদন্ত আৰু ন্যায়ৰ দাবী তুলিছে। ৰাজ্যজুৰি উত্থাপন হোৱা ন্যায়ৰ দাবীৰ এই আন্দোলনে দেওবাৰে নিশা প্ৰয়াত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত শক্তিশালী ৰূপ লয়।
প্ৰয়াত শিল্পীগৰাকীৰ সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত দেওবাৰে নিশা হাজাৰ হাজাৰ লোক সমবেত হয়। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমবেত লোকসকলে সমস্বৰে তোলে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত সম্পূৰ্ণ স্বচ্ছ কৰি তোলাৰো দাবী তুলিছে সমবেত প্ৰতিজন লোকে।
ৰাজ্যৰ ভিন্ন স্থানৰ পৰা অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত হোৱা লোকসকলে সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ বাবে ন্যায়ৰ বাহিৰে আন একো নিবিচাৰে বুলি স্পষ্টকৈ উল্লেখ কৰে। জুবিন গাৰ্গৰ ন্যায় বাবে মৰিবলৈও সাজু বুলিও হুংকাৰ দিয়ে একাংশ লোকে। ন্যায়ৰ পৰা বঞ্চিত হ’লে অসম মনে মনে নাথাকিব বুলি স্পষ্ট কৰি দিয়ে উপস্থিত লোকসকলে।
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী প্ৰতিজন লোককে আইন অনুসাৰে শাস্তি প্ৰদান নকৰিলে অসমে কেতিয়াও ক্ষমা নকৰে বুলিও উল্লেখ কৰে তেওঁলোকে। ইফালে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত জয়ী হ’লে সুলভ মূল্যত মিঠাতেল যোগান ধৰা হ’ব বুলি কৰা মন্তব্য সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এগৰাকী ব্যক্তিয়ে।
সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা এই ব্যক্তিজনৰ স্পষ্ট মত, “আমি মুখ্যমন্ত্ৰীৰ পৰা তেল নিবিচাৰো। আমি সৰিয়হৰ খেতি কৰি নিজৰ তেল নিজে বনাব পাৰোঁ।” তেওঁ লগতে ‘আমি কেৱল জুবিন দাৰ ন্যায় বিচাৰোঁ’ বুলি মন্তব্য কৰি দোষীক শাস্তি নিদিলে ৰাইজে যুঁজ বন্ধ নকৰে বুলি হুংকাৰ দিয়ে।
প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত সঠিক উত্তৰ নোপোৱালৈকে ন্যায়ৰ দাবীৰ এই আন্দোলনৰ অন্ত নপৰে বুলিও হুংকাৰ দিয়ে সমবেত লোকসকলে। জনসাধাৰণৰ এনে ব্যাপক প্ৰতিবাদৰ সমান্তৰালকৈ চিআইডিয়ে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে।